--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ  ৬ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছিল। কিন্তু এতিয়া বিয়াৰ তাৰিখ পিছুৱাই দিয়া হৈছে। দম্পতীহালৰ বিবাহ উৎসৱৰ তাৰিখত কিছু পৰিৱৰ্তনৰ খবৰ পোৱা গৈছে। 

আনহাতে এতিয়ালৈকে বহু  তাৰকা তেওঁলোকৰ বিয়াত উপস্থিত হৈছে। কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ বিয়া খনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে৷  তেওঁলোক দুয়োৰে ৰাজকীয়  বিবাহৰ খবৰে বহুতকে আকৰ্ষণ কৰিছে৷ । একে সময়তে তেওঁলোকৰ বিবাহৰ বিষয়ে বিশেষ খবৰ আহিছে৷  তথ্য অনুসৰি কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহ ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয়। 


তেওঁলোকৰ  বিবাহ ৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ৭ ফেব্ৰুৱাৰীতহে হ’ব বুলি খবৰ পোৱা গৈছে৷  ৰাজস্থানৰ জয়ছলমেৰৰ সূৰ্যগড় প্ৰাসাদত ৫ ফেব্ৰুৱাৰীৰ পৰাই  কিয়াৰা আৰু সিদ্ধাৰ্থৰ প্ৰাক বিবাহ অনুষ্ঠান আৰম্ভ হৈছে। ৫ ফেব্ৰুৱাৰীত কেৱল মেহেন্দি অনুষ্ঠান  অনুষ্ঠিত হৈছে।৭ ফেব্ৰুৱাৰীত বিবাহৰ লগতে  অনুষ্ঠিত হ'ব  বিশাল পাৰ্টি।


 দম্পতীহালে ১২ ফেব্ৰুৱাৰীত মুম্বাইত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব। আম্বানী পৰিয়ালৰ পৰা আৰম্ভ কৰি বলীউডৰ  বহু তাৰকাই কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিয়াত উপস্থিত হ'বলৈ জয়ছলমেৰত উপস্থিত হৈছে। কৰণ জোহৰ, শ্বাহিদ কাপুৰ, মীৰা ৰাজপুত, শ্বিনা খানৰ দৰে বহু অভিনেত্ৰী  বিবাহস্থলীত উপস্থিত হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু