--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সময়ৰ বুকুত বহু দশক পাৰ হৈ গ’ল, কিন্তু এই চকীখনে আজিও কঢ়িয়াই ফুৰিছে ৰূপকোঁৱৰৰ অমিয়া সৃষ্টিৰ সুবাস।

ডিজিটেল ডেস্ক: অসমৰ চলচ্চিত্ৰ, সংগীত, নাটক আৰু সাহিত্যৰ এক গৌৰৱোজ্জ্বল ইতিহাস বুকুত সাবটি আজিও সগৌৰৱে আছে এখন ঐতিহাসিক চকী। গহপুৰৰ গমিৰিৰ বেবেজীয়া গাঁৱৰ উদয় চন্থলীয়াৰ ঘৰত অতি সযতনে সংৰক্ষণ কৰি ৰখা হৈছে অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদ। এইখন কোনো সাধাৰণ চকী নহয়, ই হৈছে অসমীয়া কলা-সংস্কৃতিৰ কাণ্ডাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা ঐতিহাসিক আসন।


সময়ৰ বুকুত বহু দশক পাৰ হৈ গ’ল, কিন্তু এই চকীখনে আজিও কঢ়িয়াই ফুৰিছে ৰূপকোঁৱৰৰ অমিয়া সৃষ্টিৰ সুবাস। এই চকীখনত বহিয়েই জ্যোতিপ্ৰসাদে ৰচনা কৰিছিল ইখনৰ পিছত সিখন কালজয়ী নাটক, সৃষ্টি কৰিছিল যুগজয়ী গীতৰ। ইয়াতেই বহি তেওঁ অসমীয়া সমাজখনক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ বাবে গভীৰ চিন্তা-চৰ্চা কৰিছিল।


এই চকীখন কেৱল কাঠেৰে নিৰ্মিত এখন আসন নহয়; ই হৈছে অসমৰ শিল্প-চেতনা আৰু ঐতিহ্যৰ এক জীৱন্ত দলিল। ৰূপকোঁৱৰৰ সৃষ্টিশীলতাৰ বাস্তৱ সাক্ষী হৈ ৰোৱা এই ঐতিহাসিক চকীখন অসমীয়া জাতিৰ বাবে এক সম্পদ। ই নতুন প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ অতুলনীয় অৱদান, ত্যাগ আৰু মহান ব্যক্তিত্বৰ কথা সোঁৱৰাই দিয়ে। গমিৰিৰ এই পৰিয়ালটোৱে চকীখনক যিদৰে আজিও সুন্দৰকৈ ৰাখিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ