--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সময়ৰ বুকুত বহু দশক পাৰ হৈ গ’ল, কিন্তু এই চকীখনে আজিও কঢ়িয়াই ফুৰিছে ৰূপকোঁৱৰৰ অমিয়া সৃষ্টিৰ সুবাস।

ডিজিটেল ডেস্ক: অসমৰ চলচ্চিত্ৰ, সংগীত, নাটক আৰু সাহিত্যৰ এক গৌৰৱোজ্জ্বল ইতিহাস বুকুত সাবটি আজিও সগৌৰৱে আছে এখন ঐতিহাসিক চকী। গহপুৰৰ গমিৰিৰ বেবেজীয়া গাঁৱৰ উদয় চন্থলীয়াৰ ঘৰত অতি সযতনে সংৰক্ষণ কৰি ৰখা হৈছে অসমীয়া সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদ। এইখন কোনো সাধাৰণ চকী নহয়, ই হৈছে অসমীয়া কলা-সংস্কৃতিৰ কাণ্ডাৰী, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ব্যৱহাৰ কৰা ঐতিহাসিক আসন।


সময়ৰ বুকুত বহু দশক পাৰ হৈ গ’ল, কিন্তু এই চকীখনে আজিও কঢ়িয়াই ফুৰিছে ৰূপকোঁৱৰৰ অমিয়া সৃষ্টিৰ সুবাস। এই চকীখনত বহিয়েই জ্যোতিপ্ৰসাদে ৰচনা কৰিছিল ইখনৰ পিছত সিখন কালজয়ী নাটক, সৃষ্টি কৰিছিল যুগজয়ী গীতৰ। ইয়াতেই বহি তেওঁ অসমীয়া সমাজখনক প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ বাবে গভীৰ চিন্তা-চৰ্চা কৰিছিল।


এই চকীখন কেৱল কাঠেৰে নিৰ্মিত এখন আসন নহয়; ই হৈছে অসমৰ শিল্প-চেতনা আৰু ঐতিহ্যৰ এক জীৱন্ত দলিল। ৰূপকোঁৱৰৰ সৃষ্টিশীলতাৰ বাস্তৱ সাক্ষী হৈ ৰোৱা এই ঐতিহাসিক চকীখন অসমীয়া জাতিৰ বাবে এক সম্পদ। ই নতুন প্ৰজন্মক জ্যোতিপ্ৰসাদ আগৰৱালাৰ অতুলনীয় অৱদান, ত্যাগ আৰু মহান ব্যক্তিত্বৰ কথা সোঁৱৰাই দিয়ে। গমিৰিৰ এই পৰিয়ালটোৱে চকীখনক যিদৰে আজিও সুন্দৰকৈ ৰাখিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু