ডিজিটেল ডেস্ক : কৰৰ বোজাৰ বাবেই সাধাৰণ মানুহৰ ব্যয়সাধ্যতাৰ বাহিৰলৈ যোৱাৰ উপক্ৰম ঘটিছে পেট্ৰ’ল-ডিজেল। কেন্দ্ৰীয় চৰকাৰে এই দুবিধ অত্যাৱশ্যকীয় ইন্ধনৰ ওপৰত আৰোপিত কৰ বৃদ্ধি কৰি গৈ থকাৰ ফলতে ইয়াৰ দামে আকাশলংঘী ৰূপ লাভ কৰিছে। এই তথ্য খোদ কেন্দ্ৰীয় চৰাকাৰেই প্ৰকাশ কৰিছে। ৰাজ্যসভাত পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত কৰৰ সবিশেষ দাঙি ধৰি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
কেন্দ্ৰীয় চৰকাৰে বিগত ৩ বছৰত পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত কৰৰ পৰা ৮লাখ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।
মঙলবাৰে সংসদত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মৱা সীতাৰমণে। মুঠ ৮লাখ কোটি টকাৰ ভিতৰত ৩.৭১লাখ কোটিৰো অধিক সংগ্ৰহ কৰিছে ২০২০-২১চনৰ ভিতৰতে। ৰাজ্যসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য সদৰি কৰে সীতাৰমণে। পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ ফলতে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে। ২০১৮চনৰ ৫ অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮টকা আৰু তাৰ বিপৰীতে ২০২১চনৰ ৪নৱেম্বৰত এই শুল্কৰ পৰিমাণ হৈছে ২৭.৯০টকা।
ডিজেলৰ ক্ষেত্ৰত এই শুল্ক এই সময়ছোৱাত ১৫.৩৩ টকাৰ পৰা ২১.৮০টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে ইন্ধনৰ দামৰ আবকাৰী শুল্ক বৃদ্ধিৰ সবিশেষ উল্লেখ কৰি এই তথ্য দাঙি ধৰে। তেওঁ সদৰি কৰা তথ্য অনুসৰি ২০১৮চনৰ ৫ অক্টোবৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮ টকা, ২০১৯চনৰ ৬জুলাইত ই হৈছিল ১৭.৯৮টকা। আনহাতে এই সময়ছোৱাত ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হৈছিল ১৫.৩৩টকাৰ পৰা ১৩.৮৩টকালৈ।
কিন্তু তাৰ পাছতে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক ২০২১চনৰ ২ ফেব্ৰুৱাৰীলৈ ক্ৰমাগতভাৱে বৃদ্ধি পায় আৰু ই হয়গৈ ক্ৰমে ৩২.৯৮টকা আৰু ৩১.৮৩টকা। এই বছৰৰ ৪ নৱেম্বৰত ই সামান্য হ্ৰাস পা আৰু প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক হয়গৈ ২৭.৯০টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ আবকাৰী শুল্ক হয়গৈ ২১.৮০টকা।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ‘পেট্ৰ’ল আৰু ডিজেলৰ পৰা উপকৰসহ বিগত ৩ বছৰত কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহৰ হিচাপ হৈছে ২০১৯-১৯ত ২,১০২৮২কোটি, ২০১৯-২০ত ২,১৯,৭৫০কোটি আৰু ২০২০-২১ত ৩,৭১,৯০৮কোটি।’