--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কৰৰ বোজাৰ বাবেই সাধাৰণ মানুহৰ ব্যয়সাধ্যতাৰ বাহিৰলৈ যোৱাৰ উপক্ৰম ঘটিছে পেট্ৰ’ল-ডিজেল। কেন্দ্ৰীয় চৰকাৰে এই দুবিধ অত্যাৱশ্যকীয় ইন্ধনৰ ওপৰত আৰোপিত কৰ বৃদ্ধি কৰি গৈ থকাৰ ফলতে ইয়াৰ দামে আকাশলংঘী ৰূপ লাভ কৰিছে। এই তথ্য খোদ কেন্দ্ৰীয় চৰাকাৰেই প্ৰকাশ কৰিছে। ৰাজ্যসভাত পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত কৰৰ সবিশেষ দাঙি ধৰি এই তথ্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
কেন্দ্ৰীয় চৰকাৰে বিগত ৩ বছৰত পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপিত কৰৰ পৰা ৮লাখ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

মঙলবাৰে সংসদত এই তথ্য সদৰি কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মৱা সীতাৰমণে। মুঠ ৮লাখ কোটি টকাৰ ভিতৰত ৩.৭১লাখ কোটিৰো অধিক সংগ্ৰহ কৰিছে ২০২০-২১চনৰ ভিতৰতে। ৰাজ্যসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ লিখিত উত্তৰ দি এই তথ্য সদৰি কৰে সীতাৰমণে। পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক বৃদ্ধি হোৱাৰ ফলতে এই বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে কেন্দ্ৰীয় চৰকাৰে। ২০১৮চনৰ ৫ অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮টকা আৰু তাৰ বিপৰীতে ২০২১চনৰ ৪নৱেম্বৰত এই শুল্কৰ পৰিমাণ হৈছে ২৭.৯০টকা।

ডিজেলৰ ক্ষেত্ৰত এই শুল্ক এই সময়ছোৱাত ১৫.৩৩ টকাৰ পৰা ২১.৮০টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে ইন্ধনৰ দামৰ আবকাৰী শুল্ক বৃদ্ধিৰ সবিশেষ উল্লেখ কৰি এই তথ্য দাঙি ধৰে। তেওঁ সদৰি কৰা তথ্য অনুসৰি ২০১৮চনৰ ৫ অক্টোবৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক আছিল ১৯.৪৮ টকা, ২০১৯চনৰ ৬জুলাইত ই হৈছিল ১৭.৯৮টকা। আনহাতে এই সময়ছোৱাত ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস হৈছিল ১৫.৩৩টকাৰ পৰা ১৩.৮৩টকালৈ।

কিন্তু তাৰ পাছতে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক ২০২১চনৰ ২ ফেব্ৰুৱাৰীলৈ ক্ৰমাগতভাৱে বৃদ্ধি পায় আৰু ই হয়গৈ ক্ৰমে ৩২.৯৮টকা আৰু ৩১.৮৩টকা। এই বছৰৰ ৪ নৱেম্বৰত ই সামান্য হ্ৰাস পা আৰু প্ৰতি লিটাৰ পেট্ৰ’লৰ আবকাৰী শুল্ক হয়গৈ ২৭.৯০টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ আবকাৰী শুল্ক হয়গৈ ২১.৮০টকা।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, ‘পেট্ৰ’ল আৰু ডিজেলৰ পৰা উপকৰসহ বিগত ৩ বছৰত কেন্দ্ৰীয় আবকাৰী শুল্ক সংগ্ৰহৰ হিচাপ হৈছে ২০১৯-১৯ত ২,১০২৮২কোটি, ২০১৯-২০ত ২,১৯,৭৫০কোটি আৰু ২০২০-২১ত ৩,৭১,৯০৮কোটি।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?