--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে নাগৰিকত্ব সংশোধনী আইন (চিএএ) সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰে। তেওঁ কয়  যে কা কাৰ্যকৰী কৰাৰ অধিসূচনা লোকসভা নিৰ্বাচনৰ আগতে জাৰি কৰা হ'ব। অমিত শ্বাহে ইয়াৰ পূৰ্বেও দেশত কা বলবৎ কৰা হ’ব বুলি বহুবাৰ ঘোষণা কৰিছিল।

যোৱা বছৰ ডিচেম্বৰ মাহত তেওঁৰ বংগ ভ্ৰমণৰ সময়ত  দাবী কৰিছিল যে কোনেও কাৰ   কাৰ্যকৰীকৰণ বন্ধ কৰিব নোৱাৰে। গৃহমন্ত্ৰীৰ বক্তব্যৰ পিছতে  বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে অমিত শ্বাহে কাৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰি আহিছে।চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এই পদক্ষেপৰ  বেছিভাগ কাম মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত সম্পূৰ্ণ হ'ব বুলি শ্বাহে মন্তব্য কৰিছে। একে সময়তে এক ৰাষ্ট্ৰ, এক নিৰ্বাচন সন্দৰ্ভত চলি থকা আলোচনাৰ বিষয়তো  তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ বাবে  ৰামনাথ কোবিন্দ সমিতি গঠন কৰিছে। সমিতিয়ে লোকসভা নিৰ্বাচন ২০২৪ ৰ পূৰ্বে মাৰ্চ মাহত এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ বিষয়ে  প্ৰতিবেদন দাখিল কৰিব।

এই মাহৰ আৰম্ভণিতেও শ্বাহে  কৈছিল যে লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ আগতে কাৰ নিয়মসমূহৰ বিষয়ে  জাননী প্ৰকাশ কৰা হ'ব। ইয়াৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা প্ৰব্ৰজনকাৰী সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব। কাৰ অধীনত নাগৰিকত্ব প্ৰদানৰ বাবে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা এটা অনলাইন প্ৰণালী প্ৰবৰ্তন কৰাৰ কথাও চিন্তা কৰা হৈছে। 

উল্লেখ্য বংগত অমিত শ্বাহে কৈছিল 'নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে',৷ তেওঁ  মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইন খনকলৈ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী আইন  সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰবাৰ  স্পষ্ট কৰিছিল৷ তেওঁ কৈছিল  "নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’’।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল  যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) ৰূপায়ণ কোনেও বন্ধ কৰিব নোৱাৰে, কিয়নো ই দেশৰ আইন। তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিষয়টোত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ'চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ এক ৰুদ্ধদ্বাৰ  বৈঠকত ভাষণ দি শ্বাহে কৈছিল যে কা  ৰূপায়ণ হৈছে দলটোৰ প্ৰতিশ্ৰুতি।

অমিত শ্বাহে বিশ্বাস ব্যক্ত কৰি আহিছে   যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল। 
  উল্লেখ্য নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে মোদীয়েই হওঁক বা শ্বাহেই হওঁক, বংগ প্ৰতিবাৰেই মমতাক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ মূলতঃ বংগৰ হিন্দু বঙালী ভোটাৰক আকৃষ্ট কৰাৰ বাবেই বিজেপিয়ে বংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটো সঘনাই উচ্চাৰণ কৰি আহিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ ইয়াৰ পূৰ্বেও  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ  ধৰ্মতলাত এক ৰেলীত  চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কৈছিল  যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো  বন্ধ কৰিব নোৱাৰে।

বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত   নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷  বিজেপি ক্ষমতালৈ  অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে  সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত  পেলাই ৰখা হৈছিল৷  

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 

উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইনখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। মমতাৰ এনে স্থিতিৰ বিপৰীতে অমিত শ্বাহে কয় "টিএমচিয়ে ৰাজ্যখনত অনুপ্ৰৱেশৰ বাবে উচটনি  দি আহিছে। সেই কাৰণে মমতাই চিএএ কাৰ্যকৰী কৰিব নিবিচাৰে। কিন্তু এয়া  দিল্লীৰ আইন। আনকি কোনোবাই  চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে’’। অমিত শ্বাহে লগতে  কৈছিল, "এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে। শৰণাৰ্থীসকলৰ অধিকাৰো সমানেই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু