--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকক ভগৱানৰ দ্বিতীয় ৰূপ বুলি কোৱা হয়। কাৰণ তেওঁলোকে মানুহৰ জীৱন ৰক্ষা কৰে বা মৃত্যুমুখৰ পৰা উভতাই আনে। মৃত্যুৰ সৈতে যুঁজি থকা মানুহে জীৱনৰ শেষ আশা হাস্পতালতে দেখা পায়। কিন্তু একাংশ চিকিৎসকৰ কার্যৰ বাবে চিকিৎসা বৃত্তি আৰু চিকিৎসালয় দুয়ো কেতিয়াবা বদনামী হৈ পৰে৷ 

শেহতীয়াকৈ কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ এখন চিকিৎসালয়ত ঘটিছে এক ঘটনা। ইয়াত এজন চিকিৎসকে নিজৰ হ’বলগীয়া পত্নীৰ সৈতে চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰৰ অপব্যৱহাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ প্ৰশাসনে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

ঘটনা অনুসৰি কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ এখন চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰৰ ভিতৰত এজন চিকিৎসকে তেওঁৰ হবলগীয়া পত্নীৰ সৈতে প্ৰি-ৱেডিং ফটোশ্বুট কৰিছিল। অপাৰেচন থিয়েটাৰৰ ভিতৰত কৰা প্ৰি-ৱেডিং শ্বুটিঙৰ কিছু ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। এই কথাত ক্ষুব্ধ হৈ প্ৰশাসনে চিকিৎসকজনক সেৱাৰ পৰা বৰ্খাস্ত কৰে।

ভৰমসাগৰ অঞ্চলৰ জিলা চিকিৎসালয়ত ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকা ডাঃ অভিষেকে অপাৰেচন থিয়েটাৰত অপাৰেচন ইনষ্ট্ৰুমেণ্ট লৈ প্ৰি ৱেডিংৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল। কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয় যে চিত্ৰদুৰ্গাৰ ভৰমসাগৰ চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰত প্ৰি ৱেডিং ফটোশ্বুট কৰা চিকিৎসকজনক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।

চৰকাৰী চিকিৎসালয়ত যাতে এনে অসৎ আচৰণ নহয় তাৰ বাবে সংশ্লিষ্ট চিকিৎসক আৰু কৰ্মচাৰীসকলক সাৱধান হ’বলৈ ইতিমধ্যে নিৰ্দেশ দিছে বুলিও তেওঁ কয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ