--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিকিৎসকক ভগৱানৰ দ্বিতীয় ৰূপ বুলি কোৱা হয়। কাৰণ তেওঁলোকে মানুহৰ জীৱন ৰক্ষা কৰে বা মৃত্যুমুখৰ পৰা উভতাই আনে। মৃত্যুৰ সৈতে যুঁজি থকা মানুহে জীৱনৰ শেষ আশা হাস্পতালতে দেখা পায়। কিন্তু একাংশ চিকিৎসকৰ কার্যৰ বাবে চিকিৎসা বৃত্তি আৰু চিকিৎসালয় দুয়ো কেতিয়াবা বদনামী হৈ পৰে৷ 

শেহতীয়াকৈ কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ এখন চিকিৎসালয়ত ঘটিছে এক ঘটনা। ইয়াত এজন চিকিৎসকে নিজৰ হ’বলগীয়া পত্নীৰ সৈতে চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰৰ অপব্যৱহাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ প্ৰশাসনে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

ঘটনা অনুসৰি কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ এখন চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰৰ ভিতৰত এজন চিকিৎসকে তেওঁৰ হবলগীয়া পত্নীৰ সৈতে প্ৰি-ৱেডিং ফটোশ্বুট কৰিছিল। অপাৰেচন থিয়েটাৰৰ ভিতৰত কৰা প্ৰি-ৱেডিং শ্বুটিঙৰ কিছু ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। এই কথাত ক্ষুব্ধ হৈ প্ৰশাসনে চিকিৎসকজনক সেৱাৰ পৰা বৰ্খাস্ত কৰে।

ভৰমসাগৰ অঞ্চলৰ জিলা চিকিৎসালয়ত ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকা ডাঃ অভিষেকে অপাৰেচন থিয়েটাৰত অপাৰেচন ইনষ্ট্ৰুমেণ্ট লৈ প্ৰি ৱেডিংৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল। কৰ্ণাটকৰ স্বাস্থ্যমন্ত্ৰী দীনেশ গুণ্ডু ৰাৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয় যে চিত্ৰদুৰ্গাৰ ভৰমসাগৰ চৰকাৰী চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰত প্ৰি ৱেডিং ফটোশ্বুট কৰা চিকিৎসকজনক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছে।

চৰকাৰী চিকিৎসালয়ত যাতে এনে অসৎ আচৰণ নহয় তাৰ বাবে সংশ্লিষ্ট চিকিৎসক আৰু কৰ্মচাৰীসকলক সাৱধান হ’বলৈ ইতিমধ্যে নিৰ্দেশ দিছে বুলিও তেওঁ কয়

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু