--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ১৫ এপ্ৰিলৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত থাকিব লাগিব নে দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত সকাহ পাব সেই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে কৰিব। হয়, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি এতিয়া আগন্তুক সোমবাৰ অৰ্থাৎ ১৫ এপ্ৰিলত গ্ৰহণ কৰা হ’ব। দুজন ন্যায়াধীশৰ বিচাৰপীঠে মুখ্যমন্ত্ৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।


আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিৰ গ্ৰেপ্তাৰৰ বৈধতা প্ৰদান কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে কেজৰিৱালে।


একেদিনাই ৰাউজ এভিনিউ আদালততো এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰীৰ ন্যায়িক জিম্মাও ১৫ এপ্ৰিলত শেষ হ’ব, গতিকে সেইদিনা মুখ্যমন্ত্ৰীক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰা হ’ব আৰু জামিন মঞ্জুৰ কৰাৰ দাবীও থাকিব পাৰে।

এইদৰে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল কেজৰিৱালৰ যুক্তি।  ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচনৰ সময়ত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা বুলি কোৱা যুক্তিও উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।

কেজৰিৱালৰ হৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে বুধবাৰে নিজেই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰাৰ লগতে আদালতক বিষয়টো শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈও অনুৰোধ জনোৱা হয়।

আপে দাবী কৰে যে, তথাকথিত সুৰা কেলেংকাৰী কেজৰিৱাল আৰু তেওঁৰ দলটোক নিৰ্মূল কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ। এই গোচৰত উচ্চতম ন্যায়ালয়ে দলৰ নেতা সঞ্জয় সিঙক জামিন দিয়াৰ দৰেই অৰবিন্দ কেজৰিৱালকো সকাহ দিব বুলি কয় আপৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে। লগতে উচ্চ ন্যায়ালয়ৰ আদেশৰ সৈতে তেওঁলোক একমত নহয় আৰু ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও উল্লেখ কৰে।

ভৰদ্বাজে কয় যে, তথাকথিত আবকাৰী নীতি গোচৰত ইডি আৰু চিবিআয়ে অবৈধ ধন জব্দ কৰাত ব্যৰ্থ হৈছে।গোটেই বিষয়টো ধন সৰবৰাহৰ সৈতে জড়িত নহয়, বৰঞ্চ ই দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ। দিল্লী আৰু পঞ্জাৱত অৰবিন্দ কেজৰিৱাল আৰু আপ চৰকাৰক চেপি ধ্বংস কৰাৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে সৌৰভ ভৰদ্বাজে।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ গোচৰত চলিত বৰ্ষৰ ২১মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ