--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ১৫ এপ্ৰিলৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জেলত থাকিব লাগিব নে দিল্লী আবকাৰী নীতি কেলেংকাৰী গোচৰত সকাহ পাব সেই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ে কৰিব। হয়, উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ শুনানি এতিয়া আগন্তুক সোমবাৰ অৰ্থাৎ ১৫ এপ্ৰিলত গ্ৰহণ কৰা হ’ব। দুজন ন্যায়াধীশৰ বিচাৰপীঠে মুখ্যমন্ত্ৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।


আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ইডিৰ গ্ৰেপ্তাৰৰ বৈধতা প্ৰদান কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে কেজৰিৱালে।


একেদিনাই ৰাউজ এভিনিউ আদালততো এই গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰীৰ ন্যায়িক জিম্মাও ১৫ এপ্ৰিলত শেষ হ’ব, গতিকে সেইদিনা মুখ্যমন্ত্ৰীক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰা হ’ব আৰু জামিন মঞ্জুৰ কৰাৰ দাবীও থাকিব পাৰে।

এইদৰে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল কেজৰিৱালৰ যুক্তি।  ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবে নিৰ্বাচনৰ সময়ত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা বুলি কোৱা যুক্তিও উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।

কেজৰিৱালৰ হৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে বুধবাৰে নিজেই উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰাৰ লগতে আদালতক বিষয়টো শীঘ্ৰে শুনানি গ্ৰহণ কৰিবলৈও অনুৰোধ জনোৱা হয়।

আপে দাবী কৰে যে, তথাকথিত সুৰা কেলেংকাৰী কেজৰিৱাল আৰু তেওঁৰ দলটোক নিৰ্মূল কৰাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ। এই গোচৰত উচ্চতম ন্যায়ালয়ে দলৰ নেতা সঞ্জয় সিঙক জামিন দিয়াৰ দৰেই অৰবিন্দ কেজৰিৱালকো সকাহ দিব বুলি কয় আপৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে। লগতে উচ্চ ন্যায়ালয়ৰ আদেশৰ সৈতে তেওঁলোক একমত নহয় আৰু ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও উল্লেখ কৰে।

ভৰদ্বাজে কয় যে, তথাকথিত আবকাৰী নীতি গোচৰত ইডি আৰু চিবিআয়ে অবৈধ ধন জব্দ কৰাত ব্যৰ্থ হৈছে।গোটেই বিষয়টো ধন সৰবৰাহৰ সৈতে জড়িত নহয়, বৰঞ্চ ই দেশৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ষড়যন্ত্ৰ। দিল্লী আৰু পঞ্জাৱত অৰবিন্দ কেজৰিৱাল আৰু আপ চৰকাৰক চেপি ধ্বংস কৰাৰ ষড়যন্ত্ৰ বুলিও অভিযোগ কৰে সৌৰভ ভৰদ্বাজে।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰীৰ গোচৰত চলিত বৰ্ষৰ ২১মাৰ্চত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু