--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি মাত্ৰাত চেনি, ক্ষতিকাৰক ৰং থকাৰ বাবেই এতিয়া কেন্দ্ৰীয় চৰকাৰে বহুতৰে পৰিচিত এবিধ পুষ্টিকৰ পানীয়ক 'হেল্থ ড্ৰিংকছ' শ্ৰেণীৰ পৰা আঁতৰাইছে। এক গুৰুত্বপূৰ্ণ নিৰ্দেশত  কেন্দ্ৰই সকলো ই-কমাৰ্চ কোম্পানীক বৰ্ণভিটাক 'স্বাস্থ্যকৰ পানীয়' শ্ৰেণীৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে বৰ্ণভিটাক কোম্পানীসমূহে নিজৰ  পৰ্টেলত 'হেল্থ ড্ৰিংকছ' শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব নালাগে। 

প্ৰশ্ন উত্থাপিত হয় কেন্দ্ৰই কিয় এনে পদক্ষেপ গ্ৰহণ কৰিলে ? বহু পূৰ্বেই  বৰ্ণভিটাত চেনিৰ স্তৰ সম্পৰ্কে কেইবাটাও অভিযোগ উঠিছিল । ইয়াৰ পিছতে  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে  বিষয়টো তদন্ত কৰিছিল। অনুসন্ধানত পোৱা গৈছিল যে বৰ্ণভিটাত চেনিৰ স্তৰ  গ্ৰহণযোগ্য স্তৰৰ ওপৰত আছে । তাৰ পিছতে  কেন্দ্ৰই পানীয় বিধৰ বিৰুদ্ব্যধে ৱস্থা গ্ৰহণ কৰিলে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) চিআৰপিচি আইন, ২০০৫ৰ ধাৰা ১৪ -ৰ অধীনত তদন্ত চলাইছিল। অনুসন্ধানত পোৱা গৈছিল যে বৰ্ণভিটাত অত্যাধিক চেনি থাকে। ইয়াৰ পূৰ্বে, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণক (এফএছএছএআই) ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) স্বাস্থ্যকৰ  পানীয়ৰ নিয়ম উলংঘা কৰা কোম্পানীবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কৈছিল। নিয়ন্ত্ৰক সংস্থাৰ মতে, দেশৰ খাদ্য আইনত 'স্বাস্থ্যকৰ পানীয়'ৰ সংজ্ঞা দিয়া হোৱা নাই। ইফালে, এজন ইউটিউবাৰে প্ৰথমে বৰ্ণভিটাত শৰ্কৰাৰ স্তৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ দাবী কৰিছিল  যে স্বাস্থ্যকৰ পানীয়ৰ অধীনত থকা এই বৰ্ণভিটাত অত্যধিক চেনী আছে। লগতে এইবুলিও  অভিযোগ কৰা হৈছিল যে এই পানীয়ত অতিৰিক্ত কোকো, ক্ষতিকাৰক ৰং থাকে।মন কৰিব যে  কেৱল বৰ্ণভিটাই  নহয়,  কেন্দ্ৰই আন  বহুতো পানীয়ক আৰু স্বাস্থ্যকৰ পানীয় হিচাপে শ্ৰেণীবদ্ধ কৰিব নোৱাৰি বুলি কৈছে। তেওঁলোকে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে আৰু ই-কমাৰ্চ কোম্পানীসমূহক বিষয়টো অৱগত কৰিছে। এই বিবৃতিটো বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জাৰি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ