--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি মাত্ৰাত চেনি, ক্ষতিকাৰক ৰং থকাৰ বাবেই এতিয়া কেন্দ্ৰীয় চৰকাৰে বহুতৰে পৰিচিত এবিধ পুষ্টিকৰ পানীয়ক 'হেল্থ ড্ৰিংকছ' শ্ৰেণীৰ পৰা আঁতৰাইছে। এক গুৰুত্বপূৰ্ণ নিৰ্দেশত  কেন্দ্ৰই সকলো ই-কমাৰ্চ কোম্পানীক বৰ্ণভিটাক 'স্বাস্থ্যকৰ পানীয়' শ্ৰেণীৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে যে বৰ্ণভিটাক কোম্পানীসমূহে নিজৰ  পৰ্টেলত 'হেল্থ ড্ৰিংকছ' শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব নালাগে। 

প্ৰশ্ন উত্থাপিত হয় কেন্দ্ৰই কিয় এনে পদক্ষেপ গ্ৰহণ কৰিলে ? বহু পূৰ্বেই  বৰ্ণভিটাত চেনিৰ স্তৰ সম্পৰ্কে কেইবাটাও অভিযোগ উঠিছিল । ইয়াৰ পিছতে  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে  বিষয়টো তদন্ত কৰিছিল। অনুসন্ধানত পোৱা গৈছিল যে বৰ্ণভিটাত চেনিৰ স্তৰ  গ্ৰহণযোগ্য স্তৰৰ ওপৰত আছে । তাৰ পিছতে  কেন্দ্ৰই পানীয় বিধৰ বিৰুদ্ব্যধে ৱস্থা গ্ৰহণ কৰিলে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) চিআৰপিচি আইন, ২০০৫ৰ ধাৰা ১৪ -ৰ অধীনত তদন্ত চলাইছিল। অনুসন্ধানত পোৱা গৈছিল যে বৰ্ণভিটাত অত্যাধিক চেনি থাকে। ইয়াৰ পূৰ্বে, ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণক (এফএছএছএআই) ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) স্বাস্থ্যকৰ  পানীয়ৰ নিয়ম উলংঘা কৰা কোম্পানীবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কৈছিল। নিয়ন্ত্ৰক সংস্থাৰ মতে, দেশৰ খাদ্য আইনত 'স্বাস্থ্যকৰ পানীয়'ৰ সংজ্ঞা দিয়া হোৱা নাই। ইফালে, এজন ইউটিউবাৰে প্ৰথমে বৰ্ণভিটাত শৰ্কৰাৰ স্তৰ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁ দাবী কৰিছিল  যে স্বাস্থ্যকৰ পানীয়ৰ অধীনত থকা এই বৰ্ণভিটাত অত্যধিক চেনী আছে। লগতে এইবুলিও  অভিযোগ কৰা হৈছিল যে এই পানীয়ত অতিৰিক্ত কোকো, ক্ষতিকাৰক ৰং থাকে।মন কৰিব যে  কেৱল বৰ্ণভিটাই  নহয়,  কেন্দ্ৰই আন  বহুতো পানীয়ক আৰু স্বাস্থ্যকৰ পানীয় হিচাপে শ্ৰেণীবদ্ধ কৰিব নোৱাৰি বুলি কৈছে। তেওঁলোকে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে আৰু ই-কমাৰ্চ কোম্পানীসমূহক বিষয়টো অৱগত কৰিছে। এই বিবৃতিটো বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে জাৰি কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু