--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি তিহাৰ কাৰাগাৰৰ আলহী হোৱা আফতাব পুনাৱালাই কাৰাগাৰৰ ভিতৰত কিদৰে সময় পাৰ কৰিছে, কৃতকৰ্মৰ বাবে তেওঁ অনুশোচনাত ভাগি পৰিছে নেকি? ইত্যাদি প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে। কিন্তু প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰাকৈ কটা আফতাবৰ মনত নাই কোনো অনুশোচনা। তেওঁ স্বাভাৱিক ভাবেই কাৰাগাৰৰ চেলত বাস কৰি আছে। সময় মতে উঠিছে, খাইছে...। কাৰাগাৰৰ ভিতৰত আফতাবে অকলে অকলেই দবা খেলিছে। এবাৰ যদি তেওঁ বগা গুটিৰ হৈ খেলে পিছৰ বাৰ তেওঁ ক’লা গুটিৰ হৈ খেলে। 

তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আফতাবে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক পঢ়িবলৈ উপন্যাস আৰু সাহিত্যৰ কিতাপ বিচাৰি অনুৰোধ জনাইছে । জানিব পৰা মতে কাৰাগাৰ কৰ্তৃপক্ষই  তেওঁৰ দাবীত সন্মত হৈছে আৰু তেওঁক কিতাপ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য আফতাবৰ চেলতে  চুৰিৰ গোচৰত অভিযুক্ত দুজন অপৰাধী  একেলগে আছে।   সেই অপৰাধী দুজনক আফতাবৰ ওপৰত  নজৰ ৰাখিবলৈ কাৰাগাৰ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। কিন্তু  আফতাবে সেই দুই অপৰাধীৰ সৈতে বেছি কথা নাপাতে বুলিও জানিব পৰা গৈছে। 

আফতাবে আন দুজন কয়েদীয়ে দবা খেলিলে   মনোযোগেৰে তেওঁলোকৰ খেল চায়। ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই আফতাবক ৰখা চেলৰ বাহিৰত  নিৰাপত্তা বৃদ্ধি কৰিছে আৰু তেওঁৰ চেলৰ  বাহিৰত এজন অতিৰিক্ত গাৰ্ড নিযুক্ত  কৰিছে। 

ইতিমধ্যে কৰা নাৰ্কো পৰীক্ষাত আফতাবে স্বীকাৰ কৰিছে যে তেওঁ তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল। পলিগ্ৰাফ পৰীক্ষাৰ পিছত,নাৰ্কো পৰীক্ষাতো আফতাবে  একেই স্বীকাৰোক্তি দিছে। আফতাব আমিন পুনাৱালাই এই কথাও  প্ৰকাশ কৰিছে যে তেওঁ হত্যাত ব্যৱহাৰ কৰা  অস্ত্ৰ ক'ত লুকুৱাই ৰাখিছে। দিল্লী  আৰক্ষীয়ে  এই কথা প্ৰকাশ কৰিছে।

দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুডাই সংবাদ মাধ্যমক কয় যে শেহতীয়াকৈ  আফতাবৰ নাৰ্কো পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। পৰীক্ষাৰ সময়ত আফতাবে স্বীকাৰোক্তি দিছে যে তেওঁৱেই শ্ৰদ্ধাক  হত্যা কৰিছিল।

আফতাবৰ স্বীকাৰোক্তি স্বত্বেও দিল্লী আৰক্ষীয়ে শ্ৰদ্ধাক হত্যা কৰাত ব্যৱহৃত  অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আফতাবৰ  স্বীকাৰোক্তিৰ সপক্ষে যদি প্ৰমাণ দিব পৰা নাযায়  তেন্তে সেয়া  আদালতত গ্ৰহণযোগ্য নহ'ব। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, আফতাবে নাৰ্কো পৰীক্ষাত  তেওঁ অস্ত্ৰ বিধ ক’ত লুকুৱাই ৰাখিছিল সেয়া প্ৰকাশ কৰিছে।  ইয়াৰ উপৰি তেওঁ শ্ৰদ্ধাৰ কাপোৰ আৰু হত্যাৰ পিছত তেওঁৰ মোবাইল ফোনটো ক'ত লুকুৱাই ৰাখিছিল সেই বিষয়েও তথ্য দিছে। কিন্তু আৰক্ষীয়ে সেইবোৰ একোৱেই বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু