--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি তিহাৰ কাৰাগাৰৰ আলহী হোৱা আফতাব পুনাৱালাই কাৰাগাৰৰ ভিতৰত কিদৰে সময় পাৰ কৰিছে, কৃতকৰ্মৰ বাবে তেওঁ অনুশোচনাত ভাগি পৰিছে নেকি? ইত্যাদি প্ৰশ্নই এতিয়া বহুতৰে মনত দোলা দিছে। কিন্তু প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰাকৈ কটা আফতাবৰ মনত নাই কোনো অনুশোচনা। তেওঁ স্বাভাৱিক ভাবেই কাৰাগাৰৰ চেলত বাস কৰি আছে। সময় মতে উঠিছে, খাইছে...। কাৰাগাৰৰ ভিতৰত আফতাবে অকলে অকলেই দবা খেলিছে। এবাৰ যদি তেওঁ বগা গুটিৰ হৈ খেলে পিছৰ বাৰ তেওঁ ক’লা গুটিৰ হৈ খেলে। 

তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে আফতাবে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষক পঢ়িবলৈ উপন্যাস আৰু সাহিত্যৰ কিতাপ বিচাৰি অনুৰোধ জনাইছে । জানিব পৰা মতে কাৰাগাৰ কৰ্তৃপক্ষই  তেওঁৰ দাবীত সন্মত হৈছে আৰু তেওঁক কিতাপ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। উল্লেখ্য আফতাবৰ চেলতে  চুৰিৰ গোচৰত অভিযুক্ত দুজন অপৰাধী  একেলগে আছে।   সেই অপৰাধী দুজনক আফতাবৰ ওপৰত  নজৰ ৰাখিবলৈ কাৰাগাৰ কৰ্তৃপক্ষই নিৰ্দেশ দিছে। কিন্তু  আফতাবে সেই দুই অপৰাধীৰ সৈতে বেছি কথা নাপাতে বুলিও জানিব পৰা গৈছে। 

আফতাবে আন দুজন কয়েদীয়ে দবা খেলিলে   মনোযোগেৰে তেওঁলোকৰ খেল চায়। ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই আফতাবক ৰখা চেলৰ বাহিৰত  নিৰাপত্তা বৃদ্ধি কৰিছে আৰু তেওঁৰ চেলৰ  বাহিৰত এজন অতিৰিক্ত গাৰ্ড নিযুক্ত  কৰিছে। 

ইতিমধ্যে কৰা নাৰ্কো পৰীক্ষাত আফতাবে স্বীকাৰ কৰিছে যে তেওঁ তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল। পলিগ্ৰাফ পৰীক্ষাৰ পিছত,নাৰ্কো পৰীক্ষাতো আফতাবে  একেই স্বীকাৰোক্তি দিছে। আফতাব আমিন পুনাৱালাই এই কথাও  প্ৰকাশ কৰিছে যে তেওঁ হত্যাত ব্যৱহাৰ কৰা  অস্ত্ৰ ক'ত লুকুৱাই ৰাখিছে। দিল্লী  আৰক্ষীয়ে  এই কথা প্ৰকাশ কৰিছে।

দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) সাগৰপ্ৰীত হুডাই সংবাদ মাধ্যমক কয় যে শেহতীয়াকৈ  আফতাবৰ নাৰ্কো পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে। পৰীক্ষাৰ সময়ত আফতাবে স্বীকাৰোক্তি দিছে যে তেওঁৱেই শ্ৰদ্ধাক  হত্যা কৰিছিল।

আফতাবৰ স্বীকাৰোক্তি স্বত্বেও দিল্লী আৰক্ষীয়ে শ্ৰদ্ধাক হত্যা কৰাত ব্যৱহৃত  অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আফতাবৰ  স্বীকাৰোক্তিৰ সপক্ষে যদি প্ৰমাণ দিব পৰা নাযায়  তেন্তে সেয়া  আদালতত গ্ৰহণযোগ্য নহ'ব। 

বিশেষ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি, আফতাবে নাৰ্কো পৰীক্ষাত  তেওঁ অস্ত্ৰ বিধ ক’ত লুকুৱাই ৰাখিছিল সেয়া প্ৰকাশ কৰিছে।  ইয়াৰ উপৰি তেওঁ শ্ৰদ্ধাৰ কাপোৰ আৰু হত্যাৰ পিছত তেওঁৰ মোবাইল ফোনটো ক'ত লুকুৱাই ৰাখিছিল সেই বিষয়েও তথ্য দিছে। কিন্তু আৰক্ষীয়ে সেইবোৰ একোৱেই বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement