--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে জ্যিক অনুসন্ধান সংস্থা, ছিয়াই। উপত্যকাটোৰ বিভিন্ন স্থানত অভিযান চলাই ছিয়াই  ২৯ লাখ টকা উদ্ধাৰ কৰিছে।  এক বিবৃতিত এছআইএৰ এগৰাকী মুখপাত্ৰই  কয়, "সন্ত্ৰাসবাদী সংগঠনসমূহৰ ভেটি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ উদ্দেশ্যৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ নেটৱৰ্ক ধ্বংসৰ কাম   অব্যাহত ৰখা হৈছে। তাৰেই অংশ হিচাবে  কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাই কাশ্মীৰ উপত্যকাৰ একাধিক স্থানত   তালাচী চলাইছে" । 

জানিব পৰা মতে  কুপৱাৰা, বাৰামুলা, বন্দিপোৰা, শ্ৰীনগৰ আৰু বুদগামত সন্দেহযুক্ত লোকৰ ঘৰত তালাচী চলোৱা হয়।   টাডা/পোটা আইনৰ অধীনত নিৰ্ধাৰিত বিশেষ স্থানত ন্যায়াধীশৰ অনুমতিৰ ভিত্তিত তালাচী চলোৱা হয়। আজি কেইবাজনো লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। 

সংস্থাটোৱে বিবৃতিত কয় —"এই গোচৰ পাকিস্তানত অৱস্থিত সন্ত্ৰাসবাদী সংগঠন (আল-বদৰ)ৰ সদস্যসকলৰ সৈতে  যিসকলে সম্পৰ্ক ৰক্ষা কৰি  ভাৰত বিদ্বেষী পাকিস্তানী সংস্থাসমূহৰ সক্ৰিয় সমৰ্থন আৰু সহযোগিতাৰে উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ আগবঢ়াই নিছে তেওঁসলোকৰ বিৰুদ্ধে তৰা হৈছে।"
তালাচীৰ সময়ত সংস্থাটোৱে ২৯ লাখ টকাৰ জব্দ কৰা বুলিও বিবৃতিত উল্লেখ কৰিছে। ইয়াৰ লগতে কেইবা খনো পাছবুক, চেক বুক, আৰু মোবাইল ফোন তথা  অন্যান্য  ডিজিটেল সঁজুলিও  জব্দ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু