--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলম্বিয়াৰ এখন কাৰাগাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত কমেও ৫১ জন কয়দীৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হয় বহু কয়দী। কলম্বিয়াৰ দৰে এখন দেশত ইয়াৰ আগতেও এনে ঘটনা সংঘটিত হৈছে যদিও দক্ষিণ-পশ্চিমৰ টুলুৱা চহৰৰ কাৰাগাৰত সংঘটিত হোৱা ঘটনাই দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

দেশৰ কাৰাগাৰ বিভাগৰ সঞ্চালক টিটো কেষ্টেলিয়নছে কয় যে, মৃতকৰ ভিতৰত কোন আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰাগাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ খবৰটো কাৰাবন্দীসকলৰ মাজত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ পাছতহে লাভ কৰে। বন্দী কয়দীয়ে নিজৰ কম্বলত জুই লগাই দিয়ে। সেই জুইৰ পৰা ইমান ডাঙৰ ঘটনাৰ সূত্ৰপাত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

কলম্বিয়াৰ ৰাষ্ট্ৰপতি ইভান ডুকে এই ঘটনাক কেন্দ্ৰ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে নিহত সকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা