--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৩৩ টা মুদ্ৰা, নখৰ টুকুৰা, বেটাৰী, চুম্বক, স্ক্ৰু, কাঁচৰ টুকুৰা! নাই কোনো জাবৰ-জোঁথৰ বা ডাষ্টবিনৰ কথা কোৱা হোৱা নাই। এয়া এজন মানুহৰ পাকস্থলীৰ ছবি। এগৰাকী ব্যক্তিৰ পেটত উদ্ধাৰ কৰা হৈছে এইসকলোবোৰ। স্বাভাৱিকতে, এক আশ্চৰ্যজনক খবৰ! আচৰিত হৈ পৰিছে অস্ত্ৰোপচাৰৰ সৈতে জড়িণত সংশ্লিষ্ট চিকিৎসক সকলো! তুৰস্কত সংঘটিত হৈছে এই ঘটনা।

প্ৰচণ্ড পেটৰ বিষত ভোগা ৩৫ বছৰীয়া এগৰাকী ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ গৈছিল। পৰীক্ষা-নিৰীক্ষাৰ পিছতে চকু কপালত উঠিল চিকিত্‍সকৰ! সেই ব্যক্তিজনৰ পেটত এই সকলোবোৰ অদ্ভুত সামগ্ৰী উদ্ধাৰ কৰিছে। অস্ত্ৰোপচাৰৰ জৰিয়তে অৱশ্যে লাভ কৰা সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়। লোকজনৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। এটা এটাকৈ ২৩৩ টা মুদ্ৰা, নখ, বেটাৰী, চুম্বক, স্ক্ৰু আৰু কাঁচৰ টুকুৰাবোৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হয়। চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত তেওঁ সম্পূৰ্ণ সুস্থ বুলি জনায়।

সংশ্লিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞগৰাকীয়ে কয় যে, ‘আমি সেই ব্যক্তিজনৰ পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিছো।’ এই অস্ত্ৰোপচাৰ তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি হৈ থাকিব বুলি কয় চিকিৎসকগৰাকীয়ে। এনে ঘটনা অতি বিৰল বুলি কয় চিকিত্‍সকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে