--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ২৩৩ টা মুদ্ৰা, নখৰ টুকুৰা, বেটাৰী, চুম্বক, স্ক্ৰু, কাঁচৰ টুকুৰা! নাই কোনো জাবৰ-জোঁথৰ বা ডাষ্টবিনৰ কথা কোৱা হোৱা নাই। এয়া এজন মানুহৰ পাকস্থলীৰ ছবি। এগৰাকী ব্যক্তিৰ পেটত উদ্ধাৰ কৰা হৈছে এইসকলোবোৰ। স্বাভাৱিকতে, এক আশ্চৰ্যজনক খবৰ! আচৰিত হৈ পৰিছে অস্ত্ৰোপচাৰৰ সৈতে জড়িণত সংশ্লিষ্ট চিকিৎসক সকলো! তুৰস্কত সংঘটিত হৈছে এই ঘটনা।

প্ৰচণ্ড পেটৰ বিষত ভোগা ৩৫ বছৰীয়া এগৰাকী ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ গৈছিল। পৰীক্ষা-নিৰীক্ষাৰ পিছতে চকু কপালত উঠিল চিকিত্‍সকৰ! সেই ব্যক্তিজনৰ পেটত এই সকলোবোৰ অদ্ভুত সামগ্ৰী উদ্ধাৰ কৰিছে। অস্ত্ৰোপচাৰৰ জৰিয়তে অৱশ্যে লাভ কৰা সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়। লোকজনৰ নাম এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। এটা এটাকৈ ২৩৩ টা মুদ্ৰা, নখ, বেটাৰী, চুম্বক, স্ক্ৰু আৰু কাঁচৰ টুকুৰাবোৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাই পেলোৱা হয়। চিকিৎসকে অস্ত্ৰোপচাৰৰ পিছত তেওঁ সম্পূৰ্ণ সুস্থ বুলি জনায়।

সংশ্লিষ্ট অস্ত্ৰোপচাৰ বিশেষজ্ঞগৰাকীয়ে কয় যে, ‘আমি সেই ব্যক্তিজনৰ পেট সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰিছো।’ এই অস্ত্ৰোপচাৰ তেওঁৰ জীৱনৰ এক মাইলৰ খুঁটি হৈ থাকিব বুলি কয় চিকিৎসকগৰাকীয়ে। এনে ঘটনা অতি বিৰল বুলি কয় চিকিত্‍সকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি