--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা দুবছৰ ধৰি অহা কৰোনা মহামাৰীয়ে লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি লৈছে। মহামাৰী আৰু লকডাউনৰ  বাবে বহু মানুহে জীৱিকা হেৰুৱালে। মূল্যবৃদ্ধি হ’ল আকাশলংঘী ৷ এতিয়াও কৰোনা ভাইৰাছ সম্পূৰ্ণকৈ নিৰ্মূলৰ বাবে ভেকচিন ওলোৱা নাই। লকডাউনৰ পিছত এতিয়াও সমগ্ৰ বিশ্বতে মানুহে আগৰদৰে স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিবপৰা নাই৷ এনে অৱস্থাত এতিয়া নতুন ৰোগৰ নাম শুনিলে মানুহে ভয় খোৱাতো স্বাভাৱিক৷ 

জানিব পৰা মতে, ব্ৰিটেইনত আৰম্ভ হৈছে এক নতুন ৰোগৰ বিভীষিকা, যাৰ নমুনাত পলিঅ’ৰ লক্ষণ পোৱা গৈছে।  ব্ৰিটেইনৰ ইতিহাসত প্ৰায় ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এনে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। যদি এই ৰোগ নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে ক’ৰোনাৰ দৰে ইও পৃথিৱীৰ আন প্ৰান্তলৈ দ্ৰুতগতিত বিয়পি পৰাৰ আশংকা কৰা হৈছে৷ 

 যোৱা ৬ মাহত ব্ৰিটেইনত কলেৰা, মিজিলছ আৰু মংকিপক্স আদি ৰোগ ধৰা পৰিছে। আক্ৰান্ত হোৱা বহু ৰোগীৰ শৰীৰত পলিঅ’ৰ লক্ষণ দেখা গৈছিল।  যেতিয়া সেই নমুনাবোৰ পৰীক্ষা কৰা হৈছিল, তেতিয়া এই কথা সঁচা বুলি প্ৰমাণিত হৈছিল। 
 
 ৪০ বছৰ পূৰ্বে ব্ৰিটেইনৰ পৰা পলিঅ’ ৰোগ একেবাৰে নিৰ্মূল হৈ পৰিছিল।  ইমান বছৰ পাৰ হোৱাৰ পাছত আকৌ এবাৰ এই ৰোগৰ লক্ষণসমূহক এক গুৰুতৰ সতৰ্কবাণী হিচাপে বিবেচনা কৰা হৈছে।

 প্ৰতিবেদন অনুসৰি চিকিৎসকে এই অজ্ঞাত ৰোগটোক ডিজিজ এক্স বুলি নামকৰণ কৰিছে।  আশংকা কৰা হৈছে যে ক’ৰোনা ভাইৰাছৰ দৰেই ইও সংক্ৰামক ৰোগ হ’ব পাৰে।  এই ৰোগৰ কাৰণ কি আৰু ই কেনেকৈ বিয়পিছে?  এই সন্দৰ্ভত এতিয়ালৈকে চিকিৎসকে একো জানিব পৰা নাই।  চিকিৎসকে কয় যে এই ৰোগৰ ওপৰত গৱেষণা কৰি ইয়াৰ ঔষধ বিচাৰি নোপোৱা সময়লৈকে মানুহে নিজৰ সন্তানক টিকা দিব লাগে।  এই মুহূৰ্তত এই ৰোগ প্ৰতিৰোধৰ একমাত্ৰ উপায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ