--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা দুবছৰ ধৰি অহা কৰোনা মহামাৰীয়ে লাখ লাখ মানুহৰ প্ৰাণ কাঢ়ি লৈছে। মহামাৰী আৰু লকডাউনৰ  বাবে বহু মানুহে জীৱিকা হেৰুৱালে। মূল্যবৃদ্ধি হ’ল আকাশলংঘী ৷ এতিয়াও কৰোনা ভাইৰাছ সম্পূৰ্ণকৈ নিৰ্মূলৰ বাবে ভেকচিন ওলোৱা নাই। লকডাউনৰ পিছত এতিয়াও সমগ্ৰ বিশ্বতে মানুহে আগৰদৰে স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিবপৰা নাই৷ এনে অৱস্থাত এতিয়া নতুন ৰোগৰ নাম শুনিলে মানুহে ভয় খোৱাতো স্বাভাৱিক৷ 

জানিব পৰা মতে, ব্ৰিটেইনত আৰম্ভ হৈছে এক নতুন ৰোগৰ বিভীষিকা, যাৰ নমুনাত পলিঅ’ৰ লক্ষণ পোৱা গৈছে।  ব্ৰিটেইনৰ ইতিহাসত প্ৰায় ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে এনে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। যদি এই ৰোগ নিয়ন্ত্ৰণ কৰা নহয়, তেন্তে ক’ৰোনাৰ দৰে ইও পৃথিৱীৰ আন প্ৰান্তলৈ দ্ৰুতগতিত বিয়পি পৰাৰ আশংকা কৰা হৈছে৷ 

 যোৱা ৬ মাহত ব্ৰিটেইনত কলেৰা, মিজিলছ আৰু মংকিপক্স আদি ৰোগ ধৰা পৰিছে। আক্ৰান্ত হোৱা বহু ৰোগীৰ শৰীৰত পলিঅ’ৰ লক্ষণ দেখা গৈছিল।  যেতিয়া সেই নমুনাবোৰ পৰীক্ষা কৰা হৈছিল, তেতিয়া এই কথা সঁচা বুলি প্ৰমাণিত হৈছিল। 
 
 ৪০ বছৰ পূৰ্বে ব্ৰিটেইনৰ পৰা পলিঅ’ ৰোগ একেবাৰে নিৰ্মূল হৈ পৰিছিল।  ইমান বছৰ পাৰ হোৱাৰ পাছত আকৌ এবাৰ এই ৰোগৰ লক্ষণসমূহক এক গুৰুতৰ সতৰ্কবাণী হিচাপে বিবেচনা কৰা হৈছে।

 প্ৰতিবেদন অনুসৰি চিকিৎসকে এই অজ্ঞাত ৰোগটোক ডিজিজ এক্স বুলি নামকৰণ কৰিছে।  আশংকা কৰা হৈছে যে ক’ৰোনা ভাইৰাছৰ দৰেই ইও সংক্ৰামক ৰোগ হ’ব পাৰে।  এই ৰোগৰ কাৰণ কি আৰু ই কেনেকৈ বিয়পিছে?  এই সন্দৰ্ভত এতিয়ালৈকে চিকিৎসকে একো জানিব পৰা নাই।  চিকিৎসকে কয় যে এই ৰোগৰ ওপৰত গৱেষণা কৰি ইয়াৰ ঔষধ বিচাৰি নোপোৱা সময়লৈকে মানুহে নিজৰ সন্তানক টিকা দিব লাগে।  এই মুহূৰ্তত এই ৰোগ প্ৰতিৰোধৰ একমাত্ৰ উপায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি