--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়তে সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অপৰাধত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছ্ল। ভাৰতীয় ইতিহাসত কাৰ্যকাল চলি থকা অৱস্থাতে কোনো মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ ঘটনা সম্ভৱত এয়ে প্ৰথম। 

নিৰ্বাচন চলি থকা অৱস্থাতে এগৰাকী শক্তিশালী বিৰোধী নেতাৰ গ্ৰেপ্তাৰৰ আঁৰত শাসক দলৰ কোনো ষড়যন্ত্ৰ থকা বুলি আপৰ নেতৃবৰ্গই অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে যদিও এই পৰ্যন্ত দোষী সাব্যস্ত কৰিব পৰা নাই গোচৰীয় পক্ষই। আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত অনিয়মৰ গোচৰতে ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।     

শেহতীয়া তথ্য অনুসৰি বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বক্তব্য বিচাৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত হ’ব বুলি সদৰী কৰিছে আদালতে।

কেজৰিৱালৰ অধিবক্তাই আদালতত জনোৱা মতে, আবকাৰী গোচৰ ৰুজু হোৱাৰ এবছৰ দহ মাহৰ পাছত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনোৱা হৈছিল। ন্যায়াধীশ সূৰ্য কেণ্টাৰৰ এখন বিচাৰপীঠে নাকচ কৰিছে অন্তৱৰ্তীকালীন জামিনৰ আবেদন। 

উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ২১ মাৰ্চত আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই কাৰাগাৰত আছে মুখ্যমন্ত্ৰীগৰাকী। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অন্তৱৰ্তীকালীন জামিন লাভ কৰি কিছুদিন মুকলি আকাশৰ তলত আছিল। জামিন সমাপ্ত হোৱাৰ বাবে ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীৱালে। 

আনহাতে, নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত জামিন মঞ্জুৰ কৰিছিল যদিও কাৰাগাৰত থকাৰ সময়তে এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীক। 
২৩ আগষ্টৰ শুনানিৰ পিছতহে পোহৰলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মুকলি আকাশৰ তললৈ আহিব নে নাহে? নে কাৰাগাৰতে আবদ্ধ হৈ থাকিব লাগিব মুখ্যমন্ত্ৰীগৰাকী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ