--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ সাধাৰণ নিৰ্বাচনৰ সময়তে সুৰা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অপৰাধত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছ্ল। ভাৰতীয় ইতিহাসত কাৰ্যকাল চলি থকা অৱস্থাতে কোনো মুখ্যমন্ত্ৰীৰ গ্ৰেপ্তাৰৰ ঘটনা সম্ভৱত এয়ে প্ৰথম। 

নিৰ্বাচন চলি থকা অৱস্থাতে এগৰাকী শক্তিশালী বিৰোধী নেতাৰ গ্ৰেপ্তাৰৰ আঁৰত শাসক দলৰ কোনো ষড়যন্ত্ৰ থকা বুলি আপৰ নেতৃবৰ্গই অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে যদিও এই পৰ্যন্ত দোষী সাব্যস্ত কৰিব পৰা নাই গোচৰীয় পক্ষই। আবকাৰী নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত অনিয়মৰ গোচৰতে ২৬ ফেব্ৰুৱাৰীত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।     

শেহতীয়া তথ্য অনুসৰি বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বক্তব্য বিচাৰিছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত হ’ব বুলি সদৰী কৰিছে আদালতে।

কেজৰিৱালৰ অধিবক্তাই আদালতত জনোৱা মতে, আবকাৰী গোচৰ ৰুজু হোৱাৰ এবছৰ দহ মাহৰ পাছত চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনোৱা হৈছিল। ন্যায়াধীশ সূৰ্য কেণ্টাৰৰ এখন বিচাৰপীঠে নাকচ কৰিছে অন্তৱৰ্তীকালীন জামিনৰ আবেদন। 

উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ২১ মাৰ্চত আবকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তেতিয়াৰ পৰাই কাৰাগাৰত আছে মুখ্যমন্ত্ৰীগৰাকী। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অন্তৱৰ্তীকালীন জামিন লাভ কৰি কিছুদিন মুকলি আকাশৰ তলত আছিল। জামিন সমাপ্ত হোৱাৰ বাবে ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীৱালে। 

আনহাতে, নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত জামিন মঞ্জুৰ কৰিছিল যদিও কাৰাগাৰত থকাৰ সময়তে এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী গৰাকীক। 
২৩ আগষ্টৰ শুনানিৰ পিছতহে পোহৰলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মুকলি আকাশৰ তললৈ আহিব নে নাহে? নে কাৰাগাৰতে আবদ্ধ হৈ থাকিব লাগিব মুখ্যমন্ত্ৰীগৰাকী?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন