--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ভাৰতৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশবাসীয়ে উলহমালহেৰে উদযাপন কৰিছে স্বাধীনতা দিৱস। ৰাজধানীৰ দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। জাতীয় পতাকা উত্তোলন কৰাৰ পিচত প্ৰধানমন্ত্ৰীয়ে 'ৰাষ্ট্ৰীয় চেলুট' লাভ কৰে। এজন জেচিঅ' আৰু ২৫টা বিভিন্ন ৰেংকৰে গঠিত পঞ্জাব ৰেজিমেণ্ট মিলিটাৰী বেণ্ডে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত বজাই 'ৰাষ্ট্ৰীয় চেলুট' উপস্থাপন কৰে। বেণ্ডটোৰ পৰিচালনা কৰে সুবেদাৰ মেজৰ ৰাজিন্দৰ সিঙে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সৰ পৰা দেশবাসীক সম্ভাষণ জনায় । প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্ট কৰি কয়, "মোৰ সতীৰ্থ ভাৰতীয়সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা । জয় হিন্দ !" প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰপৰা তেওঁ লালকিল্লাত উপস্থিত হয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ক্ৰমাগতভাৱে ১১ বাৰৰ বাবে স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিলে।

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দেশৰ জনতাই ২০৪৭ চনলৈ ভাৰতক বিকশিত দেশ হিচাপে গঢ়াৰ বাবে বহু পৰামৰ্শ দিছে। সেই তালিকাও পঢ়ি শুনালে প্ৰধানমন্ত্ৰীয়ে, য’ত মানুহে পৃথক পৃথক পৰামৰ্শ দিছিল।

লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দেশৰ জনতাই ২০৪৭ চনলৈ ভাৰতক বিকশিত দেশ হিচাপে গঢ়াৰ বাবে বহু পৰামৰ্শ দিছে। সেই তালিকাও পঢ়ি শুনালে প্ৰধানমন্ত্ৰীয়ে, য’ত মানুহে পৃথক পৃথক পৰামৰ্শ দিছিল।

এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিকশিত ভাৰত @২০৪৭’। ইয়াৰ উদ্দেশ্য ২০৪৭ চনত স্বাধীনতাৰ শতবাৰ্ষিকী দিৱসত ভাৰতক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ দিশত চৰকাৰৰ প্ৰচেষ্টাক আগুৱাই নিয়া।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ২০৪৭ ৰ বিকশিত ভাৰত নিৰ্মাণৰ বাবে কঠোৰ পৰিশ্ৰম চলি আছে। মানুহৰ পৰা পৰামৰ্শ বিচৰা হৈছে। মানুহে অগণন পৰামৰ্শ দিছে। প্ৰতিজন দেশবাসীৰ সপোন ইয়াত প্ৰতিফলিত হৈছে। যুৱক-যুৱতী, বৃদ্ধ, গাঁৱৰ মানুহ, চহৰবাসী, কৃষক, আদিবাসী, দলিত, মহিলা, সকলোৱে ২০৪৭ চনত যেতিয়া দেশে বিকশিত ভাৰতৰ স্বাধীনতা দিৱস পালন কৰিব, তেতিয়া প্ৰতিজন ব্যক্তিৰ তাত যোগ্যতা থাকিব। কোনোৱে ভাৰতক স্কীল কেপিটেল বনোৱাৰ পৰামৰ্শ দিছে, কোনোবাই ভাৰতক মেনুফেকচাৰিং হাব হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছে। কোনোৱে বিশ্ববিদ্যালয়সমূহক বিশ্বস্তৰৰ কৰাৰ পৰামৰ্শ দিছে। আমাৰ দক্ষতাসম্পন্ন যুৱ সমাজ বিশ্বৰ প্ৰথম পছন্দ হ’ব লাগে।

বিকশিত ভাৰত ২০৪৭ৰ ওপৰত গুৰুত্ব আৰোপ কৰি মোদীয়ে কয়, ‘পৰ্যটন হওক, শিক্ষা হওক, স্বাস্থ্য হওক, এম এছ এম ই হওক, পৰিবহণ হওক, কৃষি হওক বা কৃষি খণ্ডই হওক - প্ৰতিটো খণ্ডতে এক নতুন আধুনিক ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে৷ আমি প্ৰযুক্তিৰ জৰিয়তে উত্তম পদ্ধতি গ্ৰহণ কৰি আগবাঢ়িব বিচাৰো।

মোদীয়ে লগতে কয় মোদীয়ে কয়, আমি ডাঙৰ ডাঙৰ সংস্কাৰ কৰিছো। দুখীয়া হওক, মধ্যবিত্ত শ্ৰেণী হওক, বঞ্চিত হওক, আমাৰ যুৱক-যুৱতীসকলৰ সংকল্প আৰু সপোন হওক বা আমাৰ ক্ৰমবৰ্ধমান নগৰীয়া জনসংখ্যাই হওক, আমি সকলোৰে জীৱনত পৰিৱৰ্তন আনিবলৈ সংস্কাৰৰ পথ বাছি লৈছিলো। সেইবাবে আজি ক’ব পাৰো যে আমাৰ সংস্কাৰৰ পথেই আজি উন্নয়নৰ ব্লুপ্ৰিণ্ট হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয়, তিনি কোটি পৰিয়ালে লাভ কৰিছে পানী। জল জীৱন অভিযানৰ অধীনত ১২ কোটি পৰিয়ালে লাভ কৰিছে পানী। ১৫ কোটি পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছে। 


মোদীয়ে ভাষণত কয় অহা ৫ বছৰৰ ভিতৰত মেডিকেল কলেজসমূহত নতুনকৈ ৭৫,০০০ আসন বৃদ্ধি কৰা হ’ব।  মোদীয়ে কয়, আমাৰ দেশৰ যুৱক- যুৱতীয়ে মেডিকেল কলেজৰ শিক্ষা গ্ৰহণ কৰিবলৈ দেশৰ বাহিৰত যাব লগা হয়। যাৰ বাবে দেশত এই আসনৰ সংখ্যা বৃদ্ধি কৰা হ’ব। কৃষকৰ ল’ৰা -ছোৱালীয়েও শিক্ষা পাব। আমাৰ চৰকাৰে ইয়াৰ ওপৰত কাম কৰিব।


প্ৰাকৃতিক দুৰ্যোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, যোৱা কেইটামান বছৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগৰ বাবে আমাৰ চিন্তা বৃদ্ধি হৈছে। বহুলোকে প্ৰাণ হেৰুৱাইছে, সা- সম্পত্তি ধ্বংস হৈছে। প্ৰতিগৰাকী লোকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। এই সংকটৰ সময়ত দেশ তেওঁলোকৰ ওচৰত আছে। মই গৌৰৱান্বিত যে ভাৰতৰ পৰা ঔপনিবেশিক শাসন উভালি পেলোৱা ৪০ কোটি মানুহৰ তেজ আমাৰ ওচৰত আছে। আমি ১৪০ কোটি জনতা একেলগে আগবাঢ়ি যাম আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়িম।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?