--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু হাফপেণ্ট বিতৰ্কলৈ মনত পৰেনে? কিছুদিনৰ পূৰ্বে যে হাফপেণ্টে সমাজত জোকৰণিৰ সৃষ্টি কৰিছিল সেই কথা আপুনি নিশ্চয় পাহৰা নাই। বিএছচি এগ্ৰিকালচাৰৰ প্ৰৱেশ পৰীক্ষাত হাফপেণ্ট আৰু টি চাৰ্ট পিন্ধি অহাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকে। অৱশেষত ছাত্ৰীগৰাকীক এখন পৰ্দা গাত মেৰিয়াই লৈ পৰীক্ষাত বহাৰ অনুমতি দিয়া হৈছিল।

এইবাৰ হাফপেণ্ট আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে। এইবাৰ যেনিবা ঘটনাৰ স্থান অসম নহয়। পশ্চিমবংগৰ কলিকতাত এইবাৰ সংঘটিত হৈছে হাফপেণ্ট কাণ্ড আৰু এইবাৰ যুৱতী নহয় যুৱকহে সাঙুৰ খাই পৰিছে। আশীষ নামৰ এজন যুৱকৰ সৈতে ঘটিছে এই কাণ্ড। আশীষে টুইটাৰত নিজৰ ক্ষোভ উজৰাৰ পাছতেই বিষয়টো সকলোৰে দৃষ্টিগোচৰ হয়। যুৱকজনে টুইটাৰত লিখা অনুসৰি তেওঁ কলকাতাৰ ষ্টেটবেংকৰ এটা শাখালৈ হাফপেণ্ট পিন্ধি গৈছিল। কিন্তু বেংকটোৰ ভিতৰত তেওঁক সোমোৱাত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। যুৱকজনে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত নিৰাপত্তাৰক্ষীয়ে কয় যে বেংকৰ ভিতৰত হাফপেণ্ট পিন্ধি প্ৰৱেশ কৰাৰ অনুমতি কাকো দিয়া হোৱা নাই। তেওঁক লংপেণ্ট পিন্ধি আহিবলৈ কয় নিৰাপত্তাৰক্ষীয়ে।

আৰু পঢ়কঃ হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়োনী ঘোষ

খঙতে বেংক ত্যাগ কৰি যুৱকজনে মনৰ ক্ষোভ টুইটাৰত প্ৰকাশ কৰে। আশিসে টুইটাৰত কৰা এনে অভিযোগ সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কলিকতাৰ ষ্টেট বেংক কৰ্তৃপক্ষই। আশিসৰ টুইটক একাংশই সমৰ্থন আগবঢ়াইছে আৰু আন একাংশই বেংক কৰ্তৃপক্ষৰ পদক্ষেপৰ শলাগ লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?