--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু হাফপেণ্ট বিতৰ্কলৈ মনত পৰেনে? কিছুদিনৰ পূৰ্বে যে হাফপেণ্টে সমাজত জোকৰণিৰ সৃষ্টি কৰিছিল সেই কথা আপুনি নিশ্চয় পাহৰা নাই। বিএছচি এগ্ৰিকালচাৰৰ প্ৰৱেশ পৰীক্ষাত হাফপেণ্ট আৰু টি চাৰ্ট পিন্ধি অহাৰ বাবে এগৰাকী পৰীক্ষাৰ্থীক পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষা পৰ্যবেক্ষকে। অৱশেষত ছাত্ৰীগৰাকীক এখন পৰ্দা গাত মেৰিয়াই লৈ পৰীক্ষাত বহাৰ অনুমতি দিয়া হৈছিল।

এইবাৰ হাফপেণ্ট আকৌ বিতৰ্কৰ মাজত সোমাই পৰিছে। এইবাৰ যেনিবা ঘটনাৰ স্থান অসম নহয়। পশ্চিমবংগৰ কলিকতাত এইবাৰ সংঘটিত হৈছে হাফপেণ্ট কাণ্ড আৰু এইবাৰ যুৱতী নহয় যুৱকহে সাঙুৰ খাই পৰিছে। আশীষ নামৰ এজন যুৱকৰ সৈতে ঘটিছে এই কাণ্ড। আশীষে টুইটাৰত নিজৰ ক্ষোভ উজৰাৰ পাছতেই বিষয়টো সকলোৰে দৃষ্টিগোচৰ হয়। যুৱকজনে টুইটাৰত লিখা অনুসৰি তেওঁ কলকাতাৰ ষ্টেটবেংকৰ এটা শাখালৈ হাফপেণ্ট পিন্ধি গৈছিল। কিন্তু বেংকটোৰ ভিতৰত তেওঁক সোমোৱাত বাধা প্ৰদান কৰে নিৰাপত্তাৰক্ষীয়ে। যুৱকজনে ইয়াৰ কাৰণ জানিবলৈ বিচৰাত নিৰাপত্তাৰক্ষীয়ে কয় যে বেংকৰ ভিতৰত হাফপেণ্ট পিন্ধি প্ৰৱেশ কৰাৰ অনুমতি কাকো দিয়া হোৱা নাই। তেওঁক লংপেণ্ট পিন্ধি আহিবলৈ কয় নিৰাপত্তাৰক্ষীয়ে।

আৰু পঢ়কঃ হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়োনী ঘোষ

খঙতে বেংক ত্যাগ কৰি যুৱকজনে মনৰ ক্ষোভ টুইটাৰত প্ৰকাশ কৰে। আশিসে টুইটাৰত কৰা এনে অভিযোগ সন্দৰ্ভত অৱশ্যে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কলিকতাৰ ষ্টেট বেংক কৰ্তৃপক্ষই। আশিসৰ টুইটক একাংশই সমৰ্থন আগবঢ়াইছে আৰু আন একাংশই বেংক কৰ্তৃপক্ষৰ পদক্ষেপৰ শলাগ লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক