--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল কাবুলক। স্থানীয় সময় অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত কাবুলত সংঘটিত হয় এক  বিস্ফোৰণ । কাবুলৰ পশ্চিম দিশত থকা  'কাজ শিক্ষা কেন্দ্ৰ'ত সংঘটিত এই বিস্ফোৰণত  একমেও ১৯ জন লোক নিহত হৈছে।

আহতৰ সংখ্যা ২৭ জন। মৃতক  আৰু আহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত  'কাজ শিক্ষা কেন্দ্ৰ'টোত  পৰীক্ষা চলি আছিল। বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে প্ৰস্তুতি পৰীক্ষাত বহিছিল।

এতিয়ালৈকে  কোনো সংগঠনে আত্মঘাতি বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।  ঘটনাটোৰ খবৰ পোৱাৰ পিছত নিৰাপত্তা বাহিনী তাত উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি তালিবান প্ৰশাসনে প্ৰকাশ কৰিছে।

শেহতীয়াকৈ কাবুলত  কেইবাটাও  আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।আজি বোমা বিস্ফোৰণ ঘটা  অঞ্চলটোত মুখ্যতঃ সংখ্যালঘুসকলে বাস কৰে।  তেওঁলোকক বাৰে বাৰে "লক্ষ্য" আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি বহুতে মন্তব্য কৰিছে।

 তালিবান যোৱা বছৰৰ আগষ্টত আফগানিস্তানত ক্ষমতা নিজৰ হৈাতলৈ নিছিল। কিন্তু যোৱা কেইমাহমানত তালিবান শাসিত আফগানিস্তান ক্ৰমাৎ অস্থিৰ হৈ পৰিছে। কাবুলকে ধৰি আফগানিস্তানৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী কাৰ্যকলাপে সময়ৰ লগে লগে মূৰ দাঙি উঠিছে







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক