--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়ংকৰ বিস্ফোৰণে কঁপাই গ’ল কাবুলক। স্থানীয় সময় অনুসৰি, স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত কাবুলত সংঘটিত হয় এক  বিস্ফোৰণ । কাবুলৰ পশ্চিম দিশত থকা  'কাজ শিক্ষা কেন্দ্ৰ'ত সংঘটিত এই বিস্ফোৰণত  একমেও ১৯ জন লোক নিহত হৈছে।

আহতৰ সংখ্যা ২৭ জন। মৃতক  আৰু আহতৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত  'কাজ শিক্ষা কেন্দ্ৰ'টোত  পৰীক্ষা চলি আছিল। বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বহুতো শিক্ষাৰ্থীয়ে প্ৰস্তুতি পৰীক্ষাত বহিছিল।

এতিয়ালৈকে  কোনো সংগঠনে আত্মঘাতি বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।  ঘটনাটোৰ খবৰ পোৱাৰ পিছত নিৰাপত্তা বাহিনী তাত উপস্থিত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি তালিবান প্ৰশাসনে প্ৰকাশ কৰিছে।

শেহতীয়াকৈ কাবুলত  কেইবাটাও  আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।আজি বোমা বিস্ফোৰণ ঘটা  অঞ্চলটোত মুখ্যতঃ সংখ্যালঘুসকলে বাস কৰে।  তেওঁলোকক বাৰে বাৰে "লক্ষ্য" আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বুলি বহুতে মন্তব্য কৰিছে।

 তালিবান যোৱা বছৰৰ আগষ্টত আফগানিস্তানত ক্ষমতা নিজৰ হৈাতলৈ নিছিল। কিন্তু যোৱা কেইমাহমানত তালিবান শাসিত আফগানিস্তান ক্ৰমাৎ অস্থিৰ হৈ পৰিছে। কাবুলকে ধৰি আফগানিস্তানৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদী কাৰ্যকলাপে সময়ৰ লগে লগে মূৰ দাঙি উঠিছে







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ