--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম অন্ধ! এহাল চাৰি কুৰিৰ উৰ্ধৰ ব্ৰিটিছ দম্পতিয়ে বিবাহপাশত আৱদ্ধ হৈ সেই কথা পুনৰ প্ৰমাণ কৰিলে৷ দৰাৰ বয়স ৮২ বছৰ, আনহাতে কইনাৰ বয়স ৮১ বছৰ৷ দৰাৰ নাম- ক্রিষ্টোফাৰ ষ্ট্ৰীট আৰু কইনাৰ নাম- ৰোজা ষ্ট্ৰীট৷

দুয়ো এখন কেফেত লগ হৈছিল৷ ১৮ মাহৰ আগতে হৈছিল এই সাক্ষাত৷ তাৰপাছত তেওঁলোকে সিদ্ধান্ত লৈছিল যে তেওঁলোকে কফি খাই একেলগে থাকিব। বিয়াৰ পিছত তেওঁলোকে চেণ্ট মণিকা কোটা নামৰ গাঁওখনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।

এক সাক্ষাৎকাৰত প্ৰাক্তন নাৰ্ছ ৰোজা ষ্ট্ৰীটে ক্ৰিষ্টোফাৰৰ হাঁহিটোৰ প্ৰেম পৰে৷ লাহে লাহে তেওঁলোকে উপলব্ধি কৰে যে দুয়োৰে মাজত বহুতো সাদৃশ্য আছে, যিবোৰ সততে দেখা নাযায়। প্ৰিয় গীত, প্ৰিয় কবিতা, ইতিহাসৰ পৰা আৰম্ভ কৰি শিল্পৰ বিভিন্ন মাধ্যমৰ বিষয়ে আলোচনা চলি থাকিল।

ক্রিষ্টোফাৰ আৰু ৰোজাই আৱিষ্কাৰ কৰে যে তেওঁলোকৰ বৰ্তমানৰ ঠিকনাবোৰৰ মাজত মাত্ৰ ৪০ মাইল দূৰত্ব। ইয়াৰ পিছত দুয়োজনে ইটালীত অকলে কিছু সময় কটাবলৈ সিদ্ধান্ত ল’লে। তাত ভ্ৰমণ কৰি থাকোঁতে তেওঁলোকৰ মনলৈ আহিল বিয়াৰ পৰিকল্পনা।

ক্রিষ্টোফাৰে সংবাদ মাধ্যমক কয় যে, “মই পৰম্পৰাগত পদ্ধতিটোৰে বিয়াৰ প্ৰস্তাৱ দিয়া নাছিলো৷ সন্মতি প্ৰকাশ কৰে ৰোজাই৷ আৰু আমাৰ নিসংগতা হানিমুনলৈ পৰিণত হয়।”
FOLLOW US F
POPULAR
FEATURE
TRENDY
হোটেল ৰুমত মৃত অৱস্থাত উদ্ধাৰ মালয়ালম অভিনেতা কলাভৱন নভাছ, আৰক্ষীৰ তদন্ত অব্যাহত
মাজনিশা ভোকাতুৰ শিশুৰ চিৎকাৰে কঁপাইছে গাজা
ট্ৰাম্পে ভাৰতক ‘মৃত অৰ্থনীতি’ বুলি অভিহিত কৰাৰ পাছত প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী মোদীৰ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
বিপদত অনিল আম্বানী!