--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জোৱানৰ সৈতে দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ সোমবাৰে কাৰ্গিলত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে কয় যে দীপাৱলী মানে ‘আতংকৰ অন্ত পৰাৰ উৎসৱ’ আৰু কাৰ্গিলে ইয়াক সম্ভৱ কৰি তুলিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিলত দীপাৱলী উপলক্ষে সেনা জোৱানসকলক সম্বোধন কৰি কয় যে বছৰ বছৰ ধৰি মোৰ পৰিয়াল আপোনালোক সকলো। মোৰ দীপাৱলীৰ মধুৰতা তোমালোকৰ মাজত উঠিছে, মোৰ দীপাৱলীৰ পোহৰ তোমালোকৰ লগত আছে আৰু পৰৱৰ্তী দীপাৱলীলৈকে মোৰ পথ প্ৰশস্ত কৰে।'

সেনাক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পাকিস্তানৰ সৈতে এনে এখনো যুদ্ধ হোৱা নাই য’ত কাৰ্গিলে বিজয়ৰ পতাকা উত্তোলন কৰা নাই। দীপাৱলী মানে আতংকৰ অন্ত পৰা উদযাপন। কাৰ্গিলেও একে কামেই কৰিলে। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, ‘এটা জাতি অমৰ হয় যেতিয়া ইয়াৰ সন্তান, তাৰ সাহসী পুত্ৰ-কন্যাই নিজৰ শক্তিৰ ওপৰত নিৰপেক্ষ বিশ্বাস ৰাখে।’

ইয়াৰ পূৰ্বে কালি প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যাত দীপোৎসৱ কাৰ্যসূচীত অংশ লৈছিল। এই সময়ত তেওঁ ৰাম জন্মভূমি মন্দিৰত প্ৰাৰ্থনা কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দীপোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২০২২ চনৰ ২২ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰাখণ্ডত উপস্থিত হৈছিল। এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বদ্ৰীনাথ আৰু কেদাৰনাথকো ভ্ৰমণ কৰে। ইয়াৰ লগতে তেওঁ এই ভ্ৰমণত জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে।

যোৱা বছৰ জম্মুৰ নৱশ্বেৰাত জোৱানৰ  সৈতে দীপাৱলী উদযাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ ভাৰতীয় সীমান্তত সেৱা আগবঢ়োৱা জোৱানসকলক প্ৰশংসা কৰি নিৰাপত্তাৰক্ষীসকলক জাতিটোৰ “সুৰক্ষা ঢাল” বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে জোৱানৰ বাবেই মানুহে শান্তিৰে শুব পাৰে।

২০২০ চনত ৰাজস্থানৰ জয়ছলমেৰৰ লংগেৱালাত সৈন্যৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে যেতিয়ালৈকে ভাৰতীয় সৈন্য উপস্থিত থাকিব তেতিয়ালৈকে এই দেশৰ দীপাৱলী উদযাপন পূৰ্ণগতিত চলিব আৰু পোহৰেৰে ভৰি থাকিব।

২০১৯ চনত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰে ৰাজৌৰী জিলাত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল প্ৰধানমন্ত্ৰীয়ে। তেওঁ সৈনিকসকলক পৰিয়াল বুলি মাতি উৎসৱ-পাৰ্বণৰ সময়তো সীমান্ত পহৰা দিয়াৰ বাবে প্ৰশংসা কৰিছিল।

২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ হৰচিলত ভাৰতীয় সেনা আৰু ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল। ইয়াৰ পিছত তেওঁ কেদাৰনাথ ধামত পূজা কৰে। ২০১৭ চনত জম্মু-কাশ্মীৰৰ বান্দিপৰা জিলাৰ গুৰেজ উপত্যকাত প্ৰধানমন্ত্ৰীয়ে সেনা জোৱান আৰু সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ সৈতে পোহৰৰ উৎসৱ উদযাপন কৰিছিল।

২০১৬ চনত প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশলৈ গৈ ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানৰ সৈতে এটা চেকপইণ্টত এই উৎসৱ উদযাপন কৰিছিল।

তেওঁ ২০১৫ চনত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিবলৈ গৈছিল পঞ্জাৱ সীমান্তলৈ। ২০১৪ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ছিয়াচেনত জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিছিল।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পৰাই দীপাৱলীৰ দিনা সৈন্যৰ সাক্ষাৎ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু