--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাবস্ত্য কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ ওপৰত সমগ্ৰ দেশৰ পৰা পৰিছে ধন্যবাদ, আশীৰ্বাদ, কৃতজ্ঞতাৰ বৰষুণ। এই জয়ৰ মূলতে আছিল বিৰাট কোহলীৰ অনবদ্য প্ৰদৰ্শন। ৫৩ বলত ৮২ ৰাণৰ দুৰ্দান্ত ইনিংছটো খেলি দলক বিজয়ী কৰাইছিল কোহলীয়ে। এতিয়া সকলোতে কিং কোহলীক লৈয়েই চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ক্ৰীড়াপ্ৰেমী। এই সময়তে বিৰাট পত্নী অনুষ্কা শৰ্মাৰ এটা প’ষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

অনুষ্কাই লিখিছে-''দীপাৱলীৰ প্ৰাকক্ষণত আজি ৰাতি আপুনি জনসাধাৰণৰ মনত বহুত আনন্দ দিছে। আপুনি এজন অসাধাৰণ মানুহ লগতে মোৰ প্ৰেম। আপোনাৰ মনোবল, দৃঢ়তা আৰু বিশ্বাস অতি আদৰণীয়। মই এইমাত্ৰ মোৰ জীৱনৰ শ্ৰেষ্ঠ মেচখন চালোঁ। আমাৰ ছোৱালীজনী বহুত সৰু, তাই বুজিব পৰা নাই যে তাইৰ মাকে কিয় কোঠাটোত ইফালে সিফালে নাচি উন্মাদনাত চিঞৰিছিল। এদিন তাই বুজিব যে তাইৰ দেউতাকে সেই নিশা নিজৰ শ্ৰেষ্ঠ ইনিংছ খেলিছিল যিটো তেওঁৰ বাবে অতি কঠিন আছিল কিন্তু তেওঁ তাৰ পৰা পূৰ্বতকৈ শক্তিশালী আৰু দৃঢ় হৈ ওলাই আহিছিল! আপোনাক লৈ আমি গৌৰৱান্বিত।''

সাধাৰণতে দেখা যায় যে বিৰাট কোহলীয়ে যেতিয়াই দুৰ্বল খেল প্ৰদৰ্শন কৰে তেতিয়াই মানুহে পত্নী অনুষ্কা শৰ্মাক ঠাট্টা-মস্কৰাৰে থকা-সৰকা কৰে। বিৰাট কোহলীয়ে খেলত ভাল প্ৰদৰ্শন নকৰিলেই অনুষ্কাক দোষাৰোপ কৰি ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে ট্ৰলিং আৰম্ভ কৰে।

কোহলীৰ প্ৰদৰ্শনক লৈ অনুষ্কা শৰ্মাক বাৰে বাৰে লক্ষ্য কৰি লোৱা ট্ৰ’লাৰসকলক উদ্দ্যেশি নেটিজেনসকেল টুইট কৰিবলৈ আৰম্ভ কৰে।

এতিয়া ছ'চিয়েল মিডিয়াত একাংশ লোকে লিখিছে যে বিৰাটে বেয়া খেলিলে যেনেদৰে অনুষ্কা শৰ্মাক দোষাৰোপ কৰে ঠিক তেনেকৈ ভাল খেলিলেও অনুষ্কাক প্ৰশংসা কৰিব লাগে। এজনে লিখিছে-''যদি ব্লেম দিব পাৰে তেন্তে ক্ৰেডিটো দিব পাৰিব লাগে...ৱেল ডান অনুষ্কা।'' এগৰাকীয়ে লিখিছে- ''ৱেল ডান টীম ইণ্ডিয়া..ৱেল ডান কোহলী...ৱেল ডান অনুষ্কা।'' এগৰাকী নেটিজেনে লিখিছে-''এতিয়া সকলোৱে অনুষ্কা শৰ্মাক ধন্যবাদ দিব লাগে।'' 

এনেদৰেই অনুষ্কা শৰ্মাক সমৰ্থন কৰি অনুৰাগীসকলে উচিত প্ৰত্যুত্তৰ আগবঢ়ায় ট্ৰ’লাৰসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক