--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ বিজয় সাবস্ত্য কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ ওপৰত সমগ্ৰ দেশৰ পৰা পৰিছে ধন্যবাদ, আশীৰ্বাদ, কৃতজ্ঞতাৰ বৰষুণ। এই জয়ৰ মূলতে আছিল বিৰাট কোহলীৰ অনবদ্য প্ৰদৰ্শন। ৫৩ বলত ৮২ ৰাণৰ দুৰ্দান্ত ইনিংছটো খেলি দলক বিজয়ী কৰাইছিল কোহলীয়ে। এতিয়া সকলোতে কিং কোহলীক লৈয়েই চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ক্ৰীড়াপ্ৰেমী। এই সময়তে বিৰাট পত্নী অনুষ্কা শৰ্মাৰ এটা প’ষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

অনুষ্কাই লিখিছে-''দীপাৱলীৰ প্ৰাকক্ষণত আজি ৰাতি আপুনি জনসাধাৰণৰ মনত বহুত আনন্দ দিছে। আপুনি এজন অসাধাৰণ মানুহ লগতে মোৰ প্ৰেম। আপোনাৰ মনোবল, দৃঢ়তা আৰু বিশ্বাস অতি আদৰণীয়। মই এইমাত্ৰ মোৰ জীৱনৰ শ্ৰেষ্ঠ মেচখন চালোঁ। আমাৰ ছোৱালীজনী বহুত সৰু, তাই বুজিব পৰা নাই যে তাইৰ মাকে কিয় কোঠাটোত ইফালে সিফালে নাচি উন্মাদনাত চিঞৰিছিল। এদিন তাই বুজিব যে তাইৰ দেউতাকে সেই নিশা নিজৰ শ্ৰেষ্ঠ ইনিংছ খেলিছিল যিটো তেওঁৰ বাবে অতি কঠিন আছিল কিন্তু তেওঁ তাৰ পৰা পূৰ্বতকৈ শক্তিশালী আৰু দৃঢ় হৈ ওলাই আহিছিল! আপোনাক লৈ আমি গৌৰৱান্বিত।''

সাধাৰণতে দেখা যায় যে বিৰাট কোহলীয়ে যেতিয়াই দুৰ্বল খেল প্ৰদৰ্শন কৰে তেতিয়াই মানুহে পত্নী অনুষ্কা শৰ্মাক ঠাট্টা-মস্কৰাৰে থকা-সৰকা কৰে। বিৰাট কোহলীয়ে খেলত ভাল প্ৰদৰ্শন নকৰিলেই অনুষ্কাক দোষাৰোপ কৰি ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে ট্ৰলিং আৰম্ভ কৰে।

কোহলীৰ প্ৰদৰ্শনক লৈ অনুষ্কা শৰ্মাক বাৰে বাৰে লক্ষ্য কৰি লোৱা ট্ৰ’লাৰসকলক উদ্দ্যেশি নেটিজেনসকেল টুইট কৰিবলৈ আৰম্ভ কৰে।

এতিয়া ছ'চিয়েল মিডিয়াত একাংশ লোকে লিখিছে যে বিৰাটে বেয়া খেলিলে যেনেদৰে অনুষ্কা শৰ্মাক দোষাৰোপ কৰে ঠিক তেনেকৈ ভাল খেলিলেও অনুষ্কাক প্ৰশংসা কৰিব লাগে। এজনে লিখিছে-''যদি ব্লেম দিব পাৰে তেন্তে ক্ৰেডিটো দিব পাৰিব লাগে...ৱেল ডান অনুষ্কা।'' এগৰাকীয়ে লিখিছে- ''ৱেল ডান টীম ইণ্ডিয়া..ৱেল ডান কোহলী...ৱেল ডান অনুষ্কা।'' এগৰাকী নেটিজেনে লিখিছে-''এতিয়া সকলোৱে অনুষ্কা শৰ্মাক ধন্যবাদ দিব লাগে।'' 

এনেদৰেই অনুষ্কা শৰ্মাক সমৰ্থন কৰি অনুৰাগীসকলে উচিত প্ৰত্যুত্তৰ আগবঢ়ায় ট্ৰ’লাৰসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু