--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব (সংশোধনী) আইন ২০২৪ৰ অধিসূচনা জাৰি কৰিছে। অৰ্থাৎ সমগ্ৰ দেশতে এতিয়া CAA কাৰ্যকৰী কৰা হৈছে। এই আইন কাৰ্যকৰী হোৱাৰ লগে লগে চুবুৰীয়া তিনিখন দেশ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অমুছলমান শৰণাৰ্থী (হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান) এতিয়া ভাৰতীয় নাগৰিক হ’ব পাৰিব। 

ইয়াৰ বাবে এইসকল লোকে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি নাগৰিকত্বৰ বাবে অনলাইনযোগে আবেদন কৰিব লাগিব। অৱশ্যে কিছুমান গুৰুত্বপূৰ্ণ চৰ্ত থাকিব। CAA ৰ নিয়ম অনুসৰি আৱেদন কৰাৰ আগতে ভাৰতত এবছৰ অবিৰতভাৱে থকাটো বাধ্যতামূলক। CAA সম্পর্কে ১০টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ জানি লওক

২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদত CAA গৃহীত হৈছিল। চাৰি বছৰতকৈ অধিক সময়ৰ পিছত ইয়াৰ নিয়মসমূহ অৱগত কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে CAA ৰ প্ৰ-পত্ৰ প্ৰকাশ কৰিছে। ইয়াত প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু নিয়মৰ তথ্য দিয়া হৈছে। আনহাতে, পশ্চিমবংগ, কেৰালা, মেঘালয়, ত্ৰিপুৰা আৰু অসমত CAA বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে।

CAA সম্পৰ্কীয় ১০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ

১/ নাগৰিকত্ব কোনে পাব ?

২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত আহি বসতি স্থাপন কৰা শৰণাৰ্থীক নাগৰিকত্ব দিয়া হ’ব। আবেদনকাৰীয়ে ট্ৰেভেল ডকুমেণ্ট অবিহনে ভাৰতত প্ৰৱেশ কৰা বছৰটো উল্লেখ কৰিব লাগিব। ভাৰতত প্ৰৱেশৰ দিন, ভিছা বা ইমিগ্ৰেচন ষ্টাম্প আদিৰ ব্যৱস্থা কৰিব লাগিব ভাৰতত প্ৰৱেশ কৰিবলৈ।

২/ CAA ব্যৱস্থাই কেনেকৈ কাম কৰিব?

ৱেব পৰ্টেল বনোৱা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন। অনলাইন আবেদন কৰিব লাগিব। প্ৰথমে আৱেদন জিলা সমিতিলৈ যাব, তাৰ পিছত ক্ষমতাপ্ৰাপ্ত সমিতিলৈ প্ৰেৰণ কৰিব। ক্ষমতাপ্ৰাপ্ত সমিতিয়ে নাগৰিকত্ব সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াৰ মুৰব্বী হ’ব সঞ্চালক (চেন্সাছ অপাৰেচন)। লগতে থাকিব আৰু ৭ জন সদস্য। ইয়াৰ ভিতৰত থাকিব আই বি, বিদেশী, আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়, ডাকঘৰ আৰু ৰাজ্যিক তথ্য বিষয়া।

৩/ CAA ৰ অধীনত নাগৰিকত্বৰ বাবে কি কি নথি-পত্ৰৰ প্ৰয়োজন?

ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ অনলাইন ফৰ্মত অনুসূচী- ১এৰ অধীনত ৯ প্ৰকাৰৰ নথি-পত্ৰ বিচৰা হৈছে। আনহাতে তফছিল-১খৰ অধীনত ২০ ধৰণৰ নথি-পত্ৰ আৰু তফছিল-১চিৰ অধীনত শপতনামা দিব লাগিব। প্ৰথমতে ক’ব লাগিব যে তেওঁলোক পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ অমুছলমান শৰণাৰ্থী। ইয়াৰ বাবে পাছপ’ৰ্ট, জন্মৰ প্ৰমাণ পত্ৰ, শিক্ষাৰ প্ৰমাণ পত্ৰ, ড্ৰাইভিং লাইচেন্স, মাটি সম্পৰ্কীয় নথি-পত্ৰ দেখুৱাব লাগিব। আবেদনকাৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ৰেচন কাৰ্ড, জন্মৰ প্ৰমাণ পত্ৰ, পেন কাৰ্ড, মাটিৰ নথি, বিদ্যুৎ আৰু পানীৰ বিল, বিবাহৰ প্ৰমাণ পত্ৰ আদি দেখুৱাইও নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

৪/ নথি-পত্ৰ নাথাকিলে কি কৰিব?

প্ৰ-পত্ৰ পূৰণ কৰিবলৈ নথি-পত্ৰ থকাটো প্ৰয়োজনীয় কৰা হোৱা নাই। যদি কাৰোবাৰ হাতত কোনো নথি নাই তেন্তে তেওঁ তাৰ কাৰণ উল্লেখ কৰিব লাগিব। যদি কোনো নথি-পত্ৰ আছে তেন্তে তথ্য দিব লাগিব। তেওঁ যিখন ৰাজ্যত বাস কৰি আছে সেইখন ৰাজ্যৰ নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব।

৫/ প্ৰ-পত্ৰত কি কি পূৰণ কৰিব লাগিব?

অনলাইন ফৰ্মত মাক-দেউতাক বা স্বামীৰ নাম উল্লেখ কৰিব লাগিব আৰু কিমান দিন ভাৰতত বসবাস কৰি আছে সেয়া উল্লেখ কৰিব লাগিব। আৰু ক’ৰ পৰা, কোনখন দেশৰ পৰা আহিছে? তাত ক'ত আছিল? ভাৰতলৈ অহাৰ পিছত আপুনি কি কাম কৰি আছে? আপুনি কোন ধৰ্মৰ? এই প্ৰশ্নৰ উত্তৰ উল্লেখ কৰিব লাগিব।

৬/ বিবাহিত আৰু অবিবাহিতৰ বাবে সুকীয়া ফৰ্ম আছে নেকি?

ইয়াৰ বাবে ৱেব পৰ্টেলত এটা সুকীয়া ফৰ্ম আছে। যদি আপুনি ভাৰতলৈ অহাৰ পিছত কোনো ভাৰতীয়ক বিয়া কৰাইছে, তেন্তে সেই বিষয়েও তথ্য দিব লাগিব। শিশুৰ বাবেও এটা সুকীয়া প্ৰ-পত্ৰ দিয়া হৈছে।

৭/ অপৰাধজনিত অভিলেখৰ ক্ষেত্ৰত কি হ’ব?

যদি কোনো অপৰাধজনিত অভিলেখ আছে তেন্তে তাৰ বিষয়ে তথ্য দিব লাগিব। যদি চৰকাৰে অনুভৱ কৰে যে এনে ব্যক্তিক নাগৰিকত্ব দিয়াটোৱে ভাবুকি কঢ়িয়াই আনিব পাৰে, তেন্তে তেওঁৰ প্ৰ-পত্ৰ বাতিল কৰিব পৰা যাব।

৮/ কাৰোবাৰ নাগৰিকত্ব কাঢ়ি ল'ব পাৰি নেকি?

নাই, কাৰো নাগৰিকত্ব কাঢ়ি লোৱাৰ কোনো ব্যৱস্থা নাই। তাৰমানে কাৰো নাগৰিকত্বৰ প্ৰতি কোনো ভাবুকি নাই। গৃহমন্ত্ৰী অমিত শ্বাহে এক বিবৃতিযোগে CAA কাৰো নাগৰিকত্ব কাঢ়ি লোৱা আইন নহয় বুলিও কৈছিল। CAA ৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা ছটা অমুছলমান সম্প্ৰদায়ক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা আছে।
 
৯/ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ কেনেকৈ লাভ কৰিব?

প্ৰ-পত্ৰত সকলো তথ্য দিয়াৰ পিছত ইয়াৰ সত্যতা নিশ্চিত কৰি স্বাক্ষৰ কৰিব লাগিব। কোনো ধৰণৰ মিছা বা প্ৰৱঞ্চনাৰ ক্ষেত্ৰত প্ৰ-পত্ৰ বাতিল কৰিব পাৰিব। ভেৰিফিকেচন আৰু চৰকাৰৰ সন্তুষ্টিৰ পিছত জাৰি কৰা হ’ব ডিজিটেল চাৰ্টিফিকেট। যদি আবেদনকাৰীয়ে হাৰ্ড কপি বিচাৰে তেন্তে সেইটোও দিয়া হ’ব। প্ৰমাণপত্ৰত ডিজিটেল স্বাক্ষৰ বা স্বাক্ষৰ কৰিব ক্ষমতাপ্ৰাপ্ত সমিতিৰ অধ্যক্ষই। প্ৰাকৃতিককৰণৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা লোকসকলক সমিতিৰ দ্বাৰা প্ৰাকৃতিককৰণৰ ডিজিটেল প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

১০/ নাগৰিকত্বৰ বাবে কিবা চৰ্ত থাকিবনে?

- ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচৰা লোকসকলে আবেদনৰ তাৰিখৰ পূৰ্বে কমেও ১২ মাহ দেশত বাস কৰা হ’ব লাগিব, তেতিয়াহে তেওঁলোকে আবেদনৰ যোগ্য হ’ব। এই ১২ মাহৰ ঠিক আগৰ আঠ বছৰত দেশত কমেও ছবছৰ কটালেহে আবেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভৰ যোগ্যতা অৰ্জন কৰিব। আবেদনকাৰীয়ে তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্ব ‘অপ্ৰত্যাহাৰযোগ্যভাৱে ত্যাগ’ কৰি ভাৰতক নিজৰ ‘স্থায়ী ঘৰ’ হিচাপে গঢ়ি তুলিব বিচৰাৰ ঘোষণাও দাখিল কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু