--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগোপ সাগৰত প্ৰৱেশ কৰিছে চীনৰ চোৰাংচোৱা জাহাজ! সাগৰত বিভিন্ন জাহাজ নিৰীক্ষণ কৰা এটা ৱেবছাইটৰ তথ্য অনুসৰি ছিয়াং ইয়াং হং-১ নামৰ জাহাজখন ইতিমধ্যে বংগোপসাগৰলৈ ৰাওনা হৈছে। অনুমান কৰা হৈছে যে চীনে এই জাহাজখন ভাৰতৰ পূব উপকূলৰ নিৰীক্ষণৰ বাবে প্ৰেৰণ কৰিছে। অৱশ্যে বেইজিঙে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই।

জাহাজখনৰ গন্তব্যস্থানৰ ওপৰতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে কলম্বো বন্দৰ জাহাজখনৰ বাবে সম্ভাৱ্য পথ হ’ব পাৰে। অৱশ্যে শেহতীয়াকৈ শ্ৰীলংকাৰ ৰানিল উইক্ৰেমসিংহ চৰকাৰে কয় যে তেওঁলোকে এবছৰলৈকে দেশৰ কোনো বন্দৰত টহলদাৰী জাহাজ ডক নকৰে। চীনে কলম্বোক নিজৰ চোৰাংচোৱা জাহাজখন সেই দেশৰ বন্দৰলৈ লৈ যাবলৈ হেঁচা দিব বিচাৰে নেকি সেই বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত ভাৰতে নিৰীক্ষণ কৰি আছে।

শেহতীয়াকৈ ছিয়াং ইয়াং হং-৩ নামৰ আন এখন যুদ্ধ জাহাজ মালদ্বীপৰ ৰাজধানী মালে বন্দৰলৈ গৈছিল। সামৰিক বিশেষজ্ঞৰ এটা দলে জনোৱা মতে, চীনৰ সেনাবাহিনীৰ বিশেষ চাবমেৰিন অভিযানৰ পূৰ্বে ‘জৰীপ’ কৰিবলৈ প্ৰেৰণ কৰা হৈছে জাহাজখন। কিন্তু এ পি জে আব্দুল কালাম দ্বীপত থকা ভাৰতৰ ক্ষেপণাস্ত্ৰ ঘাটি আৰু বিশাখাপট্টনমৰ নৌসেনাৰ ঘাটিৰ সমীপত চীনৰ চোৰাংচোৱা জাহাজৰ চলাচল নতুন দিল্লীয়ে সদয়তাৰে গ্ৰহণ নকৰে।

বিগত কেইবছৰমানৰ পৰা চীনৰ চোৰাংচোৱা জাহাজ ‘ইউয়ান ৱাং ৫’, ‘হাই ইয়াং ২৪ হাও’ আৰু ‘শ্বি য়ান ৬’ শ্ৰীলংকাৰ হাম্বাণ্টোটা বন্দৰত অস্থায়ীভাৱে ডক কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি নতুন দিল্লী-কলম্বো দ্বিপাক্ষিক সম্পৰ্কত ‘স্নায়ুৰ যুদ্ধ’ আৰম্ভ হৈছে। ‘ছিয়াং ইয়াং হং-৩’য়েও হাম্বাণ্টোটাত লংঘন কৰাৰ কথা আছিল। কিন্তু ভাৰতৰ আপত্তিক সন্মান জনাই শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি উইক্ৰেমসিংহৰ চৰকাৰে চীনৰ মালবাহী জাহাজক দেশত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী