--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিদেশ ভ্ৰমণৰ বাবে প্ৰস্থান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ ১৩ জুলাইৰ পৰা তিনিদিনীয়া ভ্ৰমণৰ অংশ হিচাপে প্ৰথমে ফ্ৰান্স আৰু তাৰ পাছত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)লৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত ১৩ আৰু ১৪ জুলাইত ফ্ৰান্সত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বুধবাৰে (১২ জুলাই)বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এই তথ্য প্ৰদান কৰে৷

বৈদেশিক সচিবগৰাকীয়ে কয় যে কাইলৈ ​​প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাজধানী পেৰিছত উপস্থিত হ’ব।তদুপৰি  তেওঁ কয় যে, ‘১৪ জুলাইৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰধান আনুষ্ঠানিক অংশ।প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস- বেষ্টিল দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷এইটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে ফ্ৰান্সে দেখুওৱা এক অতি বিশেষ ইংগিত। ভাৰতীয় বায়ুসেনাৰ তিনিখন বিমানৰ সৈতে বেষ্টিল দিৱসৰ পেৰেডত সশস্ত্ৰ বাহিনীৰ এটা বৃহৎ ট্ৰাই চাৰ্ভিচ কনটিংগেণ্টেও অংশগ্ৰহণ কৰিব। ভাৰতীয় বায়ুসেনাৰ বিমানে বেষ্টিল দিৱস উদযাপনৰ শেষত ফ্লাইপাষ্ট কৰিব।’


বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি মেক্ৰনে ৰাজকীয় ভোজৰ আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সন্মানত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰো প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে কৌশলগত, বৈজ্ঞানিক, শৈক্ষিক আৰু অৰ্থনৈতিক সহযোগিতাৰ দৰে বিভিন্ন ক্ষেত্ৰত ভৱিষ্যতৰ সহযোগিতা অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ২৬৯ জনীয়া ত্ৰি-সেৱা বাহিনী এটা দলে বেষ্টিল দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে দুখন চি-১৭ গ্ল’বমাষ্টাৰ বিমানেৰে ৬ জুলাইত পেৰিছ অভিমুখে ৰাওনা হয়। হেলিকপ্টাৰ পাইলট স্কোয়াড্ৰন লিডাৰ সিন্ধু ৰেড্ডীয়ে ভাৰতীয় বায়ুসেনাৰ মাৰ্চিং কনটিঞ্জেণ্টক পেৰেডত নেতৃত্ব দিব। ভাৰতীয় বায়ুসেনাৰ কমেও তিনিখন ৰাফেল যুদ্ধ বিমানেও ইয়াত অংশগ্ৰহণ কৰিব।


দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সম্পূৰ্ণ কৰি উভতি অহা প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ জুলাইত আবুধাবি ভ্ৰমণ কৰিব, য’ত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিব পৰা ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিব।

বিবৃতিটোত কোৱা হৈছে যে ভাৰত-ইউ এ ইৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ শক্তি, শিক্ষা, স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, ফিনটেক, প্ৰতিৰক্ষা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত ইয়াক গভীৰ কৰাৰ পথত আগবাঢ়িছে অন্বেষণ কৰাৰ এক সুযোগ প্ৰদান কৰিব৷

ইয়াত লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োপক্ষই বিশ্বজনীন বিষয়ত সহযোগিতা সম্পৰ্কে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব, যিটো ইউ এ ইৰ চি অ’ পি-২৮ৰ সভাপতিত্ব আৰু ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ প্ৰেক্ষাপটত বিশেষভাৱে গুৰুত্বপূৰ্ণ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?