--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিদেশ ভ্ৰমণৰ বাবে প্ৰস্থান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বৃহস্পতিবাৰৰ পৰা অৰ্থাৎ ১৩ জুলাইৰ পৰা তিনিদিনীয়া ভ্ৰমণৰ অংশ হিচাপে প্ৰথমে ফ্ৰান্স আৰু তাৰ পাছত সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)লৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ আমন্ত্ৰণত ১৩ আৰু ১৪ জুলাইত ফ্ৰান্সত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বুধবাৰে (১২ জুলাই)বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এই তথ্য প্ৰদান কৰে৷

বৈদেশিক সচিবগৰাকীয়ে কয় যে কাইলৈ ​​প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাজধানী পেৰিছত উপস্থিত হ’ব।তদুপৰি  তেওঁ কয় যে, ‘১৪ জুলাইৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ প্ৰধান আনুষ্ঠানিক অংশ।প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস- বেষ্টিল দিৱসত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷এইটো প্ৰধানমন্ত্ৰী মোদীৰ বাবে ফ্ৰান্সে দেখুওৱা এক অতি বিশেষ ইংগিত। ভাৰতীয় বায়ুসেনাৰ তিনিখন বিমানৰ সৈতে বেষ্টিল দিৱসৰ পেৰেডত সশস্ত্ৰ বাহিনীৰ এটা বৃহৎ ট্ৰাই চাৰ্ভিচ কনটিংগেণ্টেও অংশগ্ৰহণ কৰিব। ভাৰতীয় বায়ুসেনাৰ বিমানে বেষ্টিল দিৱস উদযাপনৰ শেষত ফ্লাইপাষ্ট কৰিব।’


বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি মেক্ৰনে ৰাজকীয় ভোজৰ আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ সন্মানত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰো প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে কৌশলগত, বৈজ্ঞানিক, শৈক্ষিক আৰু অৰ্থনৈতিক সহযোগিতাৰ দৰে বিভিন্ন ক্ষেত্ৰত ভৱিষ্যতৰ সহযোগিতা অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ২৬৯ জনীয়া ত্ৰি-সেৱা বাহিনী এটা দলে বেষ্টিল দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে দুখন চি-১৭ গ্ল’বমাষ্টাৰ বিমানেৰে ৬ জুলাইত পেৰিছ অভিমুখে ৰাওনা হয়। হেলিকপ্টাৰ পাইলট স্কোয়াড্ৰন লিডাৰ সিন্ধু ৰেড্ডীয়ে ভাৰতীয় বায়ুসেনাৰ মাৰ্চিং কনটিঞ্জেণ্টক পেৰেডত নেতৃত্ব দিব। ভাৰতীয় বায়ুসেনাৰ কমেও তিনিখন ৰাফেল যুদ্ধ বিমানেও ইয়াত অংশগ্ৰহণ কৰিব।


দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সম্পূৰ্ণ কৰি উভতি অহা প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ জুলাইত আবুধাবি ভ্ৰমণ কৰিব, য’ত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই নিব পৰা ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিব।

বিবৃতিটোত কোৱা হৈছে যে ভাৰত-ইউ এ ইৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ শক্তি, শিক্ষা, স্বাস্থ্যসেৱা, খাদ্য সুৰক্ষা, ফিনটেক, প্ৰতিৰক্ষা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত ইয়াক গভীৰ কৰাৰ পথত আগবাঢ়িছে অন্বেষণ কৰাৰ এক সুযোগ প্ৰদান কৰিব৷

ইয়াত লগতে কোৱা হৈছে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োপক্ষই বিশ্বজনীন বিষয়ত সহযোগিতা সম্পৰ্কে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব, যিটো ইউ এ ইৰ চি অ’ পি-২৮ৰ সভাপতিত্ব আৰু ভাৰতৰ জি-২০ৰ সভাপতিত্বৰ প্ৰেক্ষাপটত বিশেষভাৱে গুৰুত্বপূৰ্ণ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু