--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰস্তুতি তুংগত উঠিছে দেশৰ বিৰোধী দলসমূহৰ৷ শাসকীয় পক্ষক প্ৰতিহত কৰিবলৈ যথাসম্ভৱ সকলো ৰণনীতি গ্ৰহণ কৰিবলৈ সাজু বিৰোধী শিবিৰ৷ 

ক্ৰমশঃ শক্তিশালী হৈছে বিজেপি বিৰোধী ঐক্যমৰ্চা৷ এটাৰ পাছত এটা বিৰোধী দলে যোগ দিব ধৰিছে বিৰোধী ঐক্যমৰ্চাত। ’২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটোৱেই লক্ষ্য হিচাপে লৈছে এই প্ৰতিটো দলে। ২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল বিৰোধী ঐক্যমৰ্চাৰ মহাসন্মিলন৷ 

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আহ্বানত অনুষ্ঠিত এই বৈঠকত বিৰোধী ঐক্যৰ ভেটি সবল হৈছিল। এতিয়া অহা ১৭-১৮ জুলাইত বাংগালুৰুত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বিৰোধী মৰ্চাৰ। বৈঠকত মুখ্য বিৰোধী দল কংগ্ৰেছৰ লগতে সমাজবাদী পাৰ্টী, JDU, RJDৰ নেতৃত্ব উপস্থিত আছিল। মুঠ ১৫টা বিৰোধী দল উপস্থিত আছিল পাটনাৰ বৈঠকত। কিন্তু ১৭-১৮ জুলাইৰ বাংগালুৰুৰ বৈঠকত উপস্থিত থাকিব ২৪ টাকৈ বিৰোধী দল। 

১৭-১৮ জুলাইৰ বৈঠকত অংশ গ্ৰহণ কৰা নতুন দলকেইটাৰ ভিতৰত আছে MDMK, KDMK, VCK, RSP, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। লগতে নতুনকৈ অংশগ্ৰহণ কৰিব ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, কেৰালা কংগ্ৰেছ (জোচেফ) আৰু কেৰালা কংগ্ৰেছ (মণি) গোটেও। গুৰুত্বপূৰ্ণ যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত KDMK আৰু MDMK বিজেপিৰ সহযোগী আছিল। বাংগালুৰুৰ বৈঠকত এটা বিশেষ ফৰ্মূলাত আলোচনা কৰিব বিৰোধী ঐক্যমৰ্চাই। 

দেশৰ প্ৰতিটো লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে একোজনকৈ ঐক্যমৰ্চাৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ সন্দৰ্ভতে হ’ব আলোচনা। তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়ে দিছিল এই ফৰ্মূলা। এই ফৰ্মূলা মতে ’২৪ত নিৰ্বাচন খেলিলে বিজেপিৰ অধিকাংশ প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত। বাংগালুৰুৰ বৈঠকত এই ফৰ্মূলাৰ বাস্তৱ ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰিব ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জী, নীতিশ কুমাৰ, অখিলেশ যাদৱ প্ৰমুখ্যে বিৰোধী নেতৃবৰ্গই। 

বৈঠকখনক লৈ তৎপৰতা অৱলম্বন কৰিছে এতিয়া ছোনিয়া গান্ধীয়েও। বৈঠকৰ পূৰ্বে বিৰোধী নেতৃবৰ্গক নৈশভোজলৈ নিমন্ত্ৰণ কৰিছে ছোনিয়াই। নৈশভোজলৈ নিমন্ত্ৰণ কৰা হৈছে ঐক্যমৰ্চাত যোগ দিবলৈ অনিচ্ছুক হৈ থকা আপকো। ইফালে, দেশৰ অধিকাংশ বিৰোধী দল ঐক্যবদ্ধ হোৱাত শংকিত হৈ পৰিছে বিজেপি। বিজেপিয়েও NDAক উজ্জীৱিত কৰি মৰ্চা ৰাজনীতিৰে বিৰোধী মৰ্চাক প্ৰত্যাহ্বানৰ যো-জা চলাইছে। 

ইয়াৰ বাবে বিৰোধীৰ ঐক্যমৰ্চাৰ বৈঠকৰ দিন ১৮ জুলাইতে NDAৰ বৈঠকৰ আহ্বান জনাইছে বিজেপিয়ে। এই বৈঠকত বিজেপিৰ আমন্ত্ৰণত অংশগ্ৰহণ কৰিব তেলুগু দেশম, আকালি দল, লোক জনশক্তি পাৰ্টীৰ RV গোটেও। গুৰুত্বপূৰ্ণ যে বিজেপিৰ অহেতুক আধিপত্য সহিব নোৱাৰি এই তিনিওটা দলেই এসময়ত ত্যাগ কৰিছিল NDA। 

এতিয়া বিৰোধী মৰ্চাৰ শক্তিশালী প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ বিজেপিৰ অমিত শ্বাহ, জে পি নাড্ডাই বৈঠকলৈ আমন্ত্ৰণ জনাইছে দল তিনিটাক। দল তিনিটাৰ সৈতে ’২৪ৰ নিৰ্বাচনত আসনৰ বুজাবুজি কৰিবলৈও সাজু হৈছে বিজেপি। ’২৪ৰ নিৰ্বাচনলৈ বৰ্তমান এটা বছৰো নাই, তেনে সময়তে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই এতিয়া প্ৰাসংগিক কৰি তুলিছে মৰ্চা ৰাজনীতি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
সাধু-সন্ন্যাসীৰে উখল-মাখল কামাখ্যা, আজি বন্ধ হ'ব মন্দিৰৰ দুৱাৰ
ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত