--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰস্তুতি তুংগত উঠিছে দেশৰ বিৰোধী দলসমূহৰ৷ শাসকীয় পক্ষক প্ৰতিহত কৰিবলৈ যথাসম্ভৱ সকলো ৰণনীতি গ্ৰহণ কৰিবলৈ সাজু বিৰোধী শিবিৰ৷ 

ক্ৰমশঃ শক্তিশালী হৈছে বিজেপি বিৰোধী ঐক্যমৰ্চা৷ এটাৰ পাছত এটা বিৰোধী দলে যোগ দিব ধৰিছে বিৰোধী ঐক্যমৰ্চাত। ’২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাটোৱেই লক্ষ্য হিচাপে লৈছে এই প্ৰতিটো দলে। ২৩ জুনত পাটনাত অনুষ্ঠিত হৈছিল বিৰোধী ঐক্যমৰ্চাৰ মহাসন্মিলন৷ 

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ আহ্বানত অনুষ্ঠিত এই বৈঠকত বিৰোধী ঐক্যৰ ভেটি সবল হৈছিল। এতিয়া অহা ১৭-১৮ জুলাইত বাংগালুৰুত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বিৰোধী মৰ্চাৰ। বৈঠকত মুখ্য বিৰোধী দল কংগ্ৰেছৰ লগতে সমাজবাদী পাৰ্টী, JDU, RJDৰ নেতৃত্ব উপস্থিত আছিল। মুঠ ১৫টা বিৰোধী দল উপস্থিত আছিল পাটনাৰ বৈঠকত। কিন্তু ১৭-১৮ জুলাইৰ বাংগালুৰুৰ বৈঠকত উপস্থিত থাকিব ২৪ টাকৈ বিৰোধী দল। 

১৭-১৮ জুলাইৰ বৈঠকত অংশ গ্ৰহণ কৰা নতুন দলকেইটাৰ ভিতৰত আছে MDMK, KDMK, VCK, RSP, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। লগতে নতুনকৈ অংশগ্ৰহণ কৰিব ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ, কেৰালা কংগ্ৰেছ (জোচেফ) আৰু কেৰালা কংগ্ৰেছ (মণি) গোটেও। গুৰুত্বপূৰ্ণ যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত KDMK আৰু MDMK বিজেপিৰ সহযোগী আছিল। বাংগালুৰুৰ বৈঠকত এটা বিশেষ ফৰ্মূলাত আলোচনা কৰিব বিৰোধী ঐক্যমৰ্চাই। 

দেশৰ প্ৰতিটো লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে একোজনকৈ ঐক্যমৰ্চাৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ সন্দৰ্ভতে হ’ব আলোচনা। তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়ে দিছিল এই ফৰ্মূলা। এই ফৰ্মূলা মতে ’২৪ত নিৰ্বাচন খেলিলে বিজেপিৰ অধিকাংশ প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত। বাংগালুৰুৰ বৈঠকত এই ফৰ্মূলাৰ বাস্তৱ ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰিব ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জী, নীতিশ কুমাৰ, অখিলেশ যাদৱ প্ৰমুখ্যে বিৰোধী নেতৃবৰ্গই। 

বৈঠকখনক লৈ তৎপৰতা অৱলম্বন কৰিছে এতিয়া ছোনিয়া গান্ধীয়েও। বৈঠকৰ পূৰ্বে বিৰোধী নেতৃবৰ্গক নৈশভোজলৈ নিমন্ত্ৰণ কৰিছে ছোনিয়াই। নৈশভোজলৈ নিমন্ত্ৰণ কৰা হৈছে ঐক্যমৰ্চাত যোগ দিবলৈ অনিচ্ছুক হৈ থকা আপকো। ইফালে, দেশৰ অধিকাংশ বিৰোধী দল ঐক্যবদ্ধ হোৱাত শংকিত হৈ পৰিছে বিজেপি। বিজেপিয়েও NDAক উজ্জীৱিত কৰি মৰ্চা ৰাজনীতিৰে বিৰোধী মৰ্চাক প্ৰত্যাহ্বানৰ যো-জা চলাইছে। 

ইয়াৰ বাবে বিৰোধীৰ ঐক্যমৰ্চাৰ বৈঠকৰ দিন ১৮ জুলাইতে NDAৰ বৈঠকৰ আহ্বান জনাইছে বিজেপিয়ে। এই বৈঠকত বিজেপিৰ আমন্ত্ৰণত অংশগ্ৰহণ কৰিব তেলুগু দেশম, আকালি দল, লোক জনশক্তি পাৰ্টীৰ RV গোটেও। গুৰুত্বপূৰ্ণ যে বিজেপিৰ অহেতুক আধিপত্য সহিব নোৱাৰি এই তিনিওটা দলেই এসময়ত ত্যাগ কৰিছিল NDA। 

এতিয়া বিৰোধী মৰ্চাৰ শক্তিশালী প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ বিজেপিৰ অমিত শ্বাহ, জে পি নাড্ডাই বৈঠকলৈ আমন্ত্ৰণ জনাইছে দল তিনিটাক। দল তিনিটাৰ সৈতে ’২৪ৰ নিৰ্বাচনত আসনৰ বুজাবুজি কৰিবলৈও সাজু হৈছে বিজেপি। ’২৪ৰ নিৰ্বাচনলৈ বৰ্তমান এটা বছৰো নাই, তেনে সময়তে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে দেশৰ ৰাজনীতি। কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলেই এতিয়া প্ৰাসংগিক কৰি তুলিছে মৰ্চা ৰাজনীতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement