--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি গণেশ চতুৰ্থীৰ উৎসৱ ৩১ আগষ্টৰ দিনা ধূমধূমাৰে পালন কৰা হয়। গণেশ চতুৰ্থীত ১০দিনলৈ গণপতিৰ আৰাধনা কৰা হয়। হিন্দু ধৰ্মত এনে মান্যতা আছে যে গণেশ চতুৰ্থীত যাৰ ঘৰত গণপতিৰ স্থাপনা কৰা হয় আৰু সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে গণপতিৰ পূজা কৰা হয়, সেই ঘৰত সদায়ে গণপতিৰ কৃপা দৃষ্টি থাকে।গণেশ চতুৰ্থীৰ উৎসৱ গণপতিৰ জন্মোৎসৱ ৰূপে সকলোতে পালন কৰা হয়।এইদিনা গণপতিৰ মূৰ্তি স্থাপন কৰা হয়।

ঘৰত গণপতিৰ মূৰ্তি স্থাপন কৰিলে এইসমূহ কথা মন কৰিব লাগে-

১. দিশ-

গণপতিৰ মূৰ্তিক কেতিয়াও-দক্ষিণ দিশৰ ফালে মুখ কৰি ৰাখিব নালাগে আৰু দক্ষিণ কোণত মূৰ্তি স্থাপন কৰিব নালাগে।গণপতিৰ মূৰ্তি স্থাপন কৰিবলৈ উত্তৰ-পূব অৰ্থাৎ ঈশান কোণ সকলোতকৈ উত্তম মনা হয়।লগতে গণপতিৰ মূৰ্তি ঘৰত পশ্চিম বা উত্তৰ দিশে ৰাখিব পাৰে।

২. পূজা স্থানত পাৰিব লাগে ৰঙা কাপোৰ-

গণপতিৰ মূৰ্তিক মাটিত ৰাখিব নালাগে।মাটিত ৰঙা কাপোৰ পাৰি গণপতিৰ মূৰ্তি ৰাখিব লাগে।

৩. গণপতিৰ এনে মূৰ্তি ঘৰলৈ আনিব লাগে-

ঘৰত গণপতিৰ মূৰ্তি স্থাপিত কৰাৰ সময়ত-গণপতিৰ মূৰ্তিৰ সঠিক নিৰ্বাচন কৰিব লাগে।বহি থকা গণপতিৰ মূৰ্তি ঘৰত স্থাপিত কৰিব লাগে।কেতিয়াও এনে মূৰ্তি ঘৰলৈ আনিব নালাগে-যত গণপতি থিয় হৈ থাকে।বহি থকা গণপতিৰ মূৰ্তি ঘৰৰ বাবে শুভ মনা হয়।

৪. গণপতিৰ এই ৰঙৰ মূৰ্তি শুভ হয়-

গণেশ চতুৰ্থীত আপুনি আপোনাৰ পচন্দৰ যিকোনো ৰঙৰ মূৰ্তি ঘৰলৈ আনিব পাৰে।কিন্তু ঘৰত বগা বা সেন্দুৰীয়া ৰঙৰ গণপতিৰ স্থাপিত কৰে-তেন্তে শুভ মনা হয়।

৫. গণপতিৰ শুৰডালৰ বিশেষ ধ্যান ৰাখিব লাগে-

ঘৰত গণপতিৰ স্থাপিত কৰাৰ সময়ত-ভগৱান গণেশৰ শুৰডালৰ বিশেষ ধ্যান ৰাখিব লাগে।বাঁওফালৰ শুৰ থকা গণপতিক বামমুখী গণপতি কোৱা হয় আৰু সোঁফালে শুৰ থকা গণপতিক সিদ্ধি বিনায়ক কোৱা হয়।বাঁওফালে শুৰ থকা গণপতি অৰ্থাৎ বামমুখী গণেশৰ পূজা কৰা সহজ হয়।সেইবাবে এইফালে শুৰ থকা গণপতিক-ঘৰত স্থাপিত কৰিব লাগে।সোঁফালে শুৰ থকা গণপতিৰ পূজাত বিশেষ নিয়ম পালন কৰিব লাগে।যি মন্দিৰ বা ধাৰ্মিক স্থলত সম্ভৱ হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement