--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশজুৰি গণেশ চতুৰ্থীৰ উৎসৱ ৩১ আগষ্টৰ দিনা ধূমধূমাৰে পালন কৰা হয়। গণেশ চতুৰ্থীত ১০দিনলৈ গণপতিৰ আৰাধনা কৰা হয়। হিন্দু ধৰ্মত এনে মান্যতা আছে যে গণেশ চতুৰ্থীত যাৰ ঘৰত গণপতিৰ স্থাপনা কৰা হয় আৰু সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে গণপতিৰ পূজা কৰা হয়, সেই ঘৰত সদায়ে গণপতিৰ কৃপা দৃষ্টি থাকে।গণেশ চতুৰ্থীৰ উৎসৱ গণপতিৰ জন্মোৎসৱ ৰূপে সকলোতে পালন কৰা হয়।এইদিনা গণপতিৰ মূৰ্তি স্থাপন কৰা হয়।

ঘৰত গণপতিৰ মূৰ্তি স্থাপন কৰিলে এইসমূহ কথা মন কৰিব লাগে-

১. দিশ-

গণপতিৰ মূৰ্তিক কেতিয়াও-দক্ষিণ দিশৰ ফালে মুখ কৰি ৰাখিব নালাগে আৰু দক্ষিণ কোণত মূৰ্তি স্থাপন কৰিব নালাগে।গণপতিৰ মূৰ্তি স্থাপন কৰিবলৈ উত্তৰ-পূব অৰ্থাৎ ঈশান কোণ সকলোতকৈ উত্তম মনা হয়।লগতে গণপতিৰ মূৰ্তি ঘৰত পশ্চিম বা উত্তৰ দিশে ৰাখিব পাৰে।

২. পূজা স্থানত পাৰিব লাগে ৰঙা কাপোৰ-

গণপতিৰ মূৰ্তিক মাটিত ৰাখিব নালাগে।মাটিত ৰঙা কাপোৰ পাৰি গণপতিৰ মূৰ্তি ৰাখিব লাগে।

৩. গণপতিৰ এনে মূৰ্তি ঘৰলৈ আনিব লাগে-

ঘৰত গণপতিৰ মূৰ্তি স্থাপিত কৰাৰ সময়ত-গণপতিৰ মূৰ্তিৰ সঠিক নিৰ্বাচন কৰিব লাগে।বহি থকা গণপতিৰ মূৰ্তি ঘৰত স্থাপিত কৰিব লাগে।কেতিয়াও এনে মূৰ্তি ঘৰলৈ আনিব নালাগে-যত গণপতি থিয় হৈ থাকে।বহি থকা গণপতিৰ মূৰ্তি ঘৰৰ বাবে শুভ মনা হয়।

৪. গণপতিৰ এই ৰঙৰ মূৰ্তি শুভ হয়-

গণেশ চতুৰ্থীত আপুনি আপোনাৰ পচন্দৰ যিকোনো ৰঙৰ মূৰ্তি ঘৰলৈ আনিব পাৰে।কিন্তু ঘৰত বগা বা সেন্দুৰীয়া ৰঙৰ গণপতিৰ স্থাপিত কৰে-তেন্তে শুভ মনা হয়।

৫. গণপতিৰ শুৰডালৰ বিশেষ ধ্যান ৰাখিব লাগে-

ঘৰত গণপতিৰ স্থাপিত কৰাৰ সময়ত-ভগৱান গণেশৰ শুৰডালৰ বিশেষ ধ্যান ৰাখিব লাগে।বাঁওফালৰ শুৰ থকা গণপতিক বামমুখী গণপতি কোৱা হয় আৰু সোঁফালে শুৰ থকা গণপতিক সিদ্ধি বিনায়ক কোৱা হয়।বাঁওফালে শুৰ থকা গণপতি অৰ্থাৎ বামমুখী গণেশৰ পূজা কৰা সহজ হয়।সেইবাবে এইফালে শুৰ থকা গণপতিক-ঘৰত স্থাপিত কৰিব লাগে।সোঁফালে শুৰ থকা গণপতিৰ পূজাত বিশেষ নিয়ম পালন কৰিব লাগে।যি মন্দিৰ বা ধাৰ্মিক স্থলত সম্ভৱ হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু