--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ তিথিত শিৱ-পাৰ্বতী নন্দন গণেশজীৰ জন্ম হৈছিল। ইয়াৰ বাবেই প্ৰতি বছৰে মাঘ শুক্ল চতুৰ্থী বা মাঘ বিনায়ক চতুৰ্থীত গণেশ জয়ন্তী পালন কৰা হয়। সকলো দেৱতাৰ ভিতৰত ভগৱান গণেশক প্ৰথম পূজা কৰা দেৱতা বুলি গণ্য কৰা হয়। এইবাৰ গণেশ জয়ন্তী পূজা কাইলৈ অৰ্থাৎ ২৫ জানুৱাৰীত উদযাপন কৰা হ’ব। এইবাৰ গণেশ জয়ন্তীৰ দিনা ৰাজ পঞ্চক পৰিছে। ৰাজ পঞ্চকত মানুহে ধন-সম্পত্তি, সফলতা লাভ কৰে। ৰাজ পঞ্চকে সদায় শুভ ফল দিয়ে। 

এইবাৰ গণেশ জয়ন্তী উপলক্ষে ৰবি যোগ গঠন কৰা হ’ব। ৰবি যোগে অশুভ শক্তি দূৰ কৰে আৰু মংগল প্ৰদান কৰে। এই দিনটোত পুৱা ০৭:১৩ বজাৰ পৰা নিশা ০৮:০৫ বজালৈ ৰবি যোগ আছে। গণেশ জয়ন্তীৰ দিনা গণপতি বাপ্পা পূজাক কৰাৰ শুভ সময় পুৱা ১১:২৯ বজাৰ পৰা দুপৰীয়া ১২:৩৪ বজালৈ। গণেশক সদায় দিনত পূজা কৰা হয় কাৰণ এই সময়ত চন্দ্ৰ দৰ্শন নিষিদ্ধ।

জ্যোতিষ শাস্ত্ৰৰ মতে এই দিনটোত কিছুমান বিশেষ কৌশল অৱলম্বন কৰি নিজৰ ভাগ্য উজ্জ্বল কৰিব পাৰি। ইয়াৰ প্ৰভাৱৰ বাবে শ্ৰী গণেশৰ কৃপা লাভ লভাৰ লগতে ভক্তসকলৰ সকলো কামনা পূৰণ হয়। এই কৌশলবোৰৰ বিষয়ে জানো আহক।

গণেশ পূজাত কি কি কৰিব লাগে

১) গণেশ পূজাৰ দিনা শ্ৰী গণেশৰ অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত গণেশক অভিষেক কৰিলে তেওঁৰ আশীৰ্বাদ সোনকালে লাভ কৰিব পাৰি। গণেশজীৰ অভিষেকৰ পিছত নিশ্চিতভাৱে গণপতি চালিছা পাঠ কৰক বা শুনক।

২) গণেশযন্ত্ৰক শাস্ত্ৰত অতি অলৌকিক যন্ত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই পূজাত ইয়াক প্ৰতিষ্ঠা কৰাটো বিশেষভাৱে ফলপ্ৰসূ। ঘৰত এই যন্ত্ৰ প্ৰতিষ্ঠা কৰি পূজা কৰিলে কোনো অশুভ শক্তি ঘৰত প্ৰৱেশ নকৰে।

৩) যদি আপুনি দীৰ্ঘদিন ধৰি কোনো সমস্যাত অশান্তি পাইছে তেন্তে গণেশ পূজাৰ দিনা হাতীক সেউজীয়া পশুখাদ্য খুৱাব। ভগৱান গণেশৰ মন্দিৰলৈ গৈ তেওঁক প্ৰাৰ্থনা কৰক। হাতীক সেউজীয়া পশুখাদ্য খুৱালে সমস্যাবোৰ সোনকালে শেষ হয়।

৪) ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ পূজাৰ দিনা স্নান কৰি ভগৱান শ্ৰী গণেশক গুড় আৰু বিশুদ্ধ ঘিউৰে বনোৱা ভোগ আগবঢ়াওক। ইয়াৰ পিছত এই ভোগৰ প্ৰসাদ গৰুক খুৱাব। এই প্ৰতিকাৰে ধন সম্পৰ্কীয় সমস্যা দূৰ কৰে।

৫) যিকোনো ইচ্ছা পূৰণৰ বাবে ভগৱান শ্ৰী গণেশৰ মন্দিৰত গৈ ২১ টা গুড়ৰ টুকুৰা প্ৰস্তুত কৰি দূৰ্বাৰ সৈতে অৰ্পণ কৰক। এনে কৰিলে যিকোনো ইচ্ছা শীঘ্ৰে পূৰণ হয়।

৬) বিবাহত কোনো সমস্যা হ'লে গণেশ পূজাৰ দিনা ৰোজা ৰাখি বাপ্পাক বুন্দিয়া লাড়ু বা মোদক আৰু ক্ষীৰ অৰ্পণ কৰক। এনে কৰিলে অতি সোনকালে বিবাহৰ বাধা আঁতৰিব। গণেশ পূজাৰ দিনা ভগৱান শ্ৰী গণেশক হালধীয়া ৰঙৰ মিঠাই আগবঢ়োৱাটোও শুভ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী