--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ তিথিত শিৱ-পাৰ্বতী নন্দন গণেশজীৰ জন্ম হৈছিল। ইয়াৰ বাবেই প্ৰতি বছৰে মাঘ শুক্ল চতুৰ্থী বা মাঘ বিনায়ক চতুৰ্থীত গণেশ জয়ন্তী পালন কৰা হয়। সকলো দেৱতাৰ ভিতৰত ভগৱান গণেশক প্ৰথম পূজা কৰা দেৱতা বুলি গণ্য কৰা হয়। এইবাৰ গণেশ জয়ন্তী পূজা কাইলৈ অৰ্থাৎ ২৫ জানুৱাৰীত উদযাপন কৰা হ’ব। এইবাৰ গণেশ জয়ন্তীৰ দিনা ৰাজ পঞ্চক পৰিছে। ৰাজ পঞ্চকত মানুহে ধন-সম্পত্তি, সফলতা লাভ কৰে। ৰাজ পঞ্চকে সদায় শুভ ফল দিয়ে। 

এইবাৰ গণেশ জয়ন্তী উপলক্ষে ৰবি যোগ গঠন কৰা হ’ব। ৰবি যোগে অশুভ শক্তি দূৰ কৰে আৰু মংগল প্ৰদান কৰে। এই দিনটোত পুৱা ০৭:১৩ বজাৰ পৰা নিশা ০৮:০৫ বজালৈ ৰবি যোগ আছে। গণেশ জয়ন্তীৰ দিনা গণপতি বাপ্পা পূজাক কৰাৰ শুভ সময় পুৱা ১১:২৯ বজাৰ পৰা দুপৰীয়া ১২:৩৪ বজালৈ। গণেশক সদায় দিনত পূজা কৰা হয় কাৰণ এই সময়ত চন্দ্ৰ দৰ্শন নিষিদ্ধ।

জ্যোতিষ শাস্ত্ৰৰ মতে এই দিনটোত কিছুমান বিশেষ কৌশল অৱলম্বন কৰি নিজৰ ভাগ্য উজ্জ্বল কৰিব পাৰি। ইয়াৰ প্ৰভাৱৰ বাবে শ্ৰী গণেশৰ কৃপা লাভ লভাৰ লগতে ভক্তসকলৰ সকলো কামনা পূৰণ হয়। এই কৌশলবোৰৰ বিষয়ে জানো আহক।

গণেশ পূজাত কি কি কৰিব লাগে

১) গণেশ পূজাৰ দিনা শ্ৰী গণেশৰ অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত গণেশক অভিষেক কৰিলে তেওঁৰ আশীৰ্বাদ সোনকালে লাভ কৰিব পাৰি। গণেশজীৰ অভিষেকৰ পিছত নিশ্চিতভাৱে গণপতি চালিছা পাঠ কৰক বা শুনক।

২) গণেশযন্ত্ৰক শাস্ত্ৰত অতি অলৌকিক যন্ত্ৰ হিচাপে বৰ্ণনা কৰা হৈছে। এই পূজাত ইয়াক প্ৰতিষ্ঠা কৰাটো বিশেষভাৱে ফলপ্ৰসূ। ঘৰত এই যন্ত্ৰ প্ৰতিষ্ঠা কৰি পূজা কৰিলে কোনো অশুভ শক্তি ঘৰত প্ৰৱেশ নকৰে।

৩) যদি আপুনি দীৰ্ঘদিন ধৰি কোনো সমস্যাত অশান্তি পাইছে তেন্তে গণেশ পূজাৰ দিনা হাতীক সেউজীয়া পশুখাদ্য খুৱাব। ভগৱান গণেশৰ মন্দিৰলৈ গৈ তেওঁক প্ৰাৰ্থনা কৰক। হাতীক সেউজীয়া পশুখাদ্য খুৱালে সমস্যাবোৰ সোনকালে শেষ হয়।

৪) ধন সম্পৰ্কীয় সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ গণেশ পূজাৰ দিনা স্নান কৰি ভগৱান শ্ৰী গণেশক গুড় আৰু বিশুদ্ধ ঘিউৰে বনোৱা ভোগ আগবঢ়াওক। ইয়াৰ পিছত এই ভোগৰ প্ৰসাদ গৰুক খুৱাব। এই প্ৰতিকাৰে ধন সম্পৰ্কীয় সমস্যা দূৰ কৰে।

৫) যিকোনো ইচ্ছা পূৰণৰ বাবে ভগৱান শ্ৰী গণেশৰ মন্দিৰত গৈ ২১ টা গুড়ৰ টুকুৰা প্ৰস্তুত কৰি দূৰ্বাৰ সৈতে অৰ্পণ কৰক। এনে কৰিলে যিকোনো ইচ্ছা শীঘ্ৰে পূৰণ হয়।

৬) বিবাহত কোনো সমস্যা হ'লে গণেশ পূজাৰ দিনা ৰোজা ৰাখি বাপ্পাক বুন্দিয়া লাড়ু বা মোদক আৰু ক্ষীৰ অৰ্পণ কৰক। এনে কৰিলে অতি সোনকালে বিবাহৰ বাধা আঁতৰিব। গণেশ পূজাৰ দিনা ভগৱান শ্ৰী গণেশক হালধীয়া ৰঙৰ মিঠাই আগবঢ়োৱাটোও শুভ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ