--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। এইবাৰ এই শুভ তাৰিখ কাইলৈ ​​অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত পৰিছে। পৌৰাণিক বিশ্বাস অনুসৰি এই শুভ তাৰিখত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হয়। লগতে ভগৱান শিৱ প্ৰথমবাৰৰ বাবে জ্যোতিৰ্লিংগ ৰূপত আবিৰ্ভাৱ হয়। মহাশিৱৰাত্ৰীৰ পূজাৰ সময়ত কিছুমান ভুল কেতিয়াও কৰিব নালাগে। এই ভুল কৰিলে ৰুষ্ট হয় মহাদেৱ।

১) শংখ ব্যৱহাৰ নকৰিবঃ মহাশিৱৰাত্ৰিৰ দিনা শংখ ব্যৱহাৰ নকৰিব। পৌৰাণিক কাহিনী অনুসৰি ভগৱান শিৱই শংখচূৰ নামৰ এটা অসুৰক হত্যা কৰিছিল, যাৰ বাবে শংখ ব্যৱহাৰ কৰিব নালাগে। ভগৱান শিৱৰ পূজাত শংখ ৰখাটো নিষিদ্ধ বুলি কোৱা হয়।

২) প্ৰদক্ষিণঃ মহাশিৱৰাত্ৰিৰ পূজাৰ পিছত শিৱলিংগৰ সম্পূৰ্ণ প্ৰদক্ষিণ নকৰিব। লিংগ পুৰাণ আৰু শিৱ পুৰাণত কোৱাৰ দৰে শিৱলিংগৰ প্ৰদক্ষিণ সদায় আধালৈকে কৰা হয়। প্ৰদক্ষিনৰ আধা অংশ চন্দ্ৰমাৰ পৰিক্ৰম বুলি কোৱা হয়।

৩) বেলপাত আগবঢ়োৱাৰ সময়ত এই কথা মনত ৰাখিবঃ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত বেলপাত আগবঢ়োৱাৰ সময়ত সদায় মনত ৰাখিব যে বেলপাত ফটা হ’ব নালাগে, বেলপাতত তিনিটা পাত সম্পূৰ্ণ থাকিব লাগে। 

৪) শিৱলিংগত এইবোৰ বস্তু আগবঢ়াব নালাগেঃ শিৱক পূজা কৰাৰ সময়ত হালধি নিদিব, কিন্তু হালধীয়া চন্দন অৰ্পণ কৰিব পাৰে। হালধিৰ লগতে সেন্দুৰ আৰু ৰংগোলীৰ ৰং আগবঢ়াব নালাগে। 

৫) এই ফুলবোৰ শিৱলিংগত নিবেদন নকৰিবঃ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ পূজাত তুলসী পাত, কেতকি, পদুম ফুল নিবেদন কৰা নহয়। এই কামটো শিৱপুৰাণত নিষিদ্ধ বুলি কোৱা হৈছে। সেইবাবেই মনত ৰাখিব যে এইবোৰ বস্তু পূজাৰ থালত থাকিব নালাগে। ইয়াৰ পৰিবৰ্তে বেলপাত, ভাং আৰু ধতুৰা ইত্যাদি আগবঢ়াব পাৰে।

৬) অক্ষত চাউল ৰাখিবঃ মহাশিৱৰাত্ৰিৰ পূজাত ব্যৱহাৰ কৰা চাউল অক্ষত অৱস্থাত থাকিব লাগে। ভঙা-চিঙা চাউল ব্যৱহাৰ কৰিব নালাগে।পূজাৰ থালত ভঙা চাউল নাৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়