--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হয়। এইবাৰ এই শুভ তাৰিখ কাইলৈ ​​অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত পৰিছে। পৌৰাণিক বিশ্বাস অনুসৰি এই শুভ তাৰিখত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ হয়। লগতে ভগৱান শিৱ প্ৰথমবাৰৰ বাবে জ্যোতিৰ্লিংগ ৰূপত আবিৰ্ভাৱ হয়। মহাশিৱৰাত্ৰীৰ পূজাৰ সময়ত কিছুমান ভুল কেতিয়াও কৰিব নালাগে। এই ভুল কৰিলে ৰুষ্ট হয় মহাদেৱ।

১) শংখ ব্যৱহাৰ নকৰিবঃ মহাশিৱৰাত্ৰিৰ দিনা শংখ ব্যৱহাৰ নকৰিব। পৌৰাণিক কাহিনী অনুসৰি ভগৱান শিৱই শংখচূৰ নামৰ এটা অসুৰক হত্যা কৰিছিল, যাৰ বাবে শংখ ব্যৱহাৰ কৰিব নালাগে। ভগৱান শিৱৰ পূজাত শংখ ৰখাটো নিষিদ্ধ বুলি কোৱা হয়।

২) প্ৰদক্ষিণঃ মহাশিৱৰাত্ৰিৰ পূজাৰ পিছত শিৱলিংগৰ সম্পূৰ্ণ প্ৰদক্ষিণ নকৰিব। লিংগ পুৰাণ আৰু শিৱ পুৰাণত কোৱাৰ দৰে শিৱলিংগৰ প্ৰদক্ষিণ সদায় আধালৈকে কৰা হয়। প্ৰদক্ষিনৰ আধা অংশ চন্দ্ৰমাৰ পৰিক্ৰম বুলি কোৱা হয়।

৩) বেলপাত আগবঢ়োৱাৰ সময়ত এই কথা মনত ৰাখিবঃ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত বেলপাত আগবঢ়োৱাৰ সময়ত সদায় মনত ৰাখিব যে বেলপাত ফটা হ’ব নালাগে, বেলপাতত তিনিটা পাত সম্পূৰ্ণ থাকিব লাগে। 

৪) শিৱলিংগত এইবোৰ বস্তু আগবঢ়াব নালাগেঃ শিৱক পূজা কৰাৰ সময়ত হালধি নিদিব, কিন্তু হালধীয়া চন্দন অৰ্পণ কৰিব পাৰে। হালধিৰ লগতে সেন্দুৰ আৰু ৰংগোলীৰ ৰং আগবঢ়াব নালাগে। 

৫) এই ফুলবোৰ শিৱলিংগত নিবেদন নকৰিবঃ মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ পূজাত তুলসী পাত, কেতকি, পদুম ফুল নিবেদন কৰা নহয়। এই কামটো শিৱপুৰাণত নিষিদ্ধ বুলি কোৱা হৈছে। সেইবাবেই মনত ৰাখিব যে এইবোৰ বস্তু পূজাৰ থালত থাকিব নালাগে। ইয়াৰ পৰিবৰ্তে বেলপাত, ভাং আৰু ধতুৰা ইত্যাদি আগবঢ়াব পাৰে।

৬) অক্ষত চাউল ৰাখিবঃ মহাশিৱৰাত্ৰিৰ পূজাত ব্যৱহাৰ কৰা চাউল অক্ষত অৱস্থাত থাকিব লাগে। ভঙা-চিঙা চাউল ব্যৱহাৰ কৰিব নালাগে।পূজাৰ থালত ভঙা চাউল নাৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ