--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; পুনৰ বৰষুণৰ বাবে স্থগিত হ’ল ভাৰত বনাম পাকিস্তানৰ মেচ৷

চলিত এছিয়া কাপত ভাৰত বনাম পাকিস্তানৰ মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে বিশ্বৰ ক্ৰিকেট অনুৰাগী৷ ভাৰততো বৃদ্ধি পাইছে উৎকণ্ঠা৷

কিন্তু, এবাৰ নহয় দুবাৰকৈ বৰষুণৰ বাবে পৰিত্যক্ত হৈ ৰ’ল মেচ৷ আয়োজকৰ অদূৰদৰ্শীতা আৰু ভুল পৰিকল্পনাই হতাশ কৰিছে খেলুৱৈসকলকো৷ 

দুবাৰকৈ হোৱা এনে খামখেয়ালিৰ বাবে এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতি জয় শ্বাহ সমালোচনাৰ সন্মুখীন হৈছে৷ ক্ৰিকেটৰ সৈতে দূৰ-দূৰণিলৈ সম্পৰ্ক নথকা একাংশ লোকক ভাৰতৰ ক্ৰিকেটনিয়ন্তা পতাৰো অভিযোগ নতুন নহয়৷ বৰষুণৰ অধিক সম্ভাৱনা থকা এই সময়ত শ্ৰীলংকাত ভাৰত-পাকৰ খেল অনুষ্ঠিত কৰা বিষয়টোত আয়োজকৰ ভুল পৰিকল্পনা বুলিও বিভিন্নজনে অভিযোগ কৰিছে৷

শেহতীয়া খবৰ অনুসৰি, আজি বাতিল হোৱা খেলখনৰ সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব৷ ভাৰতে ২৪.১ অভাৰত ২টা উইকেট হেৰুৱাই ১৪৭ ৰাণ সংগ্ৰহ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু