--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ মাটিত আজু পুনৰ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট দল দুটা। আজি বিয়লি তিনি বজাত কলম্বোত অনুষ্ঠিত হ’ব এছিয়া কাপ ছুপাৰ ফ’ৰৰ মেছ। ইপিনে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত কে এল ৰাহুল ভাৰতীয় দললৈ উভতি আহিছে। ফলস্বৰূপে ঈশানক পাকিস্তানৰ বিৰুদ্ধে দেখা নাযাব। 

ইয়াৰ পূৰ্বে এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেছত ভাৰত-পাকিস্তানৰ খেল খন বৰষুণৰ বাবে বিঘ্নিত হৈছিল। বৰষুণৰ বাবে ভাৰত আৰু পাকিস্তানে পইণ্ট ভাগ বতৰা কৰিবলগীয়া হৈছিল। দুয়োটা দলে এটা কৈ পইণ্ট লাভ কৰিছিল।  ভাৰত-পাকিস্তানৰ আজিৰ খেল খন সেয়ে দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। খেলখনকলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজতো উৎকণ্ঠাৰ অন্ত নাই।  কাৰণ অনুৰাগীসকলে এই খেলখনৰ বাবেই দীঘলীয়া সময় অপেক্ষা কৰিছে। অৱশেষত বৰষুণৰ আশংকাৰ মাজতে ভাৰত আৰু পাকিস্তান দেওবাৰে এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ত মিলিত হ'ব। ছুপাৰ ফ’ৰত দুয়োখন দেশৰ মাজত হোৱা যুঁজ চাবলৈ সমগ্ৰ ক্ৰিকেট জগত ব্যাকুল হৈ পৰিছে।

ইপিনে আজি পুৱাৰে পৰা কলম্বোৰ আকাশ ফৰকাল হৈ থকা দেখা গৈছে। কিন্তু সাগৰৰ মহিমা বুজা টান। কোন মুহূৰ্তত আকাশ মেঘে ঢাকি ধৰে তাৰ কোনো ঠিকনা নাই। পাকিস্তানে ইতিমধ্যে  ছুপাৰ ফ’ৰত এখন মেচ খেলিছে, কিন্তু ভাৰতে এতিয়ালৈকে ছুপাৰ ফ’ৰৰ এখনো মেচ খেলা নাই। ফলস্বৰূপে ছুপাৰ ফ’ৰ পৰ্যায়ত আজিৰ খেল খন ৰোহিতৰ প্ৰথমখন খেল হ'বলৈ গৈ আছে। শ্ৰীলংকাৰ বতৰে দুয়োটা দলকে চিন্তিত কৰি তুলিছে। বৰষুণৰ বাবে এছিয়া কাপৰ কেইবাখনো খেল পিছুৱাই দিয়া হৈছে।  তথাপিও দুয়োটা দলে বৰষুণৰ আশংকাক উপেক্ষা কৰি খেলপথাৰত নামিবলৈ ব্যাকুল হৈ পৰিছে।অৱশ্যে আজি পুৱাৰ ভাগত আকাশত অৰুণ দেখাৰ পিছত বহুতৰে মনৰ পৰা বৰুণ দেৱতাৰ চিন্তা কিছু হ’লেও কমিছে।


ইপিনে  কে এল ৰাহুল শ্ৰীলংকালৈ উভতি অহাৰ পিছত ষ্টেণ্ডবাইত থকা সঞ্জু চেমছন ঘৰলৈ উভতি আহিছে। গতিকে ধাৰণা কৰা হৈছে যে ৰাহুলক এই খেলখনত দেখা যাব পাৰে। 

আনহাতে পাকিস্তানদলটোৱে একেৰাহে মেচ জিকাৰ পিছত অধিক আত্মবিশ্বাসী হৈ পৰিছে। পাকিস্তানে  ছুপাৰ ফ’ৰত বাংলাদেশক পৰাস্ত কৰিছে। বাবৰ আজমৰ দলটোৱে  জয়ৰ ধাৰা বজাই ৰাখিব বিচাছে।  পাকিস্তানে  ভাৰতীয় দলটোক  আৰম্ভণিৰে পৰা চাপত ৰাখিব বিচাৰিব বুলি বহুতে ধাৰণা কৰিছে। অৱশ্যে, পাকিস্তানেও ভালদৰে জানে যে ভাৰত কিমান বিপজ্জনক হ'ব পাৰে। 

দুয়োটা দলৰ সম্ভাৱ্য খেলুৱৈসকল-

ভাৰতঃ বিৰাট কোহলী , ৰোহিত শৰ্মা, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

পাকিস্তানঃ ফখৰ জামান, ইমাম-উল-হক, বাবৰ আজম, মহম্মদ ৰিজৱান, ছলমান, ইফতিখাৰ আহমেদ, শাদাব খান, ফাহিম আশ্ৰাফ, শ্বাহিন শ্বাহ আফ্ৰিদি, নাছিম শ্বাহ, হাৰিছ ৰৌফ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক