--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ মাটিত আজু পুনৰ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট দল দুটা। আজি বিয়লি তিনি বজাত কলম্বোত অনুষ্ঠিত হ’ব এছিয়া কাপ ছুপাৰ ফ’ৰৰ মেছ। ইপিনে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত কে এল ৰাহুল ভাৰতীয় দললৈ উভতি আহিছে। ফলস্বৰূপে ঈশানক পাকিস্তানৰ বিৰুদ্ধে দেখা নাযাব। 

ইয়াৰ পূৰ্বে এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ মেছত ভাৰত-পাকিস্তানৰ খেল খন বৰষুণৰ বাবে বিঘ্নিত হৈছিল। বৰষুণৰ বাবে ভাৰত আৰু পাকিস্তানে পইণ্ট ভাগ বতৰা কৰিবলগীয়া হৈছিল। দুয়োটা দলে এটা কৈ পইণ্ট লাভ কৰিছিল।  ভাৰত-পাকিস্তানৰ আজিৰ খেল খন সেয়ে দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। খেলখনকলৈ ক্ৰিকেট অনুৰাগীসকলৰ মাজতো উৎকণ্ঠাৰ অন্ত নাই।  কাৰণ অনুৰাগীসকলে এই খেলখনৰ বাবেই দীঘলীয়া সময় অপেক্ষা কৰিছে। অৱশেষত বৰষুণৰ আশংকাৰ মাজতে ভাৰত আৰু পাকিস্তান দেওবাৰে এছিয়া কাপৰ ছুপাৰ ফ’ৰ পৰ্যায়ত মিলিত হ'ব। ছুপাৰ ফ’ৰত দুয়োখন দেশৰ মাজত হোৱা যুঁজ চাবলৈ সমগ্ৰ ক্ৰিকেট জগত ব্যাকুল হৈ পৰিছে।

ইপিনে আজি পুৱাৰে পৰা কলম্বোৰ আকাশ ফৰকাল হৈ থকা দেখা গৈছে। কিন্তু সাগৰৰ মহিমা বুজা টান। কোন মুহূৰ্তত আকাশ মেঘে ঢাকি ধৰে তাৰ কোনো ঠিকনা নাই। পাকিস্তানে ইতিমধ্যে  ছুপাৰ ফ’ৰত এখন মেচ খেলিছে, কিন্তু ভাৰতে এতিয়ালৈকে ছুপাৰ ফ’ৰৰ এখনো মেচ খেলা নাই। ফলস্বৰূপে ছুপাৰ ফ’ৰ পৰ্যায়ত আজিৰ খেল খন ৰোহিতৰ প্ৰথমখন খেল হ'বলৈ গৈ আছে। শ্ৰীলংকাৰ বতৰে দুয়োটা দলকে চিন্তিত কৰি তুলিছে। বৰষুণৰ বাবে এছিয়া কাপৰ কেইবাখনো খেল পিছুৱাই দিয়া হৈছে।  তথাপিও দুয়োটা দলে বৰষুণৰ আশংকাক উপেক্ষা কৰি খেলপথাৰত নামিবলৈ ব্যাকুল হৈ পৰিছে।অৱশ্যে আজি পুৱাৰ ভাগত আকাশত অৰুণ দেখাৰ পিছত বহুতৰে মনৰ পৰা বৰুণ দেৱতাৰ চিন্তা কিছু হ’লেও কমিছে।


ইপিনে  কে এল ৰাহুল শ্ৰীলংকালৈ উভতি অহাৰ পিছত ষ্টেণ্ডবাইত থকা সঞ্জু চেমছন ঘৰলৈ উভতি আহিছে। গতিকে ধাৰণা কৰা হৈছে যে ৰাহুলক এই খেলখনত দেখা যাব পাৰে। 

আনহাতে পাকিস্তানদলটোৱে একেৰাহে মেচ জিকাৰ পিছত অধিক আত্মবিশ্বাসী হৈ পৰিছে। পাকিস্তানে  ছুপাৰ ফ’ৰত বাংলাদেশক পৰাস্ত কৰিছে। বাবৰ আজমৰ দলটোৱে  জয়ৰ ধাৰা বজাই ৰাখিব বিচাছে।  পাকিস্তানে  ভাৰতীয় দলটোক  আৰম্ভণিৰে পৰা চাপত ৰাখিব বিচাৰিব বুলি বহুতে ধাৰণা কৰিছে। অৱশ্যে, পাকিস্তানেও ভালদৰে জানে যে ভাৰত কিমান বিপজ্জনক হ'ব পাৰে। 

দুয়োটা দলৰ সম্ভাৱ্য খেলুৱৈসকল-

ভাৰতঃ বিৰাট কোহলী , ৰোহিত শৰ্মা, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

পাকিস্তানঃ ফখৰ জামান, ইমাম-উল-হক, বাবৰ আজম, মহম্মদ ৰিজৱান, ছলমান, ইফতিখাৰ আহমেদ, শাদাব খান, ফাহিম আশ্ৰাফ, শ্বাহিন শ্বাহ আফ্ৰিদি, নাছিম শ্বাহ, হাৰিছ ৰৌফ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু