--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজলৰ আজি জন্মদিন। আজি ৪৯ বছৰত ভৰি দিলে কাজলে। আজি তেওঁৰ জীৱনৰ লগত জড়িত কথা কিছুমানে চৰ্চা লাভ কৰিছে। তাৰ ভিতৰত এটা হল বলীউডৰ প্ৰসিদ্ধ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ লগত জড়িত এটা কাহিনী। এটা সময়ত কাজলক লগ পাবৰ বাবে সঞ্জয় লীলা ভাঞ্চালীয়ে হোটেলৰ লবীত ৮ ঘণ্টা অপেক্ষা কৰিবলৈ বাধ্য হৈছিল।

অদমনীয় কাজলে কোনো ধৰণৰ প্ৰট’কল মানি চলা বুলি কেতিয়াও জনা নাযায়। তেওঁ নিজৰ কাম নিজেই কৰে আৰু আনলৈ আশা নকৰে বা তাৰকা মাতৃৰ নাম লৈও সুবিধা লোৱাৰ চেষ্টা নকৰে। 

এটা সময় আছিল যেতিয়া সঞ্জয় লীলা ভাঞ্চালীক কোনেও চিনি পোৱা নাছিল। তেওঁ পৰিচালনাৰ প্ৰথম ছবি খামোছি: দ্য মিউজিকেলৰ বাবে কাষ্টিং কৰি আছিল আৰু কাজল তেওঁৰ প্ৰথম পছন্দ আছিল বোবা-বধিৰ ‘এনি’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ।

নতুন পৰিচালকৰ বাবে কাজলৰ দৰে ডাঙৰ তাৰকাৰ ওচৰলৈ যোৱাটো প্ৰায় অসম্ভৱ আছিল। ভাঞ্চালীয়ে কেনেবাকৈ কাজলৰ মাতৃ ছুপাৰ টেলেণ্টেড তনুজাৰ ওচৰলৈ যাবলৈ সক্ষম হ’ল। অৱশেষত ভাঞ্চালীক কাজলৰ বহুমূলীয়া সময় দিয়া হ’ল তেওঁৰ চিত্ৰনাট্য বৰ্ণনা কৰিবলৈ।

কিন্তু সেয়া মুম্বাইত নহয়। সেই সময়ত কাজলে গুজৰাটৰ ভিতৰুৱা এক স্থানত শ্বুটিং কৰি আছিল আৰু নিৰ্দিষ্ট সময়ত তেওঁৰ হোটেলত লগ কৰিবলৈ কৈছিল। ভাঞ্চালীয়ে বিমান, ৰে’ল আৰু গাড়ীৰ সহায়ত সেই স্থানত উপস্থিত হ’ল। কাজলে তেওঁক হোটেলৰ লবীত কিছু সময় অপেক্ষা কৰিবলৈ ক'লে।

ভাঞ্চালী কাজলৰ বাবে ৰৈ থাকিল। মিনিটবোৰ ঘণ্টালৈ পৰিণত হ’ল। আঠ ঘণ্টাৰ পাছতো ভাঞ্চালী ৰৈ আছিল। অৱশেষত তেওঁ কাজলক ফোন কৰিলে। কাজলে মাথোঁ ক'লে যে তেওঁ পাহৰি গ'ল ভাঞ্চালী ৰৈ থকা কথাটো।

হতাশ হৈ ভাঞ্চালীয়ে সেই স্থান ত্যাগ কৰে সেই ছবিখনৰ প্ৰস্তাৱ মাধুৰী দীক্ষিতক দিয়া হয়। মাধুৰীয়ে মাহৰ পাছত মাহ ধৰি অপেক্ষা কৰালে আৰু অৱশেষত মাধুৰীয়ে কয় যে এই চৰিত্ৰটোত সোমাই পৰিবলৈ তেওঁ আত্মবিশ্বাসী যেন অনুভৱ কৰা নাই।

অৱশেষত মনীষা কৈৰালাই খামোছি: দ্য মিউজিকেলত অভিনয় কৰে। ১৯৯৬ চনত মুক্তি পোৱা ‘খামোছি: দ্য মিউজিকেল’ ছবিখন অভিনেতা নানা পাটেকাৰ, ছলমান খান আৰু অভিনেত্ৰী মনীষা কৈৰালাৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ছবি। সঞ্জয় লীলা ভাঞ্চালীয়ে এই ছবিখনৰ জৰিয়তে পৰিচালক জীৱন আৰম্ভ কৰিছিল। ছবিখনে বক্স অফিচত বিশেষ একো কৰিব নোৱাৰিলেও সেই বছৰৰ সৰ্বাধিক বঁটা বিজয়ী ছবি আছিল। বহু চলচ্চিত্ৰ সমালোচকৰ মতে এই ছবিখনেই আছিল বলীউডৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি।

মনীষাই ‘এনি’ৰ চৰিত্ৰত অভিনয় কৰি ছুপাৰষ্টাৰ হৈ পৰিল। ছবিখনৰ অনবদ্য অভিনয়ৰ বাবে মনীষা কৈৰালাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা আৰু ফিল্ম ক্ৰিটিকছ চয়ছ বঁটা প্ৰদান কৰা হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু