--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী কাজলৰ আজি জন্মদিন। আজি ৪৯ বছৰত ভৰি দিলে কাজলে। আজি তেওঁৰ জীৱনৰ লগত জড়িত কথা কিছুমানে চৰ্চা লাভ কৰিছে। তাৰ ভিতৰত এটা হল বলীউডৰ প্ৰসিদ্ধ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ লগত জড়িত এটা কাহিনী। এটা সময়ত কাজলক লগ পাবৰ বাবে সঞ্জয় লীলা ভাঞ্চালীয়ে হোটেলৰ লবীত ৮ ঘণ্টা অপেক্ষা কৰিবলৈ বাধ্য হৈছিল।

অদমনীয় কাজলে কোনো ধৰণৰ প্ৰট’কল মানি চলা বুলি কেতিয়াও জনা নাযায়। তেওঁ নিজৰ কাম নিজেই কৰে আৰু আনলৈ আশা নকৰে বা তাৰকা মাতৃৰ নাম লৈও সুবিধা লোৱাৰ চেষ্টা নকৰে। 

এটা সময় আছিল যেতিয়া সঞ্জয় লীলা ভাঞ্চালীক কোনেও চিনি পোৱা নাছিল। তেওঁ পৰিচালনাৰ প্ৰথম ছবি খামোছি: দ্য মিউজিকেলৰ বাবে কাষ্টিং কৰি আছিল আৰু কাজল তেওঁৰ প্ৰথম পছন্দ আছিল বোবা-বধিৰ ‘এনি’ৰ চৰিত্ৰত অভিনয় কৰিবলৈ।

নতুন পৰিচালকৰ বাবে কাজলৰ দৰে ডাঙৰ তাৰকাৰ ওচৰলৈ যোৱাটো প্ৰায় অসম্ভৱ আছিল। ভাঞ্চালীয়ে কেনেবাকৈ কাজলৰ মাতৃ ছুপাৰ টেলেণ্টেড তনুজাৰ ওচৰলৈ যাবলৈ সক্ষম হ’ল। অৱশেষত ভাঞ্চালীক কাজলৰ বহুমূলীয়া সময় দিয়া হ’ল তেওঁৰ চিত্ৰনাট্য বৰ্ণনা কৰিবলৈ।

কিন্তু সেয়া মুম্বাইত নহয়। সেই সময়ত কাজলে গুজৰাটৰ ভিতৰুৱা এক স্থানত শ্বুটিং কৰি আছিল আৰু নিৰ্দিষ্ট সময়ত তেওঁৰ হোটেলত লগ কৰিবলৈ কৈছিল। ভাঞ্চালীয়ে বিমান, ৰে’ল আৰু গাড়ীৰ সহায়ত সেই স্থানত উপস্থিত হ’ল। কাজলে তেওঁক হোটেলৰ লবীত কিছু সময় অপেক্ষা কৰিবলৈ ক'লে।

ভাঞ্চালী কাজলৰ বাবে ৰৈ থাকিল। মিনিটবোৰ ঘণ্টালৈ পৰিণত হ’ল। আঠ ঘণ্টাৰ পাছতো ভাঞ্চালী ৰৈ আছিল। অৱশেষত তেওঁ কাজলক ফোন কৰিলে। কাজলে মাথোঁ ক'লে যে তেওঁ পাহৰি গ'ল ভাঞ্চালী ৰৈ থকা কথাটো।

হতাশ হৈ ভাঞ্চালীয়ে সেই স্থান ত্যাগ কৰে সেই ছবিখনৰ প্ৰস্তাৱ মাধুৰী দীক্ষিতক দিয়া হয়। মাধুৰীয়ে মাহৰ পাছত মাহ ধৰি অপেক্ষা কৰালে আৰু অৱশেষত মাধুৰীয়ে কয় যে এই চৰিত্ৰটোত সোমাই পৰিবলৈ তেওঁ আত্মবিশ্বাসী যেন অনুভৱ কৰা নাই।

অৱশেষত মনীষা কৈৰালাই খামোছি: দ্য মিউজিকেলত অভিনয় কৰে। ১৯৯৬ চনত মুক্তি পোৱা ‘খামোছি: দ্য মিউজিকেল’ ছবিখন অভিনেতা নানা পাটেকাৰ, ছলমান খান আৰু অভিনেত্ৰী মনীষা কৈৰালাৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ ছবি। সঞ্জয় লীলা ভাঞ্চালীয়ে এই ছবিখনৰ জৰিয়তে পৰিচালক জীৱন আৰম্ভ কৰিছিল। ছবিখনে বক্স অফিচত বিশেষ একো কৰিব নোৱাৰিলেও সেই বছৰৰ সৰ্বাধিক বঁটা বিজয়ী ছবি আছিল। বহু চলচ্চিত্ৰ সমালোচকৰ মতে এই ছবিখনেই আছিল বলীউডৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ছবি।

মনীষাই ‘এনি’ৰ চৰিত্ৰত অভিনয় কৰি ছুপাৰষ্টাৰ হৈ পৰিল। ছবিখনৰ অনবদ্য অভিনয়ৰ বাবে মনীষা কৈৰালাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা আৰু ফিল্ম ক্ৰিটিকছ চয়ছ বঁটা প্ৰদান কৰা হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক