--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা ফাৰদীন খানে ব্যক্তিগত জীৱনৰ বাবে এইকেইদিন শিৰোনাম দখল কৰি আছে। বিবাহৰ ১৮ বছৰৰ পাছত বিবাহ বিচ্ছেদ কৰিবলৈ ওলাইছে ফাৰদীন খান আৰু পত্নী নাতাশা মাধৱানীয়ে। ফাৰদীন আৰু নাতাশাৰ দুটা সন্তানো আছে। যোৱা এবছৰ ধৰি এই এই দম্পতীয়ে পৃথকে পৃথকে বাস কৰি আছিল আৰু এতিয়া তেওঁলোকে নিজৰ সম্পৰ্ক শেষ কৰিব বিচাৰে। ফাৰদীন আৰু নাতাশাৰ বিচ্ছেদৰ কাৰণটোও চৰ্চালৈ আহিছে। 

প্ৰতিবেদন অনুসৰি, ফাৰদীন খানৰ পৰিয়ালৰ বন্ধুৱে কয় যে যেতিয়া নাতাশা আৰু ফাৰদীনৰ মাজত সন্তানৰ পঢ়া-শুনা সন্দৰ্ভত বিবাদৰ সৃষ্টি হৈছিল তেতিয়া তেওঁলোকৰ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হৈছিল। নাতাশাই নিজৰ সন্তানে ডুবাইত পঢ়াটো বিচাৰিছিল আৰু ফাৰদীনে মুম্বাইত পঢ়াটো বিচাৰিছিল। এনেদৰে দুয়োৰে মাজত বিবাদ বৃদ্ধি পায়। দুয়ো পৃথক হৈ জীৱনটো নতুনকৈ আৰম্ভ কৰাটো ভাল হ’ব বুলি সিদ্ধান্ত লয়।

উল্লেখ্য যে নাতাশা প্ৰবীণ অভিনেত্ৰী মমতাজৰ কন্যা। ২০০৫ চনত নাতাশা আৰু ফাৰদীনে অতি আড়ম্বৰপূৰ্ণ শৈলীত বিবাহপাশত আবদ্ধ হৈছিল। ফিৰোজ খানৰ মৃত্যুৰ পাছৰে পৰা দুয়োৰে মাজৰ দূৰত্ব আহিবলৈ আৰম্ভ কৰিছিল বুলি শুনিবলৈ পোৱা গৈছে।

নাতাশা তেওঁলোকৰ সন্তানৰ সৈতে লণ্ডনত বাস কৰি থকাৰ বিপৰীতে ফাৰদীনে তেওঁৰ মাতৃৰ সৈতে মুম্বাইত আছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক