--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৰে বাবে কাজু বাদাম অতিকৈ প্ৰিয়। আচলতে এই কাজু বাদামৰ মুল্য বেছি হোৱা বাবেহে মানুহে কমকৈ কাজু বাদাম খায়। তাৰ বিপৰীতে কিছুমান খাদ্য প্ৰস্তুত কৰাতহে কাজু ব্যৱহাৰ কৰা হয়। কাজুবাদামক শুকান ফলৰ ৰজা বুলিও কোৱা হয়।কাজু বাদামৰ বহুতো পুষ্টি আৰু ঔষধি গুণ আছে। 

কাজুত এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ইয়াত বিভিন্ন উপাদান যেনে -ভিটামিন আইৰন, ক’পাৰ, কেলচিয়াম, পটেচিয়াম, মেগনেচিয়াম, চিলিয়াম, মেংগানিজ, জিংক, ফাইবাৰ, কেলৰী, খনিজ ধাতব লবন, স্নেহ পদাৰ্থ আদি পোৱা যায়। আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আৰু অপকাৰিতাও আছে। প্ৰথমে কাজু বাদামৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক।

১. সুস্থ দেহৰ কাৰণে খাদ্যৰ সকলো ধৰণৰ পুষ্টি উপাদান থকা আহাৰৰ আমাৰ শৰীৰত প্ৰয়োজন হয়।এই ক্ষেত্ৰত সহজে নাম ল’ব পাৰি কাজু বাদামৰ।কাজুত থকা এলিই এচিড হাৰ্টৰ বাবে বহু উপকাৰী।ইয়াৰ বাহিৰেও কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।আমাৰ শৰীৰত দৈনিক ৩০০ ৰ পৰা ৭৫০ গ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়।যিয়ে হাড়ৰ কাৰণে কেলচিয়াম শোষণত সহায় কৰে।

২. সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে। এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

৩. কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে।আনকি কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে।যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী।খাবলৈ সোৱাদ লগা এই কাজু ভিটামিন আৰু মিনাৰেলৰ অফুৰন্ত ভাণ্ডাৰ।

৪. কাজু খালে চুলিৰ সৌন্দৰ্য বাঢ়ে ,গাৰ চাল সুন্দৰ আৰু মসৃণ হয় । দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।হাড়ৰ গঠন সুদৃঢ় হয় , হাড়ৰ বিষ বেদনা নিৰাময় হয়।

৫. কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন খোৱাৰ দৰে হয় লগতে সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এই শুকান ফলবিধে।ইয়াৰ উপৰিও কাজুৱে মগজুৰ কোষ সুস্থ কৰায়, স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুঃচিন্তা ,অৱসাদ আতৰায়।

৬. কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

৭. কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।লগতে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তাল্পতা ৰোগ প্ৰতিৰোধ কৰে।

কাজু বাদামৰ অপকাৰিতাসমূহ কি?

১. কাজু অধিক মাত্ৰাত খালে পেটৰ অসুখ, হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

২. মাইগ্ৰেইন পেইন অথবা ঘনাই মুৰৰ বিষ হোৱা লোকে এই ফল খোৱা উচিত নহয়।

৩. কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস