--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৰে বাবে কাজু বাদাম অতিকৈ প্ৰিয়। আচলতে এই কাজু বাদামৰ মুল্য বেছি হোৱা বাবেহে মানুহে কমকৈ কাজু বাদাম খায়। তাৰ বিপৰীতে কিছুমান খাদ্য প্ৰস্তুত কৰাতহে কাজু ব্যৱহাৰ কৰা হয়। কাজুবাদামক শুকান ফলৰ ৰজা বুলিও কোৱা হয়।কাজু বাদামৰ বহুতো পুষ্টি আৰু ঔষধি গুণ আছে। 

কাজুত এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ইয়াত বিভিন্ন উপাদান যেনে -ভিটামিন আইৰন, ক’পাৰ, কেলচিয়াম, পটেচিয়াম, মেগনেচিয়াম, চিলিয়াম, মেংগানিজ, জিংক, ফাইবাৰ, কেলৰী, খনিজ ধাতব লবন, স্নেহ পদাৰ্থ আদি পোৱা যায়। আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আৰু অপকাৰিতাও আছে। প্ৰথমে কাজু বাদামৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক।

১. সুস্থ দেহৰ কাৰণে খাদ্যৰ সকলো ধৰণৰ পুষ্টি উপাদান থকা আহাৰৰ আমাৰ শৰীৰত প্ৰয়োজন হয়।এই ক্ষেত্ৰত সহজে নাম ল’ব পাৰি কাজু বাদামৰ।কাজুত থকা এলিই এচিড হাৰ্টৰ বাবে বহু উপকাৰী।ইয়াৰ বাহিৰেও কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।আমাৰ শৰীৰত দৈনিক ৩০০ ৰ পৰা ৭৫০ গ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়।যিয়ে হাড়ৰ কাৰণে কেলচিয়াম শোষণত সহায় কৰে।

২. সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে। এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

৩. কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে।আনকি কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে।যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী।খাবলৈ সোৱাদ লগা এই কাজু ভিটামিন আৰু মিনাৰেলৰ অফুৰন্ত ভাণ্ডাৰ।

৪. কাজু খালে চুলিৰ সৌন্দৰ্য বাঢ়ে ,গাৰ চাল সুন্দৰ আৰু মসৃণ হয় । দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।হাড়ৰ গঠন সুদৃঢ় হয় , হাড়ৰ বিষ বেদনা নিৰাময় হয়।

৫. কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন খোৱাৰ দৰে হয় লগতে সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এই শুকান ফলবিধে।ইয়াৰ উপৰিও কাজুৱে মগজুৰ কোষ সুস্থ কৰায়, স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুঃচিন্তা ,অৱসাদ আতৰায়।

৬. কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

৭. কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।লগতে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তাল্পতা ৰোগ প্ৰতিৰোধ কৰে।

কাজু বাদামৰ অপকাৰিতাসমূহ কি?

১. কাজু অধিক মাত্ৰাত খালে পেটৰ অসুখ, হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।

২. মাইগ্ৰেইন পেইন অথবা ঘনাই মুৰৰ বিষ হোৱা লোকে এই ফল খোৱা উচিত নহয়।

৩. কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়