--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগু মাহ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হয়। মাহ-প্ৰসাদৰ পৰা আৰম্ভ কৰি দাইল, পকৰি, বৰ্ফি, চানা, খিচিৰি আদি বহু প্ৰকাৰে মগুমাহ খাব পাৰি। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। আয়ুৰ্বেদিক চিকিৎসাত গাজী মগুৰ বহু গুণাগুণ আছে। গাজী মগু সদায় খালে কোনো অপকাৰ নকৰে, বৰঞ্চ ই স্বাস্থ্যৰ বাবে অধিক উপকাৰী। গতিকে জানো আহক গাজী মগুৰ খোৱাৰ ৮টা উপকাৰিতা...

১. গাজীমগুত আঁহ, ভিটামিন-ই, শৰ্কৰা, প্ৰটিনৰ দৰে পোষক দ্ৰব্য থাকে। যাৰ বাবে ই আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

২. গাজী মগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন। গাজী মগুত এনে গুণ থকাৰ বাবে ই মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক নিৰোগী কৰি ৰাখিব পাৰে।

৩. গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিন্য হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আঁহ, শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৪. গৰ্ভৱতীৰ বাবে গাজীমগু যথেষ্ট উপকাৰী। গৰ্ভৱতীয়ে গাজীমগু খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে, প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, সন্তান প্ৰসৱ স্বাভাৱিকভাৱে হয়, প্ৰসৱ বেদনা কম হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।আৰু ই উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

৫. গাজীমগুত যথেষ্ঠ পৰিমাণে আঁহ থাকে। যাৰ বাবে গাজীমগু খোৱাৰ পিছত ভোক কম হোৱা যেন অনুভৱ হয় আৰু দ্বিতীয়বাৰত অলপ আহাৰ খালেই ভোক গুছে। আৰু এনেদৰে খাদ্যৰ পৰিমাণ কমাত মেদবহুলতা ব্যক্তিৰ শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৬. গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘন আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।

৭. ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়ৱিক আৰু মাংসপেশীৰ বিষৰ দৰে সমস্যাই গা কৰি উঠা দেখা যায়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আছে।

৮. গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। ই পুৰুষ আৰু স্ত্ৰী হৰমন উৎপাদন, নি:সৰণ আৰু সঞ্চালনত প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই হৰমনৰ তাৰতম্য হ'লে মহিলা গৰ্ভৱতী হ'ব নোৱাৰে, ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময় হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়