--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মগু মাহ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে ব্যৱহাৰ হয়। মাহ-প্ৰসাদৰ পৰা আৰম্ভ কৰি দাইল, পকৰি, বৰ্ফি, চানা, খিচিৰি আদি বহু প্ৰকাৰে মগুমাহ খাব পাৰি। বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত মগুমাহ ঔষধ আৰু খাদ্য হিচাপে ব্যৱহৃত হৈ আহিছে। আয়ুৰ্বেদিক চিকিৎসাত গাজী মগুৰ বহু গুণাগুণ আছে। গাজী মগু সদায় খালে কোনো অপকাৰ নকৰে, বৰঞ্চ ই স্বাস্থ্যৰ বাবে অধিক উপকাৰী। গতিকে জানো আহক গাজী মগুৰ খোৱাৰ ৮টা উপকাৰিতা...

১. গাজীমগুত আঁহ, ভিটামিন-ই, শৰ্কৰা, প্ৰটিনৰ দৰে পোষক দ্ৰব্য থাকে। যাৰ বাবে ই আমাৰ শৰীৰৰ পুষ্টিসাধন কৰিব পাৰে।

২. গাজী মগু এন্টিবেক্টেৰিয়েল আৰু এন্টিমাইক্ৰবিয়েল গুণসম্পন্ন। গাজী মগুত এনে গুণ থকাৰ বাবে ই মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক নিৰোগী কৰি ৰাখিব পাৰে।

৩. গাজীমগুৰ বাকলিত যথেষ্ট পৰিমাণে আহ থাকে। সেয়েহে গাজীমগু খালে খাদ্যনলী ভালদৰে পৰিস্কাৰ হয়, শৌচ খোলোচা হয়, শক্তি পোৱা যায়। কোষ্ঠকাঠিনতা আৰু ডায়েবেটিচ ৰোগীৰ কাৰণে উপকাৰী। প্ৰায়েই শৰ্কৰা অভাৱত ডায়েবেটিচ ৰোগীৰ কোষ্ঠকাঠিন্য হোৱা দেখা যায়, গাজীমগুৰ বাকলিত থকা আঁহ, শৰ্কৰাই ডায়েবেটিচ ৰোগীৰ কোনো ধৰণৰ ক্ষতি নকৰে।

৪. গৰ্ভৱতীৰ বাবে গাজীমগু যথেষ্ট উপকাৰী। গৰ্ভৱতীয়ে গাজীমগু খালে গৰ্ভপাত হোৱাৰ সম্ভাৱনা নাথাকে, প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয়, সন্তান প্ৰসৱ স্বাভাৱিকভাৱে হয়, প্ৰসৱ বেদনা কম হয়, স্বাস্থ্যৱান সন্তান জন্ম দিয়াৰ উপৰিও গৰ্ভৱতীৰ সুস্বাস্থ্য অটুট থাকে।আৰু ই উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে।

৫. গাজীমগুত যথেষ্ঠ পৰিমাণে আঁহ থাকে। যাৰ বাবে গাজীমগু খোৱাৰ পিছত ভোক কম হোৱা যেন অনুভৱ হয় আৰু দ্বিতীয়বাৰত অলপ আহাৰ খালেই ভোক গুছে। আৰু এনেদৰে খাদ্যৰ পৰিমাণ কমাত মেদবহুলতা ব্যক্তিৰ শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস পায়।

৬. গাজীমগু খালে চুলিৰ গুৰি শক্তিশালী হোৱা বাবে চুলি সৰাত বাধা দিয়াৰ উপৰিও চুলি ঘন আৰু কলা হোৱাত সহায় কৰে। তাৰোপৰি আঙুলি নখবোৰ অধিক পৰিমাণে সুদৃঢ় আৰু মসৃণ কৰে।

৭. ভিটামিন-ই অভাৱৰ কাৰণে বয়সীয়াল সকলৰ স্নায়ৱিক আৰু মাংসপেশীৰ বিষৰ দৰে সমস্যাই গা কৰি উঠা দেখা যায়। গাজীমগু সদায় কিছুদিন খালে এনেধৰণৰ বিষ নোহোৱা হয়, কাৰণ গাজীমগুৰ গাজত প্ৰচুৰ পৰিমাণে ভিটামিন-ই আছে।

৮. গাজীমগুত থকা প্ৰাকৃতিক ভিটামিন-ই উচ্চমানবিশিষ্ট ভিটামিন। ই পুৰুষ আৰু স্ত্ৰী হৰমন উৎপাদন, নি:সৰণ আৰু সঞ্চালনত প্ৰত্যক্ষ ভাৱে সহায় কৰে। এই হৰমনৰ তাৰতম্য হ'লে মহিলা গৰ্ভৱতী হ'ব নোৱাৰে, ক্লৈবতা আৰু বন্ধ্যাত্ব হয়। গাজীমগু সদায় খালে এই ৰোগ নিৰাময় হয় আৰু মহিলা গৰ্ভৱতী হোৱাত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস