দেশত মেটাবলিজম বা বিপাকীয় ক্ৰিয়াৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাই এক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিশ্ব মধুমেহ দিৱসৰ সৈতে সংগতি ৰিখি প্ৰকাশ পোৱা শেহতীয়া তথ্য অনুসৰি, বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৩.৮৬ কোটি লোক মধুমেহ ৰোগত আক্ৰান্ত হৈও এই বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞ হৈ আছে।
বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, ইমান বৃহৎ পৰিমাণৰ লোকৰ দেহত ৰোগবিধ ধৰা নপৰাৰ ফলত ভৱিষ্যতে তেওঁলোকৰ স্বাস্থ্যত গুৰুতৰ দীৰ্ঘম্যাদী জটিলতাৰ সৃষ্টি হোৱাৰ আশংক্ৰা থাকে। দেশজুৰি এই ৰোগৰ ক্রমবর্ধমান বোজা হ্ৰাস কৰাৰ বাবে সময়মতে ৰোগ নিৰ্ণয় আৰু সঠিক চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
চিকিৎসক সমাজে জনসাধাৰণক নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাবলৈ আৰু জীৱনশৈলীৰ প্ৰতি সচেষ্ট হ’বলৈ বাৰে বাৰে আহ্বান জনাইছে, যিয়ে এই বৰ্ধিত স্বাস্থ্য সংকট প্রতিৰোধ কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।