--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছে (পিআইএ) সংস্থাটোৰ  এগৰাকী কেবিন ক্ৰু সদস্যক নিলম্বন কৰিছে। উক্ত এয়াৰ হোষ্টেছগৰাকীক  কানাডিয়ান কৰ্তৃপক্ষই আন দুজনৰ সৈতে গ্ৰেপ্তাৰ  কৰিছিল। বিখ্যাত পাকিস্তানী গায়ক এজনৰ পৰিয়ালৰ সদস্য বুলি পৰিচয় দিয়া  অভিযুক্ত এয়াৰ হোষ্টেছগৰাকীয়ে বহু কেইখন পাছপোৰ্ট কঢ়িয়াই লৈ ফুৰাৰ  অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। 

পিকে-৭৮৯ত টৰণ্টোত উপস্থিত হোৱাৰ পিছতে  এয়াৰ হোষ্টেছ হিনা ছানীক কানাডিয়ান ইমিগ্ৰেচন বিষয়াসকলে তেওঁৰ সৈতে   বিভিন্ন ব্যক্তিৰ কেইবাখনো পাছপোৰ্ট পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰে। অভিযোগ কৰা হৈছে যে এয়াৰ হোষ্টেছগৰাকীয়ে  তেওঁৰ আইডি ব্যৱহাৰ কৰি নানান সুবিধা লৈছিল। একেখন বিমানত থকা আন দুজন এয়াৰ হোষ্টেচকো সোধা-পোছা কৰা হৈছিল যদিও  অনুসন্ধানৰ পিছত তেওঁলোকক  মুকলি কৰি দিয়া হয়। উল্লেখ্য  আন ব্যক্তিৰ পাছপোৰ্টৰ সৈতে ভ্ৰমণ কৰাটো এক অপৰাধ।


পিআইএৰ মুখপাত্ৰ আব্দুল্লাহ হাফিজ খানে কৈছে যে এয়াৰলাইন মেনেজমেণ্টে কানাডিয়ান কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে আৰু বিষয়টোত তেওঁলোকৰ সৈতে সহযোগিতা কৰিছে। তেওঁ কৈছিল যে কানাডিয়ান কৰ্তৃপক্ষৰ তদন্ত প্ৰতিবেদনৰ পিছত এয়াৰ হোষ্টেছগৰাকীক  নিলম্বিত কৰা হৈছে। হিনা ছানীয়ে কি উদ্দেশ্য লৈ আন বহু লোকৰ পাছপোৰ্ট লগত ৰাখিছিল সেয়া  সংশ্লিষ্ট কৰ্তৃপক্ষই অনুসন্ধান কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক