--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃ্ত্যু হ’ল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰ। ১১৪ বছৰ বয়সত মঙলবাৰে (২ এপ্ৰিল) মৃত্যু হয় বুলি চিকিৎসা বিষয়া আৰু আত্মীয়ই জনায়। ২০২২ চনত পেৰেজে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে প্ৰমাণিত হৈছিল।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, ‘জুয়ান ভিচেণ্টে পেৰেজ মোৰাই ১১৪ বছৰ বয়সত অনন্তকাললৈ গৈছে।’’ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ১১৪ বছৰীয়া লোকজন এল কোব্ৰে চহৰৰ আছিল।

অহা মাহত তেওঁৰ বয়স ১১৫ বছৰ হ’লহেঁতেন। গিনিজৰ তথ্য অনুসৰি ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰেজে আনুষ্ঠানিকভাৱে অভিলেখ গঢ়িছিল, তেতিয়া তেওঁৰ বয়স আছিল ১১২ বছৰ ২৫৩ দিন।

গৱৰ্ণৰ ফ্ৰেডী বাৰ্নালে কয়, “আমাৰ প্ৰিয় জুয়ান ভিচেণ্টে পেৰেজ মোৰা, আজি আমি গভীৰ দুখ আৰু বেদনাৰে আপোনাক বিদায় দিছো, টাচিৰাৰ এজন ব্যক্তিৰ সেই আৰ্কিটাইপক, নম্ৰ, কঠোৰ পৰিশ্ৰমী, শান্তিপূৰ্ণ, পৰিয়াল আৰু পৰম্পৰাৰ প্ৰতি উৎসাহী।”

১৯০৯ চনৰ ২৭ মে’ত এল কোব্ৰে চহৰত জন্মগ্ৰহণ কৰা পেৰেজৰ ১০টা সন্তানৰ ভিতৰত নৱমজন। ১১৪ বছৰীয়া ৰিয়ানে ১১টা সন্তানৰ পিতৃ হোৱাৰ লগতে ৪২ গৰাকী নাতি, ১৮ গৰাকী আজোনাতি আৰু ১২ গৰাকী আজোআজোনাতিৰ জন্ম হোৱা বুলি জানিব পৰা গৈছে। এডিঅ’ফিনা ডেল ৰ’জাৰিয়া গাৰ্চিয়াৰ সৈতে ৬০ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল পেৰেজ। ১৯৯৭ চনত পত্নীৰ বিয়োগ ঘটে।

২০২২ চনত এই অভিলেখ লাভ কৰাৰ সময়ত পেৰেজে তেওঁৰ দীৰ্ঘায়ুৰ কাৰণ “কঠোৰ পৰিশ্ৰম কৰা, ছুটীত জিৰণি লোৱা, সোনকালে শুই থকা, প্ৰতিদিনে এগিলাচ এগাৰ্ডিয়েণ্টে খোৱা, ঈশ্বৰক ভালপোৱা আৰু সদায় তেওঁক হৃদয়ত কঢ়িয়াই নিয়া” বুলি কৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক