--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃ্ত্যু হ’ল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰ। ১১৪ বছৰ বয়সত মঙলবাৰে (২ এপ্ৰিল) মৃত্যু হয় বুলি চিকিৎসা বিষয়া আৰু আত্মীয়ই জনায়। ২০২২ চনত পেৰেজে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে প্ৰমাণিত হৈছিল।

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয় যে, ‘জুয়ান ভিচেণ্টে পেৰেজ মোৰাই ১১৪ বছৰ বয়সত অনন্তকাললৈ গৈছে।’’ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ১১৪ বছৰীয়া লোকজন এল কোব্ৰে চহৰৰ আছিল।

অহা মাহত তেওঁৰ বয়স ১১৫ বছৰ হ’লহেঁতেন। গিনিজৰ তথ্য অনুসৰি ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত পেৰেজে আনুষ্ঠানিকভাৱে অভিলেখ গঢ়িছিল, তেতিয়া তেওঁৰ বয়স আছিল ১১২ বছৰ ২৫৩ দিন।

গৱৰ্ণৰ ফ্ৰেডী বাৰ্নালে কয়, “আমাৰ প্ৰিয় জুয়ান ভিচেণ্টে পেৰেজ মোৰা, আজি আমি গভীৰ দুখ আৰু বেদনাৰে আপোনাক বিদায় দিছো, টাচিৰাৰ এজন ব্যক্তিৰ সেই আৰ্কিটাইপক, নম্ৰ, কঠোৰ পৰিশ্ৰমী, শান্তিপূৰ্ণ, পৰিয়াল আৰু পৰম্পৰাৰ প্ৰতি উৎসাহী।”

১৯০৯ চনৰ ২৭ মে’ত এল কোব্ৰে চহৰত জন্মগ্ৰহণ কৰা পেৰেজৰ ১০টা সন্তানৰ ভিতৰত নৱমজন। ১১৪ বছৰীয়া ৰিয়ানে ১১টা সন্তানৰ পিতৃ হোৱাৰ লগতে ৪২ গৰাকী নাতি, ১৮ গৰাকী আজোনাতি আৰু ১২ গৰাকী আজোআজোনাতিৰ জন্ম হোৱা বুলি জানিব পৰা গৈছে। এডিঅ’ফিনা ডেল ৰ’জাৰিয়া গাৰ্চিয়াৰ সৈতে ৬০ বছৰ ধৰি বিবাহপাশত আবদ্ধ হৈ আছিল পেৰেজ। ১৯৯৭ চনত পত্নীৰ বিয়োগ ঘটে।

২০২২ চনত এই অভিলেখ লাভ কৰাৰ সময়ত পেৰেজে তেওঁৰ দীৰ্ঘায়ুৰ কাৰণ “কঠোৰ পৰিশ্ৰম কৰা, ছুটীত জিৰণি লোৱা, সোনকালে শুই থকা, প্ৰতিদিনে এগিলাচ এগাৰ্ডিয়েণ্টে খোৱা, ঈশ্বৰক ভালপোৱা আৰু সদায় তেওঁক হৃদয়ত কঢ়িয়াই নিয়া” বুলি কৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস