--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল .ডেস্কঃ প্ৰতি বছৰে পৰ্যটকসকল ছিকিমত ভিৰ কৰে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংগাৰ লগতে অন্যান্য বৰফৰ শৃংগ, ঢৌৱা নদী আৰু বসন্ত, অৰ্কিড আৰু ফুল, ৰঙীন চৰাই, অৰণ্যৰ নিস্তব্ধতাৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ। যদিও সৰু, ছিকিমত ভ্ৰমণ কৰিবলৈ অসংখ্য ঠাই আছে। এটা ভ্ৰমণতে সকলো দেখাটো প্ৰায় অসম্ভৱ। এই ৰাজ্যলৈ বছৰটোৰ ভিতৰতে পৰ্যটকৰ ভিৰ হয়। কিন্তু এই ৰাজ্যলৈ যাত্ৰা কৰাৰ আদৰ্শ সময় ঠিক কি?

মাৰ্চৰ পৰা মে’ মাহলৈকে গ্ৰীষ্মকালত ছিকিম ভ্ৰমণৰ বাবে উত্তম সময়। আৰু যদি আপুনি শীতকালীন ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে আদৰ্শ সময়। মাৰ্চৰ পৰা মে’ মাহলৈকে ছিকিমত বসন্তৰ আমেজ, সুখদায়ক বতৰ, ৰঙীন ফুল য’তেই চাওঁ তাতেই পাব। মাৰ্চৰ শেষৰ পৰা এপ্ৰিললৈকে ৰ’ড’ডেণ্ড্ৰনৰ বতৰ। উজ্জ্বল ৰঙা ফুলৰ সৌন্দৰ্য্য চাবলৈ আপুনি ইউমথাং উপত্যকা আৰু বাৰ্চে ৰ’ড’ডেণ্ড্ৰন অভয়াৰণ্যলৈ যাব পাৰে। বছৰৰ এই সময়ত আকাশ তুলনামূলকভাৱে পৰিষ্কাৰ, গতিকে কাঞ্চনজংগাৰ আভাস পোৱাৰ সম্ভাৱনা সৰ্বাধিক। অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ছিকিমৰ ঠাণ্ডা বতৰ উপভোগ কৰিবলৈ উত্তম সময়। এই সময়ত ছিকিমত বিভিন্ন উৎসৱৰো আয়োজন কৰা হয়। ৰেড পাণ্ডা শীতকালীন উৎসৱ, টেমি চাহ শৰৎ চেৰী উৎসৱ— আৰু বহুত! ইয়াৰ বাহিৰেও বৰফেৰে আগুৰি থকা পাহাৰৰ সৌন্দৰ্য্য দেখি চকু ভৰি পৰিব।

নাথু লা ভ্ৰমণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত বা অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰত সৰ্বোত্তম সময়। এই সময়ছোৱাত নাথু লাৰ উষ্ণতা আৰু বতৰ ভ্ৰমণৰ বাবে আদৰ্শ। আকাশখন পৰিষ্কাৰ, পাহাৰৰ সোৱাদ উপভোগ কৰাৰ বাবে সৰ্বোত্তম।

ভূমিস্খলনৰ আশংকাৰ বাবে বাৰিষা ছিকিম ভ্ৰমণ নকৰাটোৱেই উত্তম। ছিকিমত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰবল বৰষুণ হয়। এই সময়ছোৱাত পাহাৰীয়া পথত যাত্ৰা কৰিলে বিপদৰ আশংকা থাকে। কিন্তু সেই সময়ত হোটেলৰ ভাড়া খুব কম।

ছিকিমলৈ গৈ বৰফ চাব বিচাৰেনে? নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে উত্তম সময়। এই সময়ছোৱাত ছেখৰকাৰৰ উষ্ণতা শূন্য ডিগ্ৰীৰ তললৈ নামি যায়, যাৰ ফলত চাৰিওফাল বৰফেৰে আবৃত হয়। এই সময়ত গুৰুডংমাৰ, চোলামু, চাংগু আদি হ্ৰদ জমা হৈ পৰে। দীঘলীয়া ৰ’পৱেৰ যাত্ৰাৰ পৰা বৰফেৰে আবৃত পাহাৰৰ দৃশ্য উপভোগ কৰিবলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু