--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতি মাহৰ আৰম্ভণিৰ পূৰ্বে বেংক ছুটীৰ তালিকা প্ৰকাশ কৰে। সকলো ৰাজ্যৰ বেংক ছুটী স্থানীয় বিশ্বাস আৰু উৎসৱৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন দিনত হয়। নতুন বিত্তীয় বৰ্ষৰ প্ৰথম মাহ অৰ্থাৎ এপ্ৰিল মাহত আৰম্ভ হৈছে। এপ্ৰিল মাহত মুঠ ১৪ দিন বন্ধ থাকিবলৈ গৈ আছে বেংক। লগতে এপ্ৰিল মাহত ১০ দিন বন্ধ থাকিবলৈ লৈছে শ্বেয়াৰ বজাৰ।

২০২৪ চনৰ এপ্ৰিল মাহত কোনবোৰ দিনত বেংক বন্ধ থাকিব?

১ এপ্ৰিলঃ বিত্তীয় বৰ্ষৰ শেষত বেংক একাউণ্ট বন্ধ হোৱাৰ বাবে ১ এপ্ৰিলত সমগ্ৰ দেশৰ বেংকসমূহত বন্ধৰ দিন আছিল।
৫ এপ্ৰিলঃ হায়দৰাবাদ, তেলেংগানা, জম্মু আৰু শ্ৰীনগৰত বাবু জগজীৱন ৰাম আৰু জুমত জুমতুল-বিদাৰ জন্মদিনৰ বাবে বন্ধ থাকিব বেংক।
৭ এপ্ৰিলঃ দেওবাৰৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
৯ এপ্ৰিল : বেলাপুৰ, বেংগালুৰু, চেন্নাই, হায়দৰাবাদ, ইম্ফল, জম্মু, মুম্বাই, নাগপুৰ, পানাজী আৰু শ্ৰীনগৰত গুডী পদ্ৱা/উগাড়ী উৎসৱ/তেলেগু নৱবৰ্ষ আৰু প্ৰথম নৱৰাত্ৰিৰ বাবে বেংক ছুটী।
১০ এপ্ৰিল : ঈদৰ বাবে কোচি আৰু কেৰালাত বন্ধ থাকিব বেংক।
১১ এপ্ৰিল : ঈদৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
১৩ এপ্ৰিলঃ মাহৰ দ্বিতীয় শনিবাৰৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
১৪ এপ্ৰিলঃ দেওবাৰৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
১৫ এপ্ৰিল : ব’হাগ বিহু আৰু হিমাচল দিৱসৰ বাবে গুৱাহাটী আৰু ছিমলাত বন্ধ থাকিব বেংক।
১৭ এপ্ৰিল : ৰাম নৱমীৰ বাবে আহমেদাবাদ, বেলাপুৰ, ভোপাল, ভুৱনেশ্বৰ, চণ্ডীগড়, ডেৰাডুন, গংটক, হায়দৰাবাদ, জয়পুৰ, কানপুৰ, লক্ষ্ণৌ, পাটনা, ৰাঞ্চি, শিমলা, মুম্বাই আৰু নাগপুৰত বেংক বন্ধ থাকিব। গৰিয়া পজাৰ বাবে আগৰতলাৰ বেংকত বন্ধ থাকিব।
২০ এপ্ৰিল : গৰিয়া পূজাৰ বাবে আগৰতলাত বেংক ছুটী।
২১ এপ্ৰিল : দেওবাৰৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
২৭ এপ্ৰিলঃ চতুৰ্থ শনিবাৰৰ বাবে সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
২৮ এপ্ৰিল : দেওবাৰ হোৱাৰ বাবে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।

কিমান দিন বন্ধ থাকিব ষ্টক মাৰ্কেট?

শনিবাৰ আৰু দেওবাৰে বন্ধ হৈ থাকিব ষ্টক মাৰ্কেট। এপ্ৰিল মাহত মুঠ ৮টা দিন শনিবাৰ আৰু দেওবাৰৰ কাৰণে ষ্টক মাৰ্কেট বন্ধ থাকিব। ইয়াৰ বাহিৰেও ৰাম নৱমী আৰু ৰমজানতো বিএছই-এনএছইত কোনো ধৰণৰ ট্ৰেডিং নহ’ব। এইদৰে শ্বেয়াৰ বজাৰত মুঠ ১০ দিনৰ বাবে বন্ধ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ