--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ প্ৰতিষেধক অভিযানে এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। দেশৰ এশ কোটি লোকক টিকাকৰণ অভিযানেৰে সামৰি লোৱাৰ কথা আৰম্বৰপূৰ্ণভাৱে ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ইয়াকে লৈ দেশবাসীক উদ্দেশ্যি ভাষণো প্ৰদান কৰে। কিন্তু তাৰ পাছতে পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। এশ কোটি লোকক প্ৰতিষেধক প্ৰদানৰ গৰ্বৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছে ঠিকেই কিন্তু তেওঁ জনসাধাৰণৰ আগত অৰ্ধসত্য কথাহে কোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। এজন লোকক দুপালি প্ৰতিষেধক দিয়াৰ পাছতহে সম্পূৰ্ণ টিকাকৰণ কৰা বুলি ধৰা হয়।

কিন্তু এইক্ষেত্ৰত ভাৰত বহু পিছপৰি থকা বুলি অভিযোগ কৰিছে বিৰোধী দল কংগ্ৰেছে। দেশৰ মাত্ৰ ২১ শতাংশ লোককহে সম্পূৰ্ণ টিকাকৰণ কৰা বুলি প্ৰকাশ কৰি কংগ্ৰেছে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে। আনহাতে এই বছৰৰ শেষলৈ চৰকাৰে কিদৰে দেশৰ সকলো প্ৰাপ্তবয়স্কৰে টিকাকৰণ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে সেই বিষয়ে এখন শ্বেতপত্ৰ প্ৰকাশৰো দাবী তোলে কংগ্ৰেছে।


কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে লগতে অভিযোগ কৰে যে, প্ৰধামন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ সময়ত দামবৃদ্ধি, দেশক অস্থিৰ কৰা সন্ত্ৰাসবাদ আদিৰ প্ৰসংগ উত্থাপন নকৰিলে। মোদীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি তেওঁ কয়, কৰ’নাত প্ৰাণহানি হোৱা ৪.৫৩লাখ লোকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ পৰিৱৰ্তে মোদীয়ে উৎসৱ উদযাপনহে কৰিছে। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে দেশত প্ৰত্যাহ্বান সৃষ্টি কৰা বিষয়সমূহৰ ওপৰত কথা ক’ব লাগিছিল। কিন্তু তাৰ সলনি তেওঁ মহোৎসৱহে উদযাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভুলভাৱে বিষয়বোৰ উপস্থাপন কৰিছে আৰু ভুল তথ্য প্ৰকাশ কৰিছে। যাৰ জৰিয়তে তেওঁ দেশবাসীক বিপথে পৰিচালিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আধা ঢাকি ৰাখিহে তথ্যবোৰ প্ৰকাশ কৰিছে। আৰু এই অৰ্ধসত্য অতি বিপদজনক।’


কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, বিগত ছেপ্টেম্বৰ মাহতে চীনে ২১৬কোটি পালি প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ কৰিছে। তদুপৰি চীনে দেশখনৰ ৮০ শতাংশ লোকক দুপালিকৈ প্ৰতিষেধক প্ৰদান কৰিছে যদিও ভাকতে মাত্ৰ ২০ শতাংশ লোকৰহে সম্পূৰ্ণ টিকাকৰণ এতিয়ালৈ কৰিব পাৰিছে। তেওঁ কয়, ‘আমি প্ৰধানমন্ত্ৰীৰ পৰা এইকথা জানিব পাৰিলে সুখী হ’ম যে, তেওঁ কেতিয়া আমাৰ স্কুল আৰু কলেজলৈ যোৱা ল’ৰা-ছোৱালীৰ টিকাকৰণৰ আৰম্ভ কথা ভাবিছে? এইকথা জনালেও সুখী হ’ম যে, তেওঁ কিদৰে ৩১ডিচেম্বৰৰ ভিতৰত তেওঁ কিদৰে দেশৰ সকলো লোকৰে টিকাকৰণ সম্পূৰ্ণ কৰিব? অনুগ্ৰহ কৰি অহা ৭০ দিনৰ ভিতৰত আমি কিদৰে ১০৬কোটি পালি ক’ভিড প্ৰতিষেধক লাভ কৰিম সেই বিষয়ে তেওঁ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক।’
ক’ভিড টিকাকৰণৰ সাফল্য ঘোষণা কৰি উৎফুল্লিত হৈ পৰা মোদী তথা কেন্দ্ৰীয় চৰকাৰক বিৰোধীৰ এই আক্ৰমণে বিব্ৰত কৰি তুলিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক