--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ প্ৰতিষেধক অভিযানে এক নতুন মাইলৰ খুঁটিত উপনীত হৈছে। দেশৰ এশ কোটি লোকক টিকাকৰণ অভিযানেৰে সামৰি লোৱাৰ কথা আৰম্বৰপূৰ্ণভাৱে ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে ইয়াকে লৈ দেশবাসীক উদ্দেশ্যি ভাষণো প্ৰদান কৰে। কিন্তু তাৰ পাছতে পুনৰ সৃষ্টি হৈছে বিতৰ্কৰ। এশ কোটি লোকক প্ৰতিষেধক প্ৰদানৰ গৰ্বৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰিছে ঠিকেই কিন্তু তেওঁ জনসাধাৰণৰ আগত অৰ্ধসত্য কথাহে কোৱা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। এজন লোকক দুপালি প্ৰতিষেধক দিয়াৰ পাছতহে সম্পূৰ্ণ টিকাকৰণ কৰা বুলি ধৰা হয়।

কিন্তু এইক্ষেত্ৰত ভাৰত বহু পিছপৰি থকা বুলি অভিযোগ কৰিছে বিৰোধী দল কংগ্ৰেছে। দেশৰ মাত্ৰ ২১ শতাংশ লোককহে সম্পূৰ্ণ টিকাকৰণ কৰা বুলি প্ৰকাশ কৰি কংগ্ৰেছে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে। আনহাতে এই বছৰৰ শেষলৈ চৰকাৰে কিদৰে দেশৰ সকলো প্ৰাপ্তবয়স্কৰে টিকাকৰণ সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে সেই বিষয়ে এখন শ্বেতপত্ৰ প্ৰকাশৰো দাবী তোলে কংগ্ৰেছে।


কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে লগতে অভিযোগ কৰে যে, প্ৰধামন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ সময়ত দামবৃদ্ধি, দেশক অস্থিৰ কৰা সন্ত্ৰাসবাদ আদিৰ প্ৰসংগ উত্থাপন নকৰিলে। মোদীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি তেওঁ কয়, কৰ’নাত প্ৰাণহানি হোৱা ৪.৫৩লাখ লোকৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ পৰিৱৰ্তে মোদীয়ে উৎসৱ উদযাপনহে কৰিছে। তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোদীয়ে দেশত প্ৰত্যাহ্বান সৃষ্টি কৰা বিষয়সমূহৰ ওপৰত কথা ক’ব লাগিছিল। কিন্তু তাৰ সলনি তেওঁ মহোৎসৱহে উদযাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে ভুলভাৱে বিষয়বোৰ উপস্থাপন কৰিছে আৰু ভুল তথ্য প্ৰকাশ কৰিছে। যাৰ জৰিয়তে তেওঁ দেশবাসীক বিপথে পৰিচালিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আধা ঢাকি ৰাখিহে তথ্যবোৰ প্ৰকাশ কৰিছে। আৰু এই অৰ্ধসত্য অতি বিপদজনক।’


কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয়, বিগত ছেপ্টেম্বৰ মাহতে চীনে ২১৬কোটি পালি প্ৰতিষেধক প্ৰদানৰ কাম সম্পূৰ্ণ কৰিছে। তদুপৰি চীনে দেশখনৰ ৮০ শতাংশ লোকক দুপালিকৈ প্ৰতিষেধক প্ৰদান কৰিছে যদিও ভাকতে মাত্ৰ ২০ শতাংশ লোকৰহে সম্পূৰ্ণ টিকাকৰণ এতিয়ালৈ কৰিব পাৰিছে। তেওঁ কয়, ‘আমি প্ৰধানমন্ত্ৰীৰ পৰা এইকথা জানিব পাৰিলে সুখী হ’ম যে, তেওঁ কেতিয়া আমাৰ স্কুল আৰু কলেজলৈ যোৱা ল’ৰা-ছোৱালীৰ টিকাকৰণৰ আৰম্ভ কথা ভাবিছে? এইকথা জনালেও সুখী হ’ম যে, তেওঁ কিদৰে ৩১ডিচেম্বৰৰ ভিতৰত তেওঁ কিদৰে দেশৰ সকলো লোকৰে টিকাকৰণ সম্পূৰ্ণ কৰিব? অনুগ্ৰহ কৰি অহা ৭০ দিনৰ ভিতৰত আমি কিদৰে ১০৬কোটি পালি ক’ভিড প্ৰতিষেধক লাভ কৰিম সেই বিষয়ে তেওঁ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক।’
ক’ভিড টিকাকৰণৰ সাফল্য ঘোষণা কৰি উৎফুল্লিত হৈ পৰা মোদী তথা কেন্দ্ৰীয় চৰকাৰক বিৰোধীৰ এই আক্ৰমণে বিব্ৰত কৰি তুলিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন