--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি দেশজুৰি এটা বিশেষ শব্দ চৰ্চিত হৈ আছে, সেয়া হল 'দ্য কাশ্মীৰ ফাইলছ'। বলীউডৰ বহু চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিলে গৃহ মন্ত্ৰালয়ে। বিবেক অগ্নিহোত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে। ছবি পৰিচালক অগ্নিহোত্ৰী সমগ্ৰ ভাৰতবৰ্ষতে য'তেই যাব ত'তেই ৮ গৰাকী চি আৰ পি এফ জোৱানে সুৰক্ষা প্ৰদান কৰিব। পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছিল যে ছবিখনৰ মুক্তিৰ পিছত তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহিছিল।

‘Y’ শ্ৰেণীৰ নিৰাপত্তা কি?

‘Y’ শ্ৰেণীত ব্যক্তিজনৰ নিৰাপত্তাত মুঠ ৮ জন সুৰক্ষা কৰ্মী মোতায়েন কৰা হয়। ইয়াত ভিআইপিৰ ঘৰত পাঁচজন সশস্ত্ৰ ষ্টেটিক গাৰ্ড নিয়োগ কৰা হয়। লগতে তিনিটা শ্বিফ্টত তিনিজন পিএছঅ'য়ে সুৰক্ষা প্ৰদান কৰে। দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’-এ। মুক্তিৰ প্রথম দিনতেই বক্স অফিচ কঁপোৱা ব্যৱসায় কৰিছে অনুপম খেৰ, মিঠুন চক্রৱর্তী, দর্শন কুমাৰ আৰু পল্লৱী যোশী অভিনীত এই ছবিয়ে। ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। এই ছবিখন মূলতঃ ১৯৯০ত কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সীমিত প্ৰচাৰ, সীমিত পৰ্দা আৰু ‘ৰাধে শ্যাম’ৰ দৰে এখন চলচ্চিত্ৰৰ প্ৰতিযোগিতাকে ধৰি বহুতো বাধাৰ স্বত্বেও ‘দ্য কাশ্মীৰ ফাইলছ’ বক্স অফিচত বিজয়ী হিচাপে উদীয়মান হৈছে।

পৰিচালক অগ্নিহোত্ৰীয়ে ছবিখনৰ সন্দৰ্ভত কয়, ‘মই এখন সংবেদনশীল চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিলো যাৰ সাৰ্বজনীন গুৰুত্ব আছে। সমগ্ৰ বিশ্বৰ মানুহে এই ছবিখন ভাল পাইছে, এই চলচ্চিত্ৰখনৰ চৰিত্ৰবোৰে প্ৰকাশ কৰা সংবেদনশীলতা আন্তৰ্জাতিক মানদণ্ডৰ। মই সমগ্ৰ বিশ্বক কাশ্মীৰ উপত্যকাত সংঘটিত ঘটনাৰ সত্যতা দেখুৱাব বিচাৰিছিলো।’

'দ্য কাশ্মীৰ ফাইলছ'ত কাশ্মীৰী পণ্ডিতসকলৰ কাহিনী দেখি দৰ্শকসকল আৱেগিক হৈ পৰিছে। এই ছবিখনক লৈ বহুতো বিতৰ্কও আৰম্ভ হৈছে। নেতা-ৰাজনেতাসকলে ছবিখনক লৈ ভিন্ন মন্তব্য কৰাৰ লগতে বহুলোকে এই ছবিখনৰ বিৰোধিতা কৰিছে। এনে পৰিস্থিতিত বিবেক অগ্নিহোত্ৰী আৰু ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল প্ৰশংসা আৰু সমালোচনা দুয়োটা দিশৰে সন্মুখীন হৈছে। আৰু পঢ়কঃ হোলীৰ আনন্দৰ মাজতে পানীত ডুবি প্ৰতীম আৰু কৌশিকৰ মৃত্যু BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু