--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছুদিন ধৰি দেশজুৰি এটা বিশেষ শব্দ চৰ্চিত হৈ আছে, সেয়া হল 'দ্য কাশ্মীৰ ফাইলছ'। বলীউডৰ বহু চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিলে গৃহ মন্ত্ৰালয়ে। বিবেক অগ্নিহোত্ৰীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে গৃহ মন্ত্ৰালয়ে ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰে। ছবি পৰিচালক অগ্নিহোত্ৰী সমগ্ৰ ভাৰতবৰ্ষতে য'তেই যাব ত'তেই ৮ গৰাকী চি আৰ পি এফ জোৱানে সুৰক্ষা প্ৰদান কৰিব। পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে দাবী কৰিছিল যে ছবিখনৰ মুক্তিৰ পিছত তেওঁৰ জীৱনৰ প্ৰতি চৰম ভাবুকি আহিছিল।

‘Y’ শ্ৰেণীৰ নিৰাপত্তা কি?

‘Y’ শ্ৰেণীত ব্যক্তিজনৰ নিৰাপত্তাত মুঠ ৮ জন সুৰক্ষা কৰ্মী মোতায়েন কৰা হয়। ইয়াত ভিআইপিৰ ঘৰত পাঁচজন সশস্ত্ৰ ষ্টেটিক গাৰ্ড নিয়োগ কৰা হয়। লগতে তিনিটা শ্বিফ্টত তিনিজন পিএছঅ'য়ে সুৰক্ষা প্ৰদান কৰে। দেশজুৰি আলোড়ন তুলিবলৈ সক্ষম হৈছে বিবেক অগ্নিহোত্রীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’-এ। মুক্তিৰ প্রথম দিনতেই বক্স অফিচ কঁপোৱা ব্যৱসায় কৰিছে অনুপম খেৰ, মিঠুন চক্রৱর্তী, দর্শন কুমাৰ আৰু পল্লৱী যোশী অভিনীত এই ছবিয়ে। ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ প্রশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়েও। এই ছবিখন মূলতঃ ১৯৯০ত কাশ্মীৰি পণ্ডিতসকলৰ গণহত্যাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। সীমিত প্ৰচাৰ, সীমিত পৰ্দা আৰু ‘ৰাধে শ্যাম’ৰ দৰে এখন চলচ্চিত্ৰৰ প্ৰতিযোগিতাকে ধৰি বহুতো বাধাৰ স্বত্বেও ‘দ্য কাশ্মীৰ ফাইলছ’ বক্স অফিচত বিজয়ী হিচাপে উদীয়মান হৈছে।

পৰিচালক অগ্নিহোত্ৰীয়ে ছবিখনৰ সন্দৰ্ভত কয়, ‘মই এখন সংবেদনশীল চলচ্চিত্ৰ নিৰ্মাণ কৰিব বিচাৰিছিলো যাৰ সাৰ্বজনীন গুৰুত্ব আছে। সমগ্ৰ বিশ্বৰ মানুহে এই ছবিখন ভাল পাইছে, এই চলচ্চিত্ৰখনৰ চৰিত্ৰবোৰে প্ৰকাশ কৰা সংবেদনশীলতা আন্তৰ্জাতিক মানদণ্ডৰ। মই সমগ্ৰ বিশ্বক কাশ্মীৰ উপত্যকাত সংঘটিত ঘটনাৰ সত্যতা দেখুৱাব বিচাৰিছিলো।’

'দ্য কাশ্মীৰ ফাইলছ'ত কাশ্মীৰী পণ্ডিতসকলৰ কাহিনী দেখি দৰ্শকসকল আৱেগিক হৈ পৰিছে। এই ছবিখনক লৈ বহুতো বিতৰ্কও আৰম্ভ হৈছে। নেতা-ৰাজনেতাসকলে ছবিখনক লৈ ভিন্ন মন্তব্য কৰাৰ লগতে বহুলোকে এই ছবিখনৰ বিৰোধিতা কৰিছে। এনে পৰিস্থিতিত বিবেক অগ্নিহোত্ৰী আৰু ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল প্ৰশংসা আৰু সমালোচনা দুয়োটা দিশৰে সন্মুখীন হৈছে। আৰু পঢ়কঃ হোলীৰ আনন্দৰ মাজতে পানীত ডুবি প্ৰতীম আৰু কৌশিকৰ মৃত্যু BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক