--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ৰণবীৰ সিঙৰ শহুৰেকৰ ঘৰত ক্ৰীড়া ব্যক্তিত্বৰে পৰিপূৰ্ণ। শহুৰ প্ৰকাশ পাডুকন হৈছে বিশ্ব খ্যাত বেডমিণ্টন চেম্পিয়ন, খুলশালী আনিশাও গল্ফ খেলাত নিপুণ। ইফালে পত্নী দীপিকা পাডুকনো অভিনয় জগতলৈ অহাৰ আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছিল। সেয়েহে শহুৰেকৰ ঘৰ মানেই হৈছে খেলা আৰু খেলা। ৰণবীৰে কয়, ‘শহুৰৰ ঘৰলৈ গ’লেই এনে এক পৰিস্থিতিৰ উদ্ভৱ হয় যে পত্নী আৰু শহুৰেক সকলোৱে জ্বলাকলা কৰি মাৰে।’ ৰণবীৰ সিঙে শেহতীয়াকৈ এই কথা মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘যেতিয়াই মই পাডুকনৰ ঘৰলৈ যাওঁ, তেওঁলোক সকলোৱে একেলগে বেডমিণ্টন খেলি থাক দেখিবৈ পাওঁ। আনকি ৬৬ বছৰ বয়সতো শহুৰ দেউতাৰ দক্ষতাত আচৰিত হওঁ। চমতকাৰ এনাৰ্জী। আৰু কেতিয়াবা যদি ছন্দত থাকে, তেতিয়া এনে কিছুমান কৌশলী শ্বট খেলে যে আশ্চৰ্যকৰ! জীৱনৰ দৰ্শনৰ বিষয়ে আমাক নিজ সন্তানৰ দৰে যিবোৰ কথা কয় সেইবোৰ বৰ গুৰুত্বপূৰ্ণ। তেওঁ কোৱা প্ৰতিটো কথাই মই ওৰেটো জীৱন মূল্যৱান সম্পদ হিচাপে ধৰি ৰাখিম। ’ ৰণবীৰে লগতে কয়, ‘২০১২চনৰ পৰা দীপিকাৰ সৈতে আছো। আজিলৈকে দীপিকাৰ সৈতে এবাৰো বেডমিণ্টন খেলত জিকিব পৰা নাই। আগতে ৫-১০ পইণ্টত হৰুৱাইছিল। এতিয়া অৱশ্যে মোৰ খেলত অলপ উন্নতি হৈছে। এতিয়া দীপিকাই মোক ১৫-১৬পইণ্টত হৰুৱায়। কিন্তু এবাৰো মই তাইক হৰুৱাব পৰা নাই বেডমিণ্টনত।’ মুঠৰ ওপৰত ৰণবীৰৰ শান্তি নাই। বিয়া নহওতেই শহুৰেকৰ ঘৰত বেডমিণ্টন ক’ৰ্টত ইমূৰৰ পৰা সিমূৰলৈ দৌৰতে নাজল-নাথল অৱস্থা ৰণবীৰৰ। বিয়াৰ পাছত বা কি হয়.....! Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু