--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিজিটেল ডেস্কঃ ৰণবীৰ সিঙৰ শহুৰেকৰ ঘৰত ক্ৰীড়া ব্যক্তিত্বৰে পৰিপূৰ্ণ। শহুৰ প্ৰকাশ পাডুকন হৈছে বিশ্ব খ্যাত বেডমিণ্টন চেম্পিয়ন, খুলশালী আনিশাও গল্ফ খেলাত নিপুণ। ইফালে পত্নী দীপিকা পাডুকনো অভিনয় জগতলৈ অহাৰ আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলুৱৈ হিচাপে খ্যাতি অৰ্জন কৰিছিল। সেয়েহে শহুৰেকৰ ঘৰ মানেই হৈছে খেলা আৰু খেলা। ৰণবীৰে কয়, ‘শহুৰৰ ঘৰলৈ গ’লেই এনে এক পৰিস্থিতিৰ উদ্ভৱ হয় যে পত্নী আৰু শহুৰেক সকলোৱে জ্বলাকলা কৰি মাৰে।’ ৰণবীৰ সিঙে শেহতীয়াকৈ এই কথা মুকলিকৈ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘যেতিয়াই মই পাডুকনৰ ঘৰলৈ যাওঁ, তেওঁলোক সকলোৱে একেলগে বেডমিণ্টন খেলি থাক দেখিবৈ পাওঁ। আনকি ৬৬ বছৰ বয়সতো শহুৰ দেউতাৰ দক্ষতাত আচৰিত হওঁ। চমতকাৰ এনাৰ্জী। আৰু কেতিয়াবা যদি ছন্দত থাকে, তেতিয়া এনে কিছুমান কৌশলী শ্বট খেলে যে আশ্চৰ্যকৰ! জীৱনৰ দৰ্শনৰ বিষয়ে আমাক নিজ সন্তানৰ দৰে যিবোৰ কথা কয় সেইবোৰ বৰ গুৰুত্বপূৰ্ণ। তেওঁ কোৱা প্ৰতিটো কথাই মই ওৰেটো জীৱন মূল্যৱান সম্পদ হিচাপে ধৰি ৰাখিম। ’ ৰণবীৰে লগতে কয়, ‘২০১২চনৰ পৰা দীপিকাৰ সৈতে আছো। আজিলৈকে দীপিকাৰ সৈতে এবাৰো বেডমিণ্টন খেলত জিকিব পৰা নাই। আগতে ৫-১০ পইণ্টত হৰুৱাইছিল। এতিয়া অৱশ্যে মোৰ খেলত অলপ উন্নতি হৈছে। এতিয়া দীপিকাই মোক ১৫-১৬পইণ্টত হৰুৱায়। কিন্তু এবাৰো মই তাইক হৰুৱাব পৰা নাই বেডমিণ্টনত।’ মুঠৰ ওপৰত ৰণবীৰৰ শান্তি নাই। বিয়া নহওতেই শহুৰেকৰ ঘৰত বেডমিণ্টন ক’ৰ্টত ইমূৰৰ পৰা সিমূৰলৈ দৌৰতে নাজল-নাথল অৱস্থা ৰণবীৰৰ। বিয়াৰ পাছত বা কি হয়.....! Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক