ডিজিটেল ডেস্ক : বিগত বৰ্ষৰ ২২ জুলাইতে অজস্র যন্ত্রণা, অভিমান আৰু অপ্রাপ্তিৰ বেদনা বুকুত সামৰি বৰলুইতৰ পাৰতে হেৰাই গৈছিল সকলোৰে মৰমৰ 'ৰমেন দা', বিশিষ্ট শিল্পী ৰমেন বৰুৱা। আজি পর্যন্ত নিৰুদ্দিষ্ট হৈ থকা এবছৰেই হ'লহি, এতিয়াও উকা হৈয়ে থাকিল লতাশিলৰ বিখ্যাত বৰুৱা পৰিয়ালৰ ৰমেন বৰুৱাৰ ঘৰটো।
মঙলবাৰে ৰমেন বৰুৱাৰ অপেক্ষাত ভাগৰি পৰা কণ্ঠশিল্পী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ দ্বীপেন বৰুৱাই কয়, 'মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব। কাৰণ মই এটা ছার্ট কেইবাদিনো পিন্ধিব পাৰোঁ। কিন্তু ৰমেন দাই আজি পিন্ধা পাইজামা-পাঞ্জাবী কাইলৈ নিপিন্ধে। পুৱা পিন্ধাযোৰ গধূলি নিপিন্ধে। সেইজন মানুহ একেযোৰ কাপোৰেৰে কাৰোবাৰ ঘৰত বা জংঘলত থাকিব নোৱাৰে।' বন্ধুৰ দৰে নিজৰ জ্যেষ্ঠ ভাতৃক হেৰুৱাই দ্বীপেন বৰুৱাও যেন আজি ক্লান্ত।
সকলোৰে আশা- শুধ বগা সাজযোৰ পিন্ধি ওলাই যোৱা ৰমেন বৰুৱা আকৌ এই লুইতৰ পাৰেদিয়েই লতাশিলৰ ঘৰলৈ ঘূৰি আহিব, আকৌ সংগীতৰ কথা ক'ব। মঙলবাৰে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা দিনটোতে তেওঁৰ গুণমুগ্ধসকলে আয়োজন কৰে যুগমীয়া শীর্ষক এক সুৰীয়া অনুষ্ঠান।
লতাশিল খেলপথাৰত লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, সদৌ গুৱাহাটী ছাত্র সন্থা আৰু অনুৰাগী সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত মৰমৰ 'ৰমেনদা'ক ঘূৰি আহিবলৈ সুৰীয়া আকুল আহ্বান জনায়।
উৎসঃ দৈনিক জনমভূমি