--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সকলোৰে আশা- শুধ বগা সাজযোৰ পিন্ধি ওলাই যোৱা ৰমেন বৰুৱা আকৌ এই লুইতৰ পাৰেদিয়েই লতাশিলৰ ঘৰলৈ ঘূৰি আহিব, আকৌ সংগীতৰ কথা ক'ব।

ডিজিটেল ডেস্ক : বিগত বৰ্ষৰ ২২ জুলাইতে অজস্র যন্ত্রণা, অভিমান আৰু অপ্রাপ্তিৰ বেদনা বুকুত সামৰি বৰলুইতৰ পাৰতে হেৰাই গৈছিল সকলোৰে মৰমৰ 'ৰমেন দা', বিশিষ্ট শিল্পী ৰমেন বৰুৱা। আজি পর্যন্ত নিৰুদ্দিষ্ট হৈ থকা এবছৰেই হ'লহি, এতিয়াও উকা হৈয়ে থাকিল লতাশিলৰ বিখ্যাত বৰুৱা পৰিয়ালৰ ৰমেন বৰুৱাৰ ঘৰটো।


মঙলবাৰে ৰমেন বৰুৱাৰ অপেক্ষাত ভাগৰি পৰা কণ্ঠশিল্পী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ দ্বীপেন বৰুৱাই কয়, 'মই নাভাবোঁ ৰমেন দা ঘূৰি আহিব। কাৰণ মই এটা ছার্ট কেইবাদিনো পিন্ধিব পাৰোঁ। কিন্তু ৰমেন দাই আজি পিন্ধা পাইজামা-পাঞ্জাবী কাইলৈ নিপিন্ধে। পুৱা পিন্ধাযোৰ গধূলি নিপিন্ধে। সেইজন মানুহ একেযোৰ কাপোৰেৰে কাৰোবাৰ ঘৰত বা জংঘলত থাকিব নোৱাৰে।' বন্ধুৰ দৰে নিজৰ জ্যেষ্ঠ ভাতৃক হেৰুৱাই দ্বীপেন বৰুৱাও যেন আজি ক্লান্ত।


সকলোৰে আশা- শুধ বগা সাজযোৰ পিন্ধি ওলাই যোৱা ৰমেন বৰুৱা আকৌ এই লুইতৰ পাৰেদিয়েই লতাশিলৰ ঘৰলৈ ঘূৰি আহিব, আকৌ সংগীতৰ কথা ক'ব। মঙলবাৰে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন হোৱাৰ এবছৰ সম্পূৰ্ণ হোৱা দিনটোতে তেওঁৰ গুণমুগ্ধসকলে আয়োজন কৰে যুগমীয়া শীর্ষক এক সুৰীয়া অনুষ্ঠান।


লতাশিল খেলপথাৰত লতাশিল গণেশ মন্দিৰ উন্নয়ন সমিতি, সদৌ গুৱাহাটী ছাত্র সন্থা আৰু অনুৰাগী সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানটোত মৰমৰ 'ৰমেনদা'ক ঘূৰি আহিবলৈ সুৰীয়া আকুল আহ্বান জনায়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ