--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কবীৰ সিং। শ্বাহিদ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ চৰ্চিত ছবি। ছবিখনৰ নাৰী বিৰোধী চৰিত্ৰক লৈ তীব্ৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। অৱশ্যে বক্স অফিচত ছবিখন ছুপাৰহিট হৈ পৰে। এই ছবিখনে ভাৰতত ২৭৮.২৪ কোটি টকা উপাৰ্জন কৰিছিল। বিশ্বজুৰি মুঠ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ৩৭৯ কোটি টকা। যদিও শ্বাহিদে এই ছবিখন কৰিবলৈ ইচ্ছা কৰা নাছিল। 

শেহতীয়াকৈ তেওঁ চলচ্চিত্ৰ জগতত ২০ বছৰ সম্পূৰ্ণ কৰিছে। শ্বাহিদে কয় ‘কবীৰ সিং’ ৰিমেক ছবি। দক্ষিণৰ ছবি ‘অৰ্জুন ৰেড্ডী’ৰ ৰিমেক কবীৰ সিং। প্ৰথমে ‘অৰ্জুন ৰেড্ডী’ চাইছিলো। কোনোবাই সেই ছবিখন মোৰ ঘৰলৈ পঠিয়াইছিল। মনত আছে মোৰ পত্নী মীৰা আৰু মই বহি চিনেমা চাবলৈ আৰম্ভ কৰিছিলো। এই চিনেমাখনে আপুনি কৰিব নলগা সকলো কাম কৰি আছিল। সেই ল'ৰাটোৱে ভাল ল'ৰা এটাই নকৰা সকলো কাম কৰি আছিল। মই ভাবিলোঁ এই ল'ৰাটোৱে কেনেকৈ এইবোৰ কৰিছে।

শ্বাহিদ কাপুৰে কয় যে তেওঁ ‘অৰ্জুন ৰেড্ডী’ক পুনৰ নিৰ্মাণ কৰিব নিবিচাৰে। তেওঁ অনুভৱ কৰিছিল যে সেই চৰিত্ৰত বিজয় দেৱেৰাকোণ্ডাক মানুহে মানি লৈছে। সেয়েহে তেওঁৰ বাবে নতুন কিবা এটা কৰাটো অতি কঠিন হ’ব। পত্নীকো একে কথাই ক’লে। তেতিয়া পত্নী মীৰাই মোৰ ফালে চাই থাকিল। পাঁচ মিনিটৰ পিছত তেওঁ ক’লে, এই ছবিখন আপুনি কৰক, এইখন আপোনাৰ বাবে নিখুঁত ছবি হ’ব। মই সুধিলোঁ, ‘সঁচাকৈয়ে?’ মীৰাই ক’লে যে মানুহে আপোনাক প্ৰেম কাহিনীত চাব বিচাৰে। মানুহে আপোনাক নষ্ট চৰিত্ৰত চাব বিচাৰে। দুয়োটা ইয়াতে আছে। মই তেওঁৰ কথা শুনিলোঁ। পত্নীৰ কথা শুনিয়েই মই 'কবীৰ সিং' কৰিলো আৰু ছবিখন কৰি ভাল লাগিল।

শ্বাহিদে লগতে ‘কবীৰ সিং’ৰ ছিকুৱেলৰ কথাও ক’লে। তেওঁ কয় যে সকলোৱে তেওঁক ‘কবীৰ সিং ২’ কেতিয়া আহিব বুলি সুধি থাকে। কিন্তু সেই ছবিখন কিয় নিৰ্মাণ হ’ব? ল'ৰাটোৱে ছোৱালীজনী পালে। কবীৰে প্ৰেম বিচাৰি পালে। এতিয়া সি কি কৰিব? শ্বাহিদৰ আগন্তুক প্ৰজেক্টত নাই ‘কবীৰ সিং ২’ৰ নাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু