--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কবীৰ সিং। শ্বাহিদ কাপুৰৰ কেৰিয়াৰৰ আটাইতকৈ চৰ্চিত ছবি। ছবিখনৰ নাৰী বিৰোধী চৰিত্ৰক লৈ তীব্ৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল। অৱশ্যে বক্স অফিচত ছবিখন ছুপাৰহিট হৈ পৰে। এই ছবিখনে ভাৰতত ২৭৮.২৪ কোটি টকা উপাৰ্জন কৰিছিল। বিশ্বজুৰি মুঠ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ৩৭৯ কোটি টকা। যদিও শ্বাহিদে এই ছবিখন কৰিবলৈ ইচ্ছা কৰা নাছিল। 

শেহতীয়াকৈ তেওঁ চলচ্চিত্ৰ জগতত ২০ বছৰ সম্পূৰ্ণ কৰিছে। শ্বাহিদে কয় ‘কবীৰ সিং’ ৰিমেক ছবি। দক্ষিণৰ ছবি ‘অৰ্জুন ৰেড্ডী’ৰ ৰিমেক কবীৰ সিং। প্ৰথমে ‘অৰ্জুন ৰেড্ডী’ চাইছিলো। কোনোবাই সেই ছবিখন মোৰ ঘৰলৈ পঠিয়াইছিল। মনত আছে মোৰ পত্নী মীৰা আৰু মই বহি চিনেমা চাবলৈ আৰম্ভ কৰিছিলো। এই চিনেমাখনে আপুনি কৰিব নলগা সকলো কাম কৰি আছিল। সেই ল'ৰাটোৱে ভাল ল'ৰা এটাই নকৰা সকলো কাম কৰি আছিল। মই ভাবিলোঁ এই ল'ৰাটোৱে কেনেকৈ এইবোৰ কৰিছে।

শ্বাহিদ কাপুৰে কয় যে তেওঁ ‘অৰ্জুন ৰেড্ডী’ক পুনৰ নিৰ্মাণ কৰিব নিবিচাৰে। তেওঁ অনুভৱ কৰিছিল যে সেই চৰিত্ৰত বিজয় দেৱেৰাকোণ্ডাক মানুহে মানি লৈছে। সেয়েহে তেওঁৰ বাবে নতুন কিবা এটা কৰাটো অতি কঠিন হ’ব। পত্নীকো একে কথাই ক’লে। তেতিয়া পত্নী মীৰাই মোৰ ফালে চাই থাকিল। পাঁচ মিনিটৰ পিছত তেওঁ ক’লে, এই ছবিখন আপুনি কৰক, এইখন আপোনাৰ বাবে নিখুঁত ছবি হ’ব। মই সুধিলোঁ, ‘সঁচাকৈয়ে?’ মীৰাই ক’লে যে মানুহে আপোনাক প্ৰেম কাহিনীত চাব বিচাৰে। মানুহে আপোনাক নষ্ট চৰিত্ৰত চাব বিচাৰে। দুয়োটা ইয়াতে আছে। মই তেওঁৰ কথা শুনিলোঁ। পত্নীৰ কথা শুনিয়েই মই 'কবীৰ সিং' কৰিলো আৰু ছবিখন কৰি ভাল লাগিল।

শ্বাহিদে লগতে ‘কবীৰ সিং’ৰ ছিকুৱেলৰ কথাও ক’লে। তেওঁ কয় যে সকলোৱে তেওঁক ‘কবীৰ সিং ২’ কেতিয়া আহিব বুলি সুধি থাকে। কিন্তু সেই ছবিখন কিয় নিৰ্মাণ হ’ব? ল'ৰাটোৱে ছোৱালীজনী পালে। কবীৰে প্ৰেম বিচাৰি পালে। এতিয়া সি কি কৰিব? শ্বাহিদৰ আগন্তুক প্ৰজেক্টত নাই ‘কবীৰ সিং ২’ৰ নাম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক