--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডন ৯০ দশকৰ এটা ছুপাৰহিট যুটি আছিল। দুয়োজনে একেলগে বহু জনপ্ৰিয় ছবিত কাম কৰিছিল। প্ৰায় ২০ বছৰৰ পাছত এই ছুপাৰহিট যুটিটোৱে ডাঙৰ পৰ্দাত পুনৰ উভতি আহিবলৈ ওলাইছে। আগন্তুক ছবি ‘ৱেলকাম টু জংগল’ত একেলগে দেখা যাব অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনক। শেহতীয়াকৈ অক্ষয় কুমাৰে এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছে।

অক্ষয় কুমাৰে কয়, ‘আমি (অক্ষয় আৰু ৰবীনা) অতি সোনকালে ‘ৱেলকাম টু জংগল’ চিনেমাৰ শ্বুটিং আৰম্ভ কৰিম। আমি দুয়ো একেলগে বহু হিট ছবি কৰিছো। ছবিখনৰ শ্বুটিঙলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো, বহুদিনৰ মূৰত আমাক একেলগে ডাঙৰ পৰ্দাত দেখিব দৰ্শকে। আপোনালোকক কওঁ যে অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনক শেষবাৰৰ বাবে ২০০৪ চনত মুক্তি পোৱা পুলিচ ফৰ্চ এণ ইনছাইড ষ্ট’ৰী ছবিখনত দেখা গৈছিল।

উল্লেখ্য যে যেতিয়াই আমি ৯০ দশকৰ আটাইতকৈ জনপ্ৰিয় বিষয়বোৰৰ কথা কওঁ তেতিয়াই অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ প্ৰেমৰ কথা নিশ্চিতভাৱে উল্লেখ কৰা হয়। দুয়োজনে ৯০ দশকৰ বহু জনপ্ৰিয় ছবিত একেলগে কাম কৰিছিল। কোৱা হয় যে এই ছবিসমূহৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি গৈছিল। বিষয়টো ইমানেই আগবাঢ়িছিল যে অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ এংগেজমেণ্টো হৈছিল। অৱশ্যে বিয়া হোৱাৰ আগতেই দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। পিছত ২০০১ চনত অক্ষয় কুমাৰে টুইংকল খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৪ চনত ব্যৱসায়ী অনিল থাদানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰবীনা টেণ্ডন।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান