--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডন ৯০ দশকৰ এটা ছুপাৰহিট যুটি আছিল। দুয়োজনে একেলগে বহু জনপ্ৰিয় ছবিত কাম কৰিছিল। প্ৰায় ২০ বছৰৰ পাছত এই ছুপাৰহিট যুটিটোৱে ডাঙৰ পৰ্দাত পুনৰ উভতি আহিবলৈ ওলাইছে। আগন্তুক ছবি ‘ৱেলকাম টু জংগল’ত একেলগে দেখা যাব অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনক। শেহতীয়াকৈ অক্ষয় কুমাৰে এক সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ কৈছে।

অক্ষয় কুমাৰে কয়, ‘আমি (অক্ষয় আৰু ৰবীনা) অতি সোনকালে ‘ৱেলকাম টু জংগল’ চিনেমাৰ শ্বুটিং আৰম্ভ কৰিম। আমি দুয়ো একেলগে বহু হিট ছবি কৰিছো। ছবিখনৰ শ্বুটিঙলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছো, বহুদিনৰ মূৰত আমাক একেলগে ডাঙৰ পৰ্দাত দেখিব দৰ্শকে। আপোনালোকক কওঁ যে অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনক শেষবাৰৰ বাবে ২০০৪ চনত মুক্তি পোৱা পুলিচ ফৰ্চ এণ ইনছাইড ষ্ট’ৰী ছবিখনত দেখা গৈছিল।

উল্লেখ্য যে যেতিয়াই আমি ৯০ দশকৰ আটাইতকৈ জনপ্ৰিয় বিষয়বোৰৰ কথা কওঁ তেতিয়াই অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ প্ৰেমৰ কথা নিশ্চিতভাৱে উল্লেখ কৰা হয়। দুয়োজনে ৯০ দশকৰ বহু জনপ্ৰিয় ছবিত একেলগে কাম কৰিছিল। কোৱা হয় যে এই ছবিসমূহৰ শ্বুটিঙৰ সময়ত দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি গৈছিল। বিষয়টো ইমানেই আগবাঢ়িছিল যে অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ এংগেজমেণ্টো হৈছিল। অৱশ্যে বিয়া হোৱাৰ আগতেই দুয়োৰে মাজত বিচ্ছেদ ঘটিছিল। পিছত ২০০১ চনত অক্ষয় কুমাৰে টুইংকল খান্নাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০০৪ চনত ব্যৱসায়ী অনিল থাদানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰবীনা টেণ্ডন।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক