--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালা চৰকাৰে সাক্ষৰতা কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত কৰা এক পৰীক্ষাত তামিলনাডুৰ থেনিৰ নিৱাসী এগৰাকী ১০৮ বছৰীয়া মহিলাই প্রথম স্থান লাভ কৰি ইতিহাসৰ সৃষ্টি কৰে। 

কমলাকন্নী নামৰ এই মহিলাগৰাকীৰ জন্ম হৈছিল ১৯১৫ চনত। তেওঁ উক্ত পৰীক্ষাত ১০০ৰ ভিতৰত ৯৭ নম্বৰ লাভ কৰে। স্কুলীয়া শিক্ষা আধাতে এৰা কমলাকন্নী আর্থিক অৱস্থা ইমান ভাল নাছিল, সেয়েহে তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে। কম বয়সতে পৰিয়ালৰ সৈতে কেৰালালৈ গুচি অহা কমলাকন্নীয়ে ইলাচীৰ বাগানত কাম কৰিছিল। ইলাচীৰ বাগানত ৮০ বছৰ কাম কৰি পাৰ কৰিলে ।

পৰিয়ালৰ লোকৰ মতে, দৰিদ্ৰতাৰ মাজত বাস কৰাৰ লগতে জীৱনত যথেষ্টখিনি কষ্টৰ সন্মুখীন হোৱা সত্ত্বেও মহিলাগৰাকীয়ে সাক্ষৰ হোৱাৰ নিজৰ হেঁপাহ কেতিয়াও পৰিত্যাগ কৰা নাছিল। তেওঁ তামিল আৰু মালয়ালম বৰ্ণ শিকাৰ বাবে যথেষ্ট কষ্ট কৰিছিল । এতিয়া সাক্ষৰতাৰ পৰীক্ষাত শীর্ষ স্থান লাভ কৰাৰ পাছত পৰিয়ালৰ সদস্যসকলে আনন্দ প্ৰকাশ কৰিছে। আনকি কেৰালা চৰকাৰেও তেওঁক এই কৃতকাৰ্যতাক স্বীকৃতি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ