--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্য কেন্দ্ৰিক বছৰৰ প্ৰথমটো বিৰল মহাজগতিক পৰিঘটনা সংঘটিত হ’ব ২০ এপ্ৰিলত৷ সেই দিনটোতে ১০০ বছৰৰ পিছত মহাকাশত সংঘটিত হ’ব বিৰল হাইব্ৰিড সূৰ্যসগ্ৰহণ ৷ এই হাইব্ৰিড  সূৰ্যগ্ৰহণ অতি বিশেষ সূৰ্যগ্ৰহণ হিচাবে পৰিগণিত হ'ব৷  কিয়নো এই সূৰ্যগ্ৰহণ তিনিটা ৰূপত দেখা যাব।

ইয়াত অন্তৰ্ভুক্ত থাকিব আংশিক, সম্পূৰ্ণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ৷ বিজ্ঞানীসকলে সেয়ে তিনিটা সূৰ্যগ্ৰহণৰ সংমিশ্ৰণ এই সূৰ্যগ্ৰহণক  হাইব্ৰিড সূৰ্যগ্ৰহণ নাম দিছে৷ এই হাইব্ৰিড সূৰ্যগ্ৰহণ ১০০  বছৰৰ মূৰত  কেৱল এবাৰহে হয়। ২০ এপ্ৰিলত সূৰ্যগ্ৰহণ পুৱা ০৭-০৪ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২-২৯ বজাত সমাপ্ত হ'ব। 

কিন্তু  বছৰটোৰ প্ৰথম তথা বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব৷ । সূৰ্যগ্ৰহণ  অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ বিভিন্ন স্থান, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰকে ধৰি বিভিন্ন অঞ্চলত দেখা যাব। যদিও সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াৰ যথেষ্ট গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত আমাৰ চাৰিওফালৰ সকলো বোৰ বস্তুৱেই  প্ৰভাৱান্বিত হয়। ইয়াৰ বাহিৰেও ই  ১২  টা ৰাশি চিহ্নকে প্ৰভাৱান্বিত কৰে বুলি বিশ্বাস কৰা হয়।

কিছুমান ৰাশি চিহ্নৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ শুভ, আনহাতে ই কিছুমান ৰাশি চিহ্নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি জ্যোতিষীসকলে কৈ আহিছে৷ অৱশ্যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব বাবে মহাজাগতিক পৰিঘটনাকলৈ আগ্ৰহীসকল কিছু ব্যথিত হৈ পৰাও দেখা গৈছে৷ ভাৰতত দৃশ্যমান নহ’লেও বিদেশৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে ভাৰীয় বিজ্ঞানীসকলে হাইব্ৰিড সূৰ্যগ্ৰহণকলৈ তথ্যৰ আদান-প্ৰদান কৰিব ৷  ইপিনে জ্যোতিষ শাস্ত্ৰৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ এই দিনটোতে মানুহে কালসৰ্প  দোষৰ দূৰ কৰিবলৈ কেইটামান বিশেষ  পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি বহু প্ৰখ্যাত জ্যোতিষ বিশাৰদে প্ৰকাশ কৰিছে। কাল সৰ্প দোষ নাশ কৰি সুখী জীৱন এটা লাভ কৰিবলৈ  এই দিনটোতে পূৰ্ব পুৰুষৰ শ্ৰাদ্ধ, পিণ্ড দান আৰু তৰ্পন আদি কৰিব পাৰে।  এনে কৰিলে  পিতৃ দোষ আৰু কাল সৰ্প দোষৰ পৰা মুক্তি পাব পাৰিব বুলি জ্যোতিষ বিশাৰদসকলে কৈছে।

জ্যোতিষ বিশাৰদসকলৰ মতে কালসৰ্প  দোষ দূৰ কৰিবলৈ সূৰ্যগ্ৰহণৰ  দিনটোত ভগৱান শিৱক আৰাধনা কৰিব লাগে।  শিৱক গাখীৰ আগবঢ়াই শিৱমন্ত্ৰ জপ কৰিব লাগে।  সূৰ্য গ্ৰহণৰ দিনটোতে শনি জয়ন্তীও  পালন কৰা হয়।

সূৰ্য গ্ৰহণৰ দিনটোত আঁহত গছৰ গুৰিত পানী ঢালিলেও কালসৰ্প দোষ নাশ হ’ব বুলি জ্যোতিষ বিশাৰদসকলে কৈছে।  সন্ধিয়া বেল গছৰ তলত ঘিউৰ চাকি জ্বলাব পাৰিলে সুফল পাব। সূৰ্য গ্ৰহণৰ দিনটোত শনি দেৱতাৰ  ১০ টা নাম  ক্ৰমে হ’ল- কোনাস্থ, পিংগল, বাভৰু, কৃষ্ণ, ৰৌদ্ৰান্তক, যম, সৌৰী, শনৈশচৰ, মাণ্ড আৰু পিপ্পলাদ জপ কৰিলেও কালসৰ্প দোষ নাশ হ’ব বুলি জ্যোতিষ বিশাৰদসকলে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই