--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্য কেন্দ্ৰিক বছৰৰ প্ৰথমটো বিৰল মহাজগতিক পৰিঘটনা সংঘটিত হ’ব ২০ এপ্ৰিলত৷ সেই দিনটোতে ১০০ বছৰৰ পিছত মহাকাশত সংঘটিত হ’ব বিৰল হাইব্ৰিড সূৰ্যসগ্ৰহণ ৷ এই হাইব্ৰিড  সূৰ্যগ্ৰহণ অতি বিশেষ সূৰ্যগ্ৰহণ হিচাবে পৰিগণিত হ'ব৷  কিয়নো এই সূৰ্যগ্ৰহণ তিনিটা ৰূপত দেখা যাব।

ইয়াত অন্তৰ্ভুক্ত থাকিব আংশিক, সম্পূৰ্ণ আৰু বৃত্তাকাৰ সূৰ্যগ্ৰহণ৷ বিজ্ঞানীসকলে সেয়ে তিনিটা সূৰ্যগ্ৰহণৰ সংমিশ্ৰণ এই সূৰ্যগ্ৰহণক  হাইব্ৰিড সূৰ্যগ্ৰহণ নাম দিছে৷ এই হাইব্ৰিড সূৰ্যগ্ৰহণ ১০০  বছৰৰ মূৰত  কেৱল এবাৰহে হয়। ২০ এপ্ৰিলত সূৰ্যগ্ৰহণ পুৱা ০৭-০৪ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২-২৯ বজাত সমাপ্ত হ'ব। 

কিন্তু  বছৰটোৰ প্ৰথম তথা বিৰল সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব৷ । সূৰ্যগ্ৰহণ  অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰ, এছিয়াৰ বিভিন্ন স্থান, এণ্টাৰ্কটিকা আৰু ভাৰত মহাসাগৰকে ধৰি বিভিন্ন অঞ্চলত দেখা যাব। যদিও সূৰ্যগ্ৰহণ এক জ্যোতিৰ্বৈজ্ঞানিক ঘটনা, কিন্তু শাস্ত্ৰ অনুসৰি ইয়াৰ যথেষ্ট গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত আমাৰ চাৰিওফালৰ সকলো বোৰ বস্তুৱেই  প্ৰভাৱান্বিত হয়। ইয়াৰ বাহিৰেও ই  ১২  টা ৰাশি চিহ্নকে প্ৰভাৱান্বিত কৰে বুলি বিশ্বাস কৰা হয়।

কিছুমান ৰাশি চিহ্নৰ ওপৰত সূৰ্যগ্ৰহণৰ প্ৰভাৱ শুভ, আনহাতে ই কিছুমান ৰাশি চিহ্নৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায় বুলি জ্যোতিষীসকলে কৈ আহিছে৷ অৱশ্যে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ’ব বাবে মহাজাগতিক পৰিঘটনাকলৈ আগ্ৰহীসকল কিছু ব্যথিত হৈ পৰাও দেখা গৈছে৷ ভাৰতত দৃশ্যমান নহ’লেও বিদেশৰ গৱেষণা প্ৰতিষ্ঠানৰ সৈতে ভাৰীয় বিজ্ঞানীসকলে হাইব্ৰিড সূৰ্যগ্ৰহণকলৈ তথ্যৰ আদান-প্ৰদান কৰিব ৷  ইপিনে জ্যোতিষ শাস্ত্ৰৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ এই দিনটোতে মানুহে কালসৰ্প  দোষৰ দূৰ কৰিবলৈ কেইটামান বিশেষ  পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি বহু প্ৰখ্যাত জ্যোতিষ বিশাৰদে প্ৰকাশ কৰিছে। কাল সৰ্প দোষ নাশ কৰি সুখী জীৱন এটা লাভ কৰিবলৈ  এই দিনটোতে পূৰ্ব পুৰুষৰ শ্ৰাদ্ধ, পিণ্ড দান আৰু তৰ্পন আদি কৰিব পাৰে।  এনে কৰিলে  পিতৃ দোষ আৰু কাল সৰ্প দোষৰ পৰা মুক্তি পাব পাৰিব বুলি জ্যোতিষ বিশাৰদসকলে কৈছে।

জ্যোতিষ বিশাৰদসকলৰ মতে কালসৰ্প  দোষ দূৰ কৰিবলৈ সূৰ্যগ্ৰহণৰ  দিনটোত ভগৱান শিৱক আৰাধনা কৰিব লাগে।  শিৱক গাখীৰ আগবঢ়াই শিৱমন্ত্ৰ জপ কৰিব লাগে।  সূৰ্য গ্ৰহণৰ দিনটোতে শনি জয়ন্তীও  পালন কৰা হয়।

সূৰ্য গ্ৰহণৰ দিনটোত আঁহত গছৰ গুৰিত পানী ঢালিলেও কালসৰ্প দোষ নাশ হ’ব বুলি জ্যোতিষ বিশাৰদসকলে কৈছে।  সন্ধিয়া বেল গছৰ তলত ঘিউৰ চাকি জ্বলাব পাৰিলে সুফল পাব। সূৰ্য গ্ৰহণৰ দিনটোত শনি দেৱতাৰ  ১০ টা নাম  ক্ৰমে হ’ল- কোনাস্থ, পিংগল, বাভৰু, কৃষ্ণ, ৰৌদ্ৰান্তক, যম, সৌৰী, শনৈশচৰ, মাণ্ড আৰু পিপ্পলাদ জপ কৰিলেও কালসৰ্প দোষ নাশ হ’ব বুলি জ্যোতিষ বিশাৰদসকলে মন্তব্য কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন