--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকৌন বনেগা কৰোড়পতি ১৪ ৰ হট ছিটত হঠাতে আহিল বহিল বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ান। মূৰ তুলি চাই সন্মুখত অভিনেতা কাৰ্তিকক দেখি হতবাক হৈ পৰিল অনুষ্ঠানটো পৰিচালনা কৰা বিগ বি অমিতাভ বচ্চন। অভিনেতাজনকতো অনুষ্ঠানলৈ মতা হোৱা নাছিল, তেন্তে তেওঁ কিয় আহিল! কিন্তু কিছু সময় পিছতে ভুল ভাগিল বিগ বিৰ।

দেখাত অভিনেতা কাৰ্তিকৰ দৰে হ’লেও হট ছিটত আহি বহা প্ৰতিযোগী গৰাকীৰ নাম দৰাচলতে বৈভৱ ৰেখিহে। বৈভৱ ৰেখিৰ সৈতে শ্বুট কৰা খণ্ডটোৰ  এটা প্ৰমো ভিডিঅ' যথেষ্ট ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, অমিতাভক কাৰ্তিক আৰিয়ান সম্পৰ্কীয় এটা প্ৰশ্ন বৈভৱক সোধা দেখা গৈছে।

অমিতাভ বচ্চনৰ গেম শ্ব' কৌন বনেগা কৰোড়পতিৰ নতুন ছিজনত  একাধিক প্ৰতিযোগী উপস্থিত হৈছে। যাৰ বিষয়ে মেগাষ্টাৰজনেও জানি আচৰিত হৈছে। চতুৰ্দশ চিজনৰ শেহতীয়া খণ্ডটোত, এইবাৰ কাৰ্তিক আৰিয়ানৰ দৰে দেখাত বৈভৱক হট ছিটত বহি থকা দেখা যাব। 

ভিডিঅ'টোত বৈভৱক কাৰ্তিক আৰিয়ানৰ দৰেই  দেখা গৈছে।বৈভৱক অমিতাভে বৈভৱক সুধিছিল কাৰ্তিক আৰিয়ানক  বহু মহিলাই অনুসৰণ কৰে, আৰু আপোনাৰ ক্ষেত্ৰতো তেনে হৈছেনে? এই সন্দৰ্ভত বৈভৱে কয় যে তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়।  কিন্তু তেওঁৰ লক্ষ্য ইতিমধ্যে পূৰণ  হৈ গৈছে। এইকথা শুনি তাত উপস্থিত লোকসকলে হাঁহি থকা দেখা গৈছে।

এই প্ৰমো ভিডিঅ'টো চনি টিভিৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা মুকলি কৰা হৈছে। ভিডিঅ’টোৰ শিৰোনাম এনেদৰে  দিয়া হৈছে, 'আমি প্ৰাৰ্থনা কৰোঁ যাতে আপুনি সোনকালে সাত সাগৰ পাৰ হ’ব পাৰে আৰু আপোনাৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰে। '

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক