ডিজিটেল ডেস্ক: বহুতেই ফোন সহজভাৱে ব্যৱহাৰ কৰিবলৈ চাৰ্টৰ জেপত ফোন ৰাখে। কিন্তু হাৰ্টৰ ওচৰত ফোন ৰাখিলে হাৰ্টবিটত কিবা প্ৰভাৱ পৰিব পাৰে নেকি? আজি আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে ফোন আৰু ইয়াক কাষত ৰখাটোও এটা সাধাৰণ কথা। কিছুমানে পেণ্টৰ জেপত ফোন ৰাখে আনহাতে বহুতেই চাৰ্টৰ জেপটো আটাইতকৈ সহজ ঠাই বুলি ভাবে।
বিশেষকৈ বাওঁফালৰ জেপ হৃদয়ৰ অতি ওচৰত থাকে, সেয়েহে ফোনৰ ভাইব্ৰেচন বা ইয়াৰ পৰা ওলোৱা ছিগনেলে হাৰ্টবিট প্ৰভাৱিত কৰিব পাৰে বুলি বহুতেই ভয় কৰে। ছ’চিয়েল মিডিয়াতো এই সন্দৰ্ভত বিভিন্ন ধৰণৰ দাবী দেখা যায়। কিন্তু প্ৰকৃততে এনেকুৱা হয়নে? কাৰ্ডিঅ’লজিষ্ট ডাঃ সমীৰ কুব্বাই এই বিষয়ে তথ্য প্ৰদান কৰিছে।
চাৰ্টৰ জেপত ফোন ৰাখিলে হৃদয়ৰ ওপৰত প্ৰভাৱ পৰে নেকি?
হৃদয়ৰ ওচৰত ফোন ৰখাৰ সন্দৰ্ভত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে ইয়াৰ দ্বাৰা হাৰ্টবিট সলনি হ’ব পাৰে নেকি। ডক্তৰৰ মতে, সাধাৰণতে এনে হোৱাৰ কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই। ফোনে ৰেডিঅ’ফ্ৰিকুৱেন্সি ছিগনেল ব্যৱহাৰ কৰি নেটৱৰ্কৰ সৈতে সংযোগ স্থাপন কৰে। এই ছিগনেলবোৰ নন-আইনাইজিং, অৰ্থাৎ ইয়াত এক্স-ৰে’ৰ দৰে ড’এনএ (DNA)-ক পোনে পোনে ক্ষতি কৰিব পৰা বিকিৰণ নাথাকে।
ফোনৰ ভাইব্ৰেচনৰ বাবে হাৰ্টবিট কিয় অনুভৱ হয়?
কেতিয়াবা জেপত ফোন ভাইব্ৰেট কৰিলে এনে অনুভৱ হ’ব পাৰে যে হৃদয়ৰ ওচৰত কিবা ঘটিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে হাৰ্টবিট সলনি হৈ গৈছে। ডাক্তৰৰ মতে, ভাইব্ৰেচনৰ বাবে সেই অংশৰ সংবেদনশীলতা বেছিকৈ অনুভৱ হ’ব পাৰে। যদি আপুনি আগৰে পৰাই নিজৰ হাৰ্টবিট লৈ চিন্তিত হৈ থাকে বা শৰীৰত হোৱা সৰুসুৰা কথাবোৰত বেছিকৈ গুৰুত্ব দিয়ে, তেন্তে সাধাৰণ স্পন্দনকো বেছিকৈ অনুভৱ হ’ব পাৰে। অৰ্থাৎ প্ৰতিবাৰেই ফোনৰ ভাইব্ৰেচন আৰু হৃদয়ৰ স্পন্দন একেলগে জোৰা উচিত নহয়।
কেনে লোকৰ বাবে ফোন ৰখাত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়?
ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সেইসকল লোকৰ বাবে যাৰ শৰীৰত পেচমেকাৰ বা আন কোনো ইমপ্লান্টেড হাৰ্ট ডিভাইচ লগোৱা আছে। কিছুমান ফোনত থকা শক্তিশালী চুম্বকে এনে ডিভাইচসমূহৰ কাম কৰাৰ প্ৰণালিক প্ৰভাৱিত কৰিব পাৰে। আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনেও (US FDA) এনে লোকসকলক ইমপ্লাণ্টৰ পৰা কমেও ৬ ইঞ্চি অৰ্থাৎ প্ৰায় ১৫ চেণ্টিমিটাৰ দূৰত্বত ফোন ৰখাৰ পৰামৰ্শ দিয়ে। লগতে যি ঠাইত হাৰ্ট ডিভাইচ লগোৱা আছে, সেই ঠাইৰ জেপত ফোন ৰাখিব নালাগে।
পেচমেকাৰ থকাসকলে কি কথা ধ্যান ৰখা উচিত?
যদি কোনো ব্যক্তিৰ শৰীৰত পেচমেকাৰ বা ইমপ্লাণ্টেবল কাৰ্ডিয়াক ডিফিচব্ৰিলেটৰ লগোৱা থাকে, তেতিয়া তেওঁৰ ঠিক ওপৰৰ চাৰ্ট বা জেকেটৰ জেপত ফোন পোনে পোনে ৰখাৰ পৰা বিৰত থাকিব লাগে। ফোন ব্যৱহাৰ কৰাৰ সময়তো শৰীৰৰ সেই অংশৰ পৰা অলপ দূৰত্ব বজাই ৰখাটো ভাল। সাধাৰণ লোকসকলৰ তুলনাত এই লোকসকলৰ বাবে সাৱধানতাৰ কাৰণ ফোনৰ ৰেডিঅ’কৃৱেন্সি বিকিৰণতকৈ ডিভাইচটোত হোৱা মেগনেটিক ইণ্টাৰফাৰেন্সহে বেছি।
ইও এটা কাৰণ হ’ব পাৰে
যদি কেতিয়াবা হঠাতে হৃদয়খনে দ্ৰুতগতিত স্পন্দন অনুভৱ কৰে, তেন্তে লগে লগে ফোনটোক ইয়াৰ কাৰণ বুলি ধৰি লোৱাটো উচিত নহয়। অত্যাধিক চাহ-কফি, মানসিক হেঁচা (stress), কম পৰিমাণে পানী খোৱা, টোপনি সম্পূৰ্ণ নোহোৱা আৰু হৃদস্পন্দনৰ কিছুমান সমস্যাও এনে অভিযোগৰ কাৰণ হৈ পৰিব পাৰে। সেইবাবেই বাৰে বাৰে যদি এনে হৈছে, তেন্তে প্ৰকৃত কাৰণটো জনাটো অধিক গুৰুত্বপূৰ্ণ। বিশেষকৈ যদি স্পন্দনৰ সমস্যাটো বাৰে বাৰে হয়, তেন্তে ডক্তৰৰ পৰামৰ্শ লোৱাটো অধিক প্ৰয়োজনীয়।