--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাল টোপনিৰ বাবে প্ৰতিদিনে একে নিৰ্দিষ্ট সময়তে শোৱা আৰু উঠা উচিত। ইয়াৰ দ্বাৰা শৰীৰৰ বডি ক্লক নিয়ন্ত্ৰিত হৈ থাকে।

ডিজিটেল ডেস্ক: ৰাতি ৭-৮ ঘণ্টা শোৱাৰ পিছতো যদি পুৱা উঠোঁতে ভাগৰ আৰু এলাহ অনুভৱ হয়, তেন্তে ইয়াৰ পিচত কেইবাটাও কাৰণ থাকিব পাৰে। যেনে— বেয়া টোপনিৰ মান, মানসিক চাপ, পানীৰ অভাৱ, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু শৰীৰত পুষ্টিৰ অভাৱ।


আপুনি জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰি পুৱা উঠি নিজকে সতেজ আৰু শক্তিপূৰ্ণ অনুভৱ কৰিব পাৰে। আহক জানো পুৱাৰ ভাগৰ দূৰ কৰিবলৈ কি কৰা উচিত।


পুৱা উঠাৰ পিছত কিয় ভাগৰ অনুভৱ হয়?


ৰাতি বাৰে বাৰে টোপনি ভঙা


কেৱল ৭-৮ ঘণ্টা শোৱাটোৱেই পৰ্যাপ্ত নহয়, বেয়া টোপনিৰ মানৰ বাবেও পুৱা এলাহ অনুভৱ হয়।


শৰীৰত আইৰণ আৰু ভিটামিনৰ অভাৱ


মানসিক চাপ আৰু উদ্বিগ্গত্ৰা


নিশা পলমকৈ লেপটপ বা মোবাইল ব্যৱহাৰ কৰা


শৰীৰত পানীৰ অভাৱ


শোৱা আৰু সাৰপোৱাৰ সময় নিয়মীয়া নোহোৱা


ভাগৰ কেনেকৈ দূৰ কৰিব?


১. সদায় একে সময়তে শোৱক আৰু সাৰ পোৱাৰ চেষ্টা কৰক

ভাল টোপনিৰ বাবে প্ৰতিদিনে একে নিৰ্দিষ্ট সময়তে শোৱা আৰু উঠা উচিত। ইয়াৰ দ্বাৰা শৰীৰৰ বডি ক্লক নিয়ন্ত্ৰিত হৈ থাকে। এনে কৰিলে টোপনিৰ মান ভাল হয় আৰু পুৱা এলাহ বা ভাগৰ অনুভৱ নহয়। ছুটীৰ দিনতো নিজৰ টোপনিৰ সূচী সলনি নকৰিব।


২. পানী খাওক

ৰাতি শোৱাৰ সময়ছোৱাত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে। পুৱা উঠিয়েই ১ৰ পৰা ২ গিলাচ পানী খোৱা উচিত। পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে, যাৰ ফলত মেটাবলিজম সক্ৰিয় হৈ পৰে। আপুনি কুহুমীয়া পানীৰে দিনটোৰ শৰীৰচৰ্যা আৰম্ভ কৰিব পাৰে।


৩. ৰ’দ লওক

প্ৰতিদিনে ১৫ৰ পৰা ২০ মিনিটমান পাতল ৰ’দ লওক। নিয়মীয়াকৈ ৰ’দত বহিলে শৰীৰে ভিটামিন ডি লাভ কৰে। ভিটামিন ডিৰ সহায়ত ৰাতি ভাল টোপনি আহে।


৪. পাতল শাৰীৰিক ব্যায়াম (ৱৰ্কআউট)

পুৱা উঠিয়েই পাতল ব্যায়াম কৰক। উশাহ-নিশাহৰ ব্যায়াম (ব্ৰিদিং এক্সাৰচাইজ) আদি কৰিব পাৰে। এই ব্যায়ামসমূহে শৰীৰত ৰক্ত সঞ্চালন ভাল কৰে, যাৰ ফলতে পেশীৰ টান ভাব কমে আৰু গোটেই দিনটো শৰীৰ সক্ৰিয় হৈ থাকে।


৫. স্বাস্থ্যকৰ পুৱাৰ জলপান (ব্ৰেকফাষ্ট)

পুৱাৰ জলপান বাদ দিব নালাগে। জলপানত প্ৰটিন, ফাইবাৰ আৰু স্বাস্থ্যকৰ ফেট যেনে কণী, ওটছ, দৈ আৰু ফলমূল অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ দ্বাৰা শৰীৰে শক্তি লাভ কৰে আৰু এলাহ ভাবো কমে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু