--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্নীতিবিৰোধী হুংকাৰ প্ৰদান কৰি লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ দুৰ্নীতিবিৰোধী স্থিতিৰে জনতাৰ আস্থাভাজন হ’বলৈ প্ৰয়াস কৰি আহিছে বিজেপিয়ে৷ কিন্তু, সৰিয়হৰ ডুলিতেই ভূত! কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিত উত্থাপন হৈছে ব্যাপক কেলেংকাৰীৰ অভিযোগ৷ 

প্ৰধানমন্ত্ৰী মোদীৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুষ্মান ভাৰত কাৰ্ডৰ নামত দেশত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম৷ সংসদ দাখিল কৰা আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্পৰ্কীয় CAGৰ প্ৰতিবেদনে উন্মোচিত কৰিলে বিজেপিৰ দুৰ্নীতিৰ ক’লা অধ্যায়৷

অবৈধ মোবাইল নাম্বাৰৰ বিপৰীতে দিয়া হৈছে ৭ লাখ ৫০ হাজাৰ আয়ুষ্মান ভাৰত কাৰ্ড। দেশজুৰি হাজাৰ হাজাৰ আয়ুষ্মান ভাৰত কাৰ্ডত ম’বাইল নম্বৰ দিয়া হৈছিল ৯৯৯৯৯৯৯৯৯৯৷ আনহাতে, তামিলনাডুত ৪,৭৬১খন আয়ুষ্মান ভাৰত কাৰ্ড ইচ্ছ্যু কৰা হৈছিল মাত্ৰ ৭খন আধাৰ কাৰ্ডৰ বিপৰীতে।

CAGৰ প্ৰতিবেদনে উন্মোচিত কৰা তথ্য অনুসৰি, ৪০৩জন মৃত ৰোগীৰ বিপৰীতে মোকলাই দিয়া হৈছিল এক কোটিৰো অধিক টকা৷ বাস্তৱ অস্তিত্ব নথকা চিকিৎসালয়ৰ নামতো আদায় দিয়া হৈছে ধন।

অকল এয়াই নহয়, আয়ুষ্মান ভাৰতৰ অধীনস্থ ব্যয়বহুল অস্ত্ৰোপচাৰৰ উপযুক্ত তথ্যও ৰাজহুৱাভাৱে উপলব্ধ নহয়। CAGৰ তথ্য অনুসৰি, মধ্য প্ৰদেশত ৮০০০ৰোগীক এখনতকৈ অধিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২৫খন হাস্পতালে ৮১জন ৰোগীৰ বাবে দুবাৰকৈ ক্লেইম কৰিছিল৷

যেতিয়া আয়ুষ্মান ভাৰত যোজনাৰ ডাটাবেছৰ অডিট আৰম্ভ কৰিছিল CAGএ, তেতিয়াই CAGএ লাভ ৰৰে অনিয়মৰ ইটোৰ পাছত সিটো তথ্য৷ দেশজুৰি বিভিন্ন হাস্পতালত প্ৰায় ৩৪৪৬ এনেকুৱা ৰোগী আছিল, যাৰ চিকিৎসাৰ বাবে হাস্পতালক ৬.৯৭ কোটি টকা আবণ্টন দিয়া হৈছিল। এই আঁচনিৰ জৰিয়তেই এই হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা হোৱা দেখুওৱা হৈছিল। 

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, কেৰালাত এনে ৰোগীৰ সংখ্যা সৰ্বাধিক। ৰাজ্যখনত প্ৰায় ৯৬৬জন এনেকুৱা ৰোগী পোৱা গৈছে, যাক মৃত ঘোষণাৰ পাছতো চলি আছিল চিকিৎসা! তেওঁলোকৰ চিকিৎসাৰ নামত হাস্পতালক আদায় দিয়া হৈছিল ২,৬০,০৯,৭২৩ টকা ৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস