--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুৰ্নীতিবিৰোধী হুংকাৰ প্ৰদান কৰি লালকিল্লাত স্বাধীনতা দিৱসৰ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে৷ দুৰ্নীতিবিৰোধী স্থিতিৰে জনতাৰ আস্থাভাজন হ’বলৈ প্ৰয়াস কৰি আহিছে বিজেপিয়ে৷ কিন্তু, সৰিয়হৰ ডুলিতেই ভূত! কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনিত উত্থাপন হৈছে ব্যাপক কেলেংকাৰীৰ অভিযোগ৷ 

প্ৰধানমন্ত্ৰী মোদীৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ আয়ুষ্মান ভাৰত কাৰ্ডৰ নামত দেশত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম৷ সংসদ দাখিল কৰা আয়ুষ্মান ভাৰত– প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্পৰ্কীয় CAGৰ প্ৰতিবেদনে উন্মোচিত কৰিলে বিজেপিৰ দুৰ্নীতিৰ ক’লা অধ্যায়৷

অবৈধ মোবাইল নাম্বাৰৰ বিপৰীতে দিয়া হৈছে ৭ লাখ ৫০ হাজাৰ আয়ুষ্মান ভাৰত কাৰ্ড। দেশজুৰি হাজাৰ হাজাৰ আয়ুষ্মান ভাৰত কাৰ্ডত ম’বাইল নম্বৰ দিয়া হৈছিল ৯৯৯৯৯৯৯৯৯৯৷ আনহাতে, তামিলনাডুত ৪,৭৬১খন আয়ুষ্মান ভাৰত কাৰ্ড ইচ্ছ্যু কৰা হৈছিল মাত্ৰ ৭খন আধাৰ কাৰ্ডৰ বিপৰীতে।

CAGৰ প্ৰতিবেদনে উন্মোচিত কৰা তথ্য অনুসৰি, ৪০৩জন মৃত ৰোগীৰ বিপৰীতে মোকলাই দিয়া হৈছিল এক কোটিৰো অধিক টকা৷ বাস্তৱ অস্তিত্ব নথকা চিকিৎসালয়ৰ নামতো আদায় দিয়া হৈছে ধন।

অকল এয়াই নহয়, আয়ুষ্মান ভাৰতৰ অধীনস্থ ব্যয়বহুল অস্ত্ৰোপচাৰৰ উপযুক্ত তথ্যও ৰাজহুৱাভাৱে উপলব্ধ নহয়। CAGৰ তথ্য অনুসৰি, মধ্য প্ৰদেশত ৮০০০ৰোগীক এখনতকৈ অধিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২৫খন হাস্পতালে ৮১জন ৰোগীৰ বাবে দুবাৰকৈ ক্লেইম কৰিছিল৷

যেতিয়া আয়ুষ্মান ভাৰত যোজনাৰ ডাটাবেছৰ অডিট আৰম্ভ কৰিছিল CAGএ, তেতিয়াই CAGএ লাভ ৰৰে অনিয়মৰ ইটোৰ পাছত সিটো তথ্য৷ দেশজুৰি বিভিন্ন হাস্পতালত প্ৰায় ৩৪৪৬ এনেকুৱা ৰোগী আছিল, যাৰ চিকিৎসাৰ বাবে হাস্পতালক ৬.৯৭ কোটি টকা আবণ্টন দিয়া হৈছিল। এই আঁচনিৰ জৰিয়তেই এই হাজাৰ হাজাৰ ৰোগীৰ চিকিৎসা হোৱা দেখুওৱা হৈছিল। 

ইণ্ডিয়ান এক্সপ্ৰেছৰ খবৰ অনুসৰি, কেৰালাত এনে ৰোগীৰ সংখ্যা সৰ্বাধিক। ৰাজ্যখনত প্ৰায় ৯৬৬জন এনেকুৱা ৰোগী পোৱা গৈছে, যাক মৃত ঘোষণাৰ পাছতো চলি আছিল চিকিৎসা! তেওঁলোকৰ চিকিৎসাৰ নামত হাস্পতালক আদায় দিয়া হৈছিল ২,৬০,০৯,৭২৩ টকা ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ