--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সকলো ঠাইতেই জনসংখ্যা বৃদ্ধি পাইছে। সেইবাবেই মানুহে বাস কৰাৰ উদ্দেশ্যে ঘৰৰ চাহিদাও বৃদ্ধি পাইছে। এটা সময় আছিল যেতিয়া মানুহে অট্টালিকা নিৰ্মাণ নকৰাকৈয়ে সুন্দৰভাৱে বাস কৰিব পাৰিছিল । কিন্তু এতিয়া জনসংখ্যা বৃদ্ধিৰ লগে লগে অট্টালিকা নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

 বিশেষকৈ নগৰ অঞ্চলত জনসংখ্যাৰ চাহিদা অনুসৰি অট্টালিকা নিৰ্মাণ কৰাটো প্রয়োজনীয় হৈছে। অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু বিধি অনুসৰি যদি নিৰ্মাণ কাৰ্য সম্পন্ন কৰা নহয় তেন্তে নানা ধৰণৰ অশুভ ফলাফলে দেখা দিব পাৰে। বাস্তু বিধি অনুসৰি নিৰ্মাণ নকৰা অট্টালিকাত বাস কৰা লোকসকলে বিভিন্ন ধৰণৰ ৰোগ ব্যাধিকে ধৰি অর্থনাশ, আইনী মোকদমা আদিত জড়িত হৈ পৰিব পাৰে। 

ইয়াত কেইবা মহলীয়া অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বাস্তুই দিয়া কেতবোৰ বিশেষ বিধিৰ বিষয়ে উল্লেখ কৰা হ'ল।অট্টালিকা নিৰ্মাণ কৰা স্থানৰ চাৰিওপিনে কিছু অংশ মুকলিকৈ ৰখা উচিত। চাৰিওপিনে কিছু অংশ মুকলিকৈ ৰখাৰ ক্ষেত্ৰত এক বিশেষ বিধি মানি চলিব লাগিব। উত্তৰ আৰু পূব দিশৰ তুলনাত দক্ষিণ আৰু পশ্চিম অংশত কম মাটি এৰি দিব লাগিব। উত্তৰ আৰু পূব দিশৰ সীমাৰ দেৱালৰ পৰা মূল ঘৰলৈকে যিমান মাটি মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণ আৰু পশ্চিম দিশে কম মাটি মুকলিকৈ ৰাখিব লাগিব।

কেইবামহলীয়া ভৱনৰ পৰা পানী ওলাই যাবৰ বাবে যি নলা থাকিব সেই নলা এনেভাৱে নিৰ্মাণ কৰিব লাগিব যাতে বৰষুণৰ অথবা আন পানী উত্তৰ- পূব, পূব অথবা উত্তৰ দিশে বৈ যায়।

অট্টালিকাৰ নলীনাদ, নাদ আদি উত্তৰ-পূব কোণত স্থাপন কৰিব লাগে । অট্টালিকাৰ ছাদৰ ওপৰত কোনো জলাধাৰ বা টেংকি আদি ৰাখিব লাগিলে দক্ষিণ-পশ্চিম অথবা পশ্চিম দিশটো বাচি ল'ব লাগে।
অট্টালিকাৰ ওপৰলৈ উঠি যোৱা চিৰি দক্ষিণ-পশ্চিম অথবা দক্ষিণ, পশ্চিম দিশে নিৰ্মাণ কৰিব লাগে।
অট্টালিকাৰ চিৰি উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে ।

অট্টালিকাৰ ছেফটি টেংকী উত্তৰ-পূব দিশৰ সলনি উত্তৰ-পশ্চিম দিশত স্থাপন কৰিব লাগে।
অটালিকাৰ ওপৰলৈ উঠি যাব পৰা লিফট দক্ষিণ অথবা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে।
অট্টালিকাৰ বেলকনি উত্তৰ বা পূব দিশে স্থাপন কৰিব লাগে।অট্টালিকাত যদি কোনো ঘৰ ভাৰালৈ দিয়া হয় তেন্তে তেনে ঘৰ দক্ষিণ- পশ্চিম দিশে স্থাপন কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ