--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া সকলো ঠাইতেই জনসংখ্যা বৃদ্ধি পাইছে। সেইবাবেই মানুহে বাস কৰাৰ উদ্দেশ্যে ঘৰৰ চাহিদাও বৃদ্ধি পাইছে। এটা সময় আছিল যেতিয়া মানুহে অট্টালিকা নিৰ্মাণ নকৰাকৈয়ে সুন্দৰভাৱে বাস কৰিব পাৰিছিল । কিন্তু এতিয়া জনসংখ্যা বৃদ্ধিৰ লগে লগে অট্টালিকা নিৰ্মাণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

 বিশেষকৈ নগৰ অঞ্চলত জনসংখ্যাৰ চাহিদা অনুসৰি অট্টালিকা নিৰ্মাণ কৰাটো প্রয়োজনীয় হৈছে। অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বাস্তু বিধি অনুসৰি যদি নিৰ্মাণ কাৰ্য সম্পন্ন কৰা নহয় তেন্তে নানা ধৰণৰ অশুভ ফলাফলে দেখা দিব পাৰে। বাস্তু বিধি অনুসৰি নিৰ্মাণ নকৰা অট্টালিকাত বাস কৰা লোকসকলে বিভিন্ন ধৰণৰ ৰোগ ব্যাধিকে ধৰি অর্থনাশ, আইনী মোকদমা আদিত জড়িত হৈ পৰিব পাৰে। 

ইয়াত কেইবা মহলীয়া অট্টালিকা নিৰ্মাণৰ ক্ষেত্ৰত বাস্তুই দিয়া কেতবোৰ বিশেষ বিধিৰ বিষয়ে উল্লেখ কৰা হ'ল।অট্টালিকা নিৰ্মাণ কৰা স্থানৰ চাৰিওপিনে কিছু অংশ মুকলিকৈ ৰখা উচিত। চাৰিওপিনে কিছু অংশ মুকলিকৈ ৰখাৰ ক্ষেত্ৰত এক বিশেষ বিধি মানি চলিব লাগিব। উত্তৰ আৰু পূব দিশৰ তুলনাত দক্ষিণ আৰু পশ্চিম অংশত কম মাটি এৰি দিব লাগিব। উত্তৰ আৰু পূব দিশৰ সীমাৰ দেৱালৰ পৰা মূল ঘৰলৈকে যিমান মাটি মুকলিকৈ ৰখা হয় তাৰ তুলনাত দক্ষিণ আৰু পশ্চিম দিশে কম মাটি মুকলিকৈ ৰাখিব লাগিব।

কেইবামহলীয়া ভৱনৰ পৰা পানী ওলাই যাবৰ বাবে যি নলা থাকিব সেই নলা এনেভাৱে নিৰ্মাণ কৰিব লাগিব যাতে বৰষুণৰ অথবা আন পানী উত্তৰ- পূব, পূব অথবা উত্তৰ দিশে বৈ যায়।

অট্টালিকাৰ নলীনাদ, নাদ আদি উত্তৰ-পূব কোণত স্থাপন কৰিব লাগে । অট্টালিকাৰ ছাদৰ ওপৰত কোনো জলাধাৰ বা টেংকি আদি ৰাখিব লাগিলে দক্ষিণ-পশ্চিম অথবা পশ্চিম দিশটো বাচি ল'ব লাগে।
অট্টালিকাৰ ওপৰলৈ উঠি যোৱা চিৰি দক্ষিণ-পশ্চিম অথবা দক্ষিণ, পশ্চিম দিশে নিৰ্মাণ কৰিব লাগে।
অট্টালিকাৰ চিৰি উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব নালাগে ।

অট্টালিকাৰ ছেফটি টেংকী উত্তৰ-পূব দিশৰ সলনি উত্তৰ-পশ্চিম দিশত স্থাপন কৰিব লাগে।
অটালিকাৰ ওপৰলৈ উঠি যাব পৰা লিফট দক্ষিণ অথবা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে।
অট্টালিকাৰ বেলকনি উত্তৰ বা পূব দিশে স্থাপন কৰিব লাগে।অট্টালিকাত যদি কোনো ঘৰ ভাৰালৈ দিয়া হয় তেন্তে তেনে ঘৰ দক্ষিণ- পশ্চিম দিশে স্থাপন কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে